জ্যোতি ম্হাপছেকাৰ: Jyoti Mhapsekar(জন্ম প্ৰায় ১৯৫০) এগৰাকী ভাৰতীয় বঁটা বিজয়ী। তেওঁ সমাজকৰ্মী, নাট্যকাৰ আৰু গ্ৰন্থাগাৰিক হিচাপে পৰিচিত। তেওঁ স্ত্ৰী মুক্তি সংঘঠনৰ প্ৰতিষ্ঠাপক আৰু সভাপতি হিচাপে বিশেষভাৱে জনাজাত। তেওঁ সমাজৰ কল্যাণমূলক কামৰ বাবে বিভিন্ন সন্মান লাভ কৰিছে, যাৰ ভিতৰত নাৰী শক্তি পুৰস্কাৰ অন্যতম।
জীৱন
প্ৰায় ১৯৫০ চনৰ ও আগতে জন্ম হোৱা ম্হাপছেকাৰৰ পিতৃ-মাতৃ দুয়োজনেই স্বাধীনতা সংগ্ৰামী আছিল। তেওঁৰ মাকে দুখীয়া লৰা-ছোৱালীৰ বাবে প্ৰতিস্থা কৰাত সহায় কৰা দুখন বিদ্যালয়ত জ্যোতিয়ে শিক্ষা গ্ৰহণ কৰিছিল। কলেজলৈ গৈছিল আৰু তাৰ পৰাই তেওঁ প্ৰাণীবিজ্ঞান আৰু পুথিভঁৰাল বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে১ আৰু পিছলৈ তেওঁ সমাজবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২
১৯৭৫ চনত তেওঁ আন ছয়গৰাকী মহিলাৰ সৈতে স্ত্ৰী মুক্তি সংঘঠন (মহিলা মুক্তি আন্দোলন) প্ৰতিষ্ঠা কৰে।১ ১৯৮৩ চনত তেওঁ মুলগী ঝালি হো নামৰ নাটক এখন লিখিছিল য’ত স্ত্ৰী মুক্তি সংঘঠনে উত্থাপন কৰা বিষয়সমূহৰ তদন্ত কৰিছিল। ইয়াক মাৰাঠী ভাষাত আৰু পিছলৈ আন ভাষাত পৰিবেশন কৰা হৈছিল। নাটকখনে মনোৰঞ্জনৰ সময়ত মহিলাৰ মাধ্যমিক মৰ্যাদাৰ বিষয়টো উত্থাপন কৰিছিল যদিও শিক্ষাৰ বাৰ্তাটো আছিল যে যদি ইয়াক সলনি কৰিবলৈ লোৱা হয় তেন্তে ব্যৱস্থা লোৱাৰ প্ৰয়োজন।৩
২০০১ চনত তেওঁ অশোক ফেলো হয়।১
তেওঁ এগৰাকী প্ৰতিস্থিত নাট্যকাৰ হিচাপে কাম কৰি আহিছে আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় মহিলা নাট্যকাৰ নামেৰে পৰিচিত সংস্থাটোৰ অন্তভুক্ত। তেওঁ এগৰাকী সংগঠক আছিল আৰু ২০০৯ চনৰ নৱেম্বৰ মাহত তেওঁ সেই বছৰৰ আন্তঃৰাষ্ট্ৰীয় বৈঠকৰ আয়োজন কৰা সমিতিৰ সদস্য আছিল।৪
তেওঁ একাডেমী অৱ আৰ্কিটেকচাৰৰ মুখ্য লাইব্ৰেৰিয়ান আছিল যদিও তেওঁৰ অন্যান্য আগ্ৰহৰ ওপৰত মনোনিৱেশ কৰিবলৈ ইয়াৰ পৰা অৱসৰ লয়।২ She became the President of the Stree Mukti Sanghatana.৫ স্ত্ৰী মুক্তি সংঘৰ সভানেত্ৰী হয়। ২০১৬ চনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত নাৰী শক্তিৰ সন্মান লাভ কৰিবলৈ নিৰ্বাচিত হোৱা ম্হাপছেকাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে এই বঁটা প্ৰদান কৰে। সেইদিনা আন চৈধ্যগৰাকী মহিলা আৰু সাতখন প্ৰতিষ্ঠানক সন্মান জনোৱা হয়।৬
বঁটা
২০১৬ চনত ল'ৰিয়েলৰ উইমেন অৱ ৱৰ্থ বঁটাৰ বাবে মনোনীত হৈছিল।৫
তথ্যসূত্ৰ
- ↑ Jyoti Mhapsekar · Ashoka · Everyone a Changemaker. www.ashoka.org
- ↑ (2018). Jyoti Mhapsekar - President - Stree Mukti Sanghatana ( Women's Liberation Organisation). World Sustainable Development Summit 2021
- ↑ Parpart, Jane L.; Rai, Shirin M.; Staudt, Kathleen A. (2003-08-29). Rethinking Empowerment: Gender and Development in a Global/Local World. Routledge. ISBN 978-1-134-47211-6
- ↑ India Hosts 8th International Women Playwrights' Conference.. Registrations Open: www.MumbaiTheatreGuide.com. www.mumbaitheatreguide.com
- ↑ (2016-02-10). Women of Worth: About the Nominee - Jyoti Mhapsekar. Women Of Worth
- ↑ (2016-03-08). Give women freedom to exercise choices at home, workplace: President Pranab Mukherjee. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতি ম্হাপছেকাৰ” প্ৰবন্ধৰ সংশোধন ৬০৪০৬৩ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।