জ্যোতি কিষাঞ্জী আমগে (: Jyoti Kishanji Amge; জন্ম: ১৬ ডিচেম্বৰ ১৯৯৩) গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি বিশ্বৰ আটাইতকৈ কম উচ্চতাৰ মহিলা হিচাপে উল্লেখযোগ্য এগৰাকী ভাৰতীয় অভিনেত্ৰী।১২৩
২০১১ চনৰ ১৬ ডিচেম্বৰত আমগেৰ ১৮ বছৰীয়া জন্মদিনৰ পিছত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে তেওঁক ৬২.৮ চেণ্টিমিটাৰ (২ ফুট ৩⁄৪ ইঞ্চি) উচ্চতাৰে আনুষ্ঠানিকভাৱে বিশ্বৰ আটাইতকৈ চাপৰ মহিলা হিচাপে ঘোষণা কৰে।৪৫ তাইৰ উচ্চতা সীমিত হোৱাৰ কাৰণ হৈছে প্ৰিমৰ্ডিয়েল বামনতা নামৰ জিনীয় বিকাৰ।৬
২০১২ চনত বিশ্বৰ আটাইতকৈ চুটি পুৰুষ নেপালৰ চন্দ্ৰ বাহাদুৰ ডাংগীক লগ পাইছিল। ৫৭ সংখ্যক সংস্কৰণৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে এই যুটিয়ে একেলগে ফ’টো তুছিল।৭
২০২৪ চনৰ ২১ নৱেম্বৰত তেওঁ প্ৰথমবাৰৰ বাবে লণ্ডনৰ চেভয় হোটেলত বিশ্বৰ আটাইতকৈ ওখ জীৱিত মহিলা ৰুমেইছা গেলগীক লগ পায়।৮
সংবাদ মাধ্যমৰ উপস্থিতি
টিও মামুকাৰিৰ সৈতে মিলি আমগে ২০১২ চনত ইটালীৰ চেনেল কেনালে ৫ত লো শ্ব' ডেই ৰেকৰ্ডৰ সহ-আয়োজক আছিল।
২০০৯ চনত বডি শ্বক: টু ফুট টল টিন নামৰ তথ্যচিত্ৰখনত আমগেক অভিনয় কৰোৱা হৈছিল।৪ বিগ বছ ৬ত অতিথি অংশগ্ৰহণকাৰীও আছিল।
২০১৪ চনৰ ১৩ আগষ্টত আমজে আমেৰিকান হৰৰ ষ্ট'ৰী: ফ্ৰিক শ্ব'ৰ চতুৰ্থ ছিজনত অভিনয় কৰে য'ত তেওঁ মা পেটিট৯৪ হিচাপে অভিনয় কৰে যিটো ২০১৪ চনৰ ৮ অক্টোবৰত প্ৰিমিয়াৰ হৈছিল।
তেওঁৰ মোমৰ মূৰ্তিটো ল'নাভালাৰ চেলিব্ৰিটি মোম সংগ্ৰহালয়ত আছে।১০
চলচ্চিত্ৰ পঞ্জী
চলচ্চিত্ৰ আৰু টেলিভিছনত উপস্থিত হোৱাৰ তালিকা (বছৰ, শিৰোনাম, ভূমিকা, টোকাৰে)
- ২০০৯ চনৰ- ছবি-বডি শ্বক, অভিনয়ত আমগে নিজেই- এপিচ'ড: "টু ফুট টল টিন"।
- ২০১২–২০১৩চনৰ ছবি- বিগ বছ ৬ অভিনয়ত আমগে নিজেই- অতিথি হিচাপে উপস্থিত
- ২০১৪–২০১৫চনৰ ছবি আমেৰিকান হৰৰ ষ্ট’ৰী: ফ্ৰিক শ্ব’ মা পেটিট হিচাপে-১২টা খণ্ড
- ২০১৮চনৰ ছবি মাথাৰাম — চুটি ছবি
- 2020চনৰ ছবি বিশ্বৰ আটাইতকৈ সৰু মহিলা: জ্যোতি নিজেই লগ কৰক -TLC network, জুলাই 2020 চনত প্ৰচাৰিত
সমাজ সেৱা
আমগে নাগপুৰ আৰক্ষীৰ সৈতে অংশগ্ৰহণ কৰি ভাৰতত ক'ভিড-১৯ লকডাউনৰ সময়ত ভাৰতীয় নাগৰিকসকলক ঘৰতে থাকিবলৈ আহ্বান জনায়।১১
লগতে চাওক
- বামনতাবাদ
- পৰীক্ষিত আটাইতকৈ চুটি লোকৰ তালিকা
- বামনতা থকা লোকৰ তালিকা
তথ্যসূত্ৰ
- ↑ (9 April 2008). Tiny Teenager Stands Tall Despite Her Height of 23 Inches. Fox News. Fox News Channel
- ↑ (13 April 2020). World's shortest woman appeals to Indians to observe coronavirus lockdown - Jyoti Amge, 26, who is 62.8 cm tall, took to the streets of Nagpur to urge compliance. The Guardian
- ↑ Guinness World Records recognises Edward Niño Hernández as the world's shortest man. Gulf Today
- ↑ Chaturvedi, Swati. (17 April 2020). Stay home, bond with family, urges Jyoti Amge, world's shortest woman. Hindustan Times
- ↑ (6 March 2020). Prajakta Mali enjoys a fangirl moment with World's shortest woman Jyoti Amge; read post - Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Meet the World's Shortest Woman: 26-Year-Old Actress Jyoti Amage. PEOPLE.com
- ↑ (29 August 2012). World's shortest man, woman meet for first time. foxnews.colom
- ↑ Lynn Rusk. (20 November 2024). World’s tallest and shortest women meet for afternoon tea in London
- ↑ Bucksbaum, Sydney. (13 August 2014). Meet American Horror Story: Freak Show's Newest Addition: Jyoti Amge, the World's Smallest Woman!. E!
- ↑ Service, Tribune News. Heads turn as world's smallest woman Jyoti Amge arrives to vote in Nagpur. Tribuneindia News Service
- ↑ (15 April 2020). Gandhigiri to corona helmet: Cops get creative to keep people indoors. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতি কিষাঞ্জী” প্ৰবন্ধৰ সংশোধন ৫০১৭৩১ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।