জুবনি হামটছ’ (: Zuboni Hümtsoe ১৯৯০ – ১৩ নৱেম্বৰ ২০১৭); নাগালেণ্ডৰ এগৰাকী ভাৰতীয় উদ্যোগী, তেওঁ নাগালেণ্ডত PreciousMeLove নামৰ এটা অনলাইন ফেশ্বন আৰু হস্তশিল্প ব্ৰেণ্ড আৰম্ভ কৰিছিল। ৰাষ্ট্রীয় বঁটা নাৰী শক্তিপুৰস্কাৰ প্ৰাপক।
২০১৭ চনৰ ১৩ নৱেম্বৰত নাগালেণ্ডৰ ডিমাপুৰত থকা ঘৰত মৃত অৱস্থাত উদ্ধাৰ হৈছিল হামটছ’ক। জুবনি হামটছকৰ মৃত্যুক আত্মহত্যা বুলি ৰায় দিয়া হৈছিল। তেওঁৰ মৃত্য়ুৰ পিছত তেওঁৰ ব্যৱসায়ৰ নেতৃত্ব দি থাকিল তেওঁৰে ভগ্নী লোজানোৱে, ডিমাপুৰত।
জীৱন
১৯৯০ চনত নাগালেণ্ডত জন্মগ্ৰহণ কৰিছিল হামটছ’ৰ।১তেওঁ দিল্লী বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰিব গৈছিল আৰু তেওঁৰ এয়াৰ হোষ্টেছ ভগ্নী লোজানো হুমটছ’ই আমদানি কৰা বিদেশী ফেশ্বন সামগ্ৰী বিক্ৰী কৰাৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল। তেওঁলোকে কম দামতে পৰিধান সামগ্ৰী ক্ৰয় কৰিব পাৰিছিল, কিন্তু গ্ৰাহকৰ দ্বাৰা প্ৰত্যাশিত বিভিন্ন আকাৰৰ সৈতে সামঞ্জস্য ৰাখিবলৈ সক্ষম নহ’ল।২
তেওঁ ২০১১ চনত PreciousMeLove প্ৰতিষ্ঠাৰ দায়িত্ব লোৱাৰ মূল ব্যক্তি আছিল। এই উদ্যোগৰ বাবে ধনৰ যোগান ৩৫০০ টকা কলেজ অনুদানৰ পৰা আহিছিল। তেওঁ কৈছিল যে এই প্ৰেৰণা তেওঁৰ পিতৃৰ মৃত্যুৰ পিছত সৃষ্টি হোৱা এক উচ্চাকাংক্ষাৰ ফল আছিল।৩
এই ব্রেণ্ডটো সম্পূৰ্ণৰূপে মহিলা দলৰ দ্বাৰা পৰিচালিত আছিল আৰু ই নাগালেণ্ডৰ ডিমাপুৰত অৱস্থিত আছিল। PreciousMeLove "Made in Nagaland" ব্রেণ্ড হিচাপে পৰিচিত হোৱাৰ লক্ষ্য লৈ আগবাঢ়ি আছিল।৪
তেওঁ "মোদী গার্ল" হিচাপে জনপ্ৰিয় হৈ উঠিছিল, যেতিয়া প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰদৰ্শনী থকা ঠাইলৈ আহিও, তেওঁৰ উৎপাদনসমূহ নেদেখাকৈ ওলাই যাবলৈ ধৰিছিল। ঠিক তেতিয়াই তেওঁ দৌৰি গৈ প্ৰধানমন্ত্ৰীক উভতি আহিবলৈ অনুৰোধ কৰে, আৰু শেষত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰদৰ্শনীৰ সামগ্ৰী পৰিদৰ্শন কৰে।৪
২০১৭ চনৰ আন্তৰ্জাতিক নাৰী দিৱসত তেওঁ নতুন দিল্লীত আছিল আৰু ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে তেওঁলোকক নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰিছিল।৫
২০১৭ চনৰ ১৩ নৱেম্বৰত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।১ এইটো আত্মহত্যা বুলি সহমতত উপনীত হৈছিল।২ ভগ্নী হামটছ’, লোজানো হামটছ’ আৰু নাগালেণ্ড চৰকাৰৰ মহিলা সম্পদ উন্নয়ন বিভাগৰ সহায়ত এই ব্যৱসায় চলি থাকিল। প্ৰিচিয়াছমিলাভ (পিএমএল) আৰু নুংছিবা হেণ্ডিক্ৰাফ্টছ নামৰ দুটা ব্যৱসায়। পিএমএলে মহিলাৰ ফেশ্বন কাপোৰ তৈয়াৰ কৰে আৰু কাষতে থকা নুংছিবা হেণ্ডিক্ৰাফ্টে সেই টুকুৰাবোৰক "নাগা পুতলা"লৈ ৰূপান্তৰিত কৰে যিবোৰ নাগালেণ্ডত নিৰ্মিত কিন্তু জাপানী কাপোৰৰ পুতলাৰ পৰা অনুপ্ৰাণিত হোৱা।
তথ্যসূত্ৰ
- ↑ (2018-11-14). A year after Nagaland entrepreneur's suicide, what lessons have we learnt?. TNT-The NorthEast Today
- ↑ Made in Nagaland. thevoiceoffashion.com
- ↑ Investment of Rs 3,500 is now a successful first Naga Online Fashion Brand.. BookOfAchievers
- ↑ (2017-11-14). #PreciousMeLove: Zuboni Humtsoe dies at 28. Eastern Mirror
- ↑ Nari Shakti Awardees · Ministry of Women & Child Development · GoI. wcd.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবনি হামটছ’” প্ৰবন্ধৰ সংশোধন ৪৯১২২৯ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।