জিমখানা ব্ৰিটিছ ঔপনিৱেশিক শাসনকালৰ এটা শব্দ যাৰ দ্বাৰা প্ৰথমে জনসমাগমস্থলক বুজোৱা হৈছিল। তাৰ পিছত শব্দটোৰ অৰ্থটো সলনি কৰি দক্ষতাভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱা ঠাইক বুজাবলৈ আৰম্ভ কৰা হয়। "জিমখানা" হৈছে এংলো-ভাৰতীয় অভিব্যক্তি, যিটো পাৰ্চী শব্দ "জামাত-খানা"ৰ পৰা উদ্ভৱ হৈছে।১ প্ৰায়বোৰ জিমখানাৰ সৈতে একোটাকৈ "জিমখানা ক্লাব" জড়িত হৈ থাকে। আচলতে, এই উক্তিটো ব্ৰিটিছ শাসনকালত "ভদ্ৰলোকৰ ক্লাব" বুজাবলৈ উদ্ভাৱন কৰা হৈছিল।
অধিক সাধাৰণভাৱে ক’বলৈ গ’লে ভাৰতীয় উপমহাদেশকে ধৰি দক্ষিণ-পূব এছিয়া (মালয়েছিয়া, থাইলেণ্ড, বাৰ্মা, আৰু ছিংগাপুৰ) আৰু পূব আফ্ৰিকাত জিমখানাই তাত থকা সামাজিক আৰু ক্ৰীড়া ক্লাবসমূহক বুজায়।
ব্যুৎপত্তি

জিমখানা শব্দটোৰ প্ৰথম উপাদানটো হিন্দুস্তানী ভাষাৰ শব্দ গেন্দ অৰ্থাৎ বলৰ পৰা আহিছে।২ এই উপাদানটো ইংৰাজী শব্দ জিমনেছিয়াম আৰু জিমনাষ্টিকছৰ সংক্ষিপ্ত ৰূপ জিমৰ পৰা পৃথক। ইয়াৰ উৎপত্তিস্থল গ্ৰীক আৰু লেটিন ভাষা।৩ দ্বিতীয় উপাদানটো পাৰ্চী ভাষাৰ শব্দ খানাৰ পৰা উদ্ভৱ হৈছে। পাৰ্চী ভাষাত ইয়াৰ অৰ্থ হ'ল ঘৰ বা বাসস্থান।৪ মোগল সাম্ৰাজ্যৰ দৰবাৰী ভাষা আছিল পাৰ্চী।
লগতে চাওক
- ভাৰতৰ ভদ্ৰলোকৰ ক্লাবসমূহৰ তালিকা
- হিন্দু জিমখানা
- বম্বে জিমখানা, মুম্বাই
- দক্ষিণ জিমখানা, পুনে
- দিল্লী জিমখানা, দিল্লী
- গোলাঘাট জিমখানা, অসম
- মাদ্ৰাজ জিমখানা ক্লাব, চেন্নাই
- জিমখানা খেলপথাৰ, ৰেংগুন, ম্যানমাৰ
- জামালপুৰ জিমখানা, বিহাৰ
- যোৰহাট জিমখানা ক্লাব, অসম
- কৰাচি জিমখানা ক্লাব, পাকিস্তান
- লাহোৰ জিমখানা ক্লাব, পাকিস্তান
- নাইৰ'বি জিমখানা ক্লাব, কেনিয়া
লগতে পঢ়ক
- (2017). Sports of West Bengal — Cricket. wbsportsandyouth.gov.in. Government of West Bengal – Department of youth services and sports
তথ্যসূত্ৰ
- ↑ MacMillan. (1895). The Globe Trotter in India Two Hundred Years Ago: And Other Indian Studies. S. Sonnenschein & Company. পৃ. 91
- ↑ Parekh, Rauf. (2021-07-05). Origin of 'gymkhana' and 'kanjee house'. DAWN.COM
- ↑ Oxford Dictionaries Gymnasium etymology
- ↑ From Loghat'nāmeh-ye Dehkhoda, Third Edition (Tehran University Press, 2006), quoted from Borhān-e Ghāte by Mohammad Moin
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিমখানা” প্ৰবন্ধৰ সংশোধন ৪২৭৮১৬ (৩ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।