অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জিভা-কেঁকুৰি

জিভা-কেঁকুৰি হৈছে খৰকৈ আৰু শুদ্ধকৈ পঢ়িবলৈ বা উচ্চাৰণ কৰিবলৈ অসুবিধা হোৱা শব্দ, বাক্যাংশ বা বাক্য। ইয়াক এক প্ৰকাৰৰ কথিত (বা গোৱা) শব্দৰ খেল হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও, উচ্চাৰণৰ আৰু বাকপটুতাৰ মান উন্নত কৰিবলৈ এইসমূহ ব্যায়াম হিচাপে ব্যৱহাৰ কৰিব পাৰি।

হালনাগাদ: ২ অক্টোবৰ ২০২৩ ৩৯৩ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জিভা-কেঁকুৰি হৈছে খৰকৈ আৰু শুদ্ধকৈ পঢ়িবলৈ বা উচ্চাৰণ কৰিবলৈ অসুবিধা হোৱা শব্দ, বাক্যাংশ বা বাক্য।১ ইয়াক এক প্ৰকাৰৰ কথিত (বা গোৱা) শব্দৰ খেল হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও, উচ্চাৰণৰ আৰু বাকপটুতাৰ মান উন্নত কৰিবলৈ এইসমূহ ব্যায়াম হিচাপে ব্যৱহাৰ কৰিব পাৰি। কিছুমান জিভা-কেঁকুৰিয়ে এনে ফলাফল প্ৰক্ষেপ কৰে যিবোৰৰ ভুলউচ্চাৰণ সমূহ হাস্যকৰ (বা হাস্যকৰভাৱে অশ্লীল) হয়, আনহাতে আন কিছুমানৰ মনোৰঞ্জনমূল্য কঠনৰ সময়ত বক্তাৰ বিভ্ৰান্তি আৰু ভুলৰ ওপৰত নিৰ্ভৰ কৰে।

ভাগ সমূহ

কিছুমান জিভা-কেঁকুৰি একে কিন্তু পৃথক ধ্বনি যুক্ত শব্দৰ মাজত দ্ৰুত পৰিৱৰ্তনৰ ওপৰত নিৰ্ভৰশীল আৰু ই দুটা পৃথক পৰিৱৰ্তনৰ আৰ্হিক সংযোগ কৰে। ২ উদাহৰণ স্বৰূপে, উইলিয়াম পাউণ্ডষ্টোনৰ দ্বাৰা লিখিত দ্য ছীথিং ছী চিছেথ এণ্ড দাজ দ্য ছীথিং ছী ছাফিছেথ আছ বাক্যটোক "সাধাৰণ ইংৰাজী ভাষাৰ জিভা-কেঁকুৰিৰ ভিতৰত আটাইতকৈ কঠিন" বুলি কোৱা হৈছিল। ৩

জনপ্ৰিয় শ্বি ছেলচ ছীশ্বেলছ জিভা-কেঁকুৰিটো মূলতঃ ১৮৫০ চনত এটা বাগবিন্যাস ব্যায়াম হিচাপে প্ৰকাশিত হৈছিল। ১৮৯৫ চনত প্ৰথমবাৰৰ বাবে এই ধৰণৰ অভিব্যক্তিক বুজাবলৈ জিভা-কেঁকুৰিৰ ইংৰাজী প্ৰতিশব্দ টাংটুইষ্টাৰ শব্দটো প্ৰয়োগ কৰা হৈছিল।

বহুতো জিভা-কেঁকুৰিত অনুপ্ৰাস আৰু ছন্দৰ সংমিশ্ৰণ ব্যৱহাৰ হয়। সেইবোৰত ধ্বনিৰ দুটা বা ততোধিক ক্ৰম আছে যাৰ বাবে শব্দাংশৰ মাজতে পুনঃ জিভাঘূৰাব লগা হয়, তাৰ পিছত একেটা শব্দ পৃথক ক্ৰমত পুনৰাবৃত্তি কৰা হয়। লগতে কিছুমান কেঁকুৰিত যৌগিক শব্দ আৰু সেইবোৰৰ মূলশব্দটো ব্যৱহাৰ হয়। কিছুমান জিভা-কেঁকুৰিয়ে শব্দ বা চুটি বাক্যাংশৰ ৰূপ লয় আৰু এনে শব্দ দ্ৰুতগতিত পুনৰাবৃত্তি কৰিলে জিভা পাক খায়।

কিছুমান জিভা-কেঁকুৰি বাক অভ্যাস আৰু কণ্ঠস্বৰক সজীৱতা প্ৰদান কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়।৪ ইয়াৰোপৰি অনা-স্থানীয় ভাষীসকলৰক উচ্চাৰণ দক্ষতাৰ প্ৰশিক্ষণ দিবলৈ জিভা-কেঁকুৰি ব্যৱহাৰ কৰা হয়।৫ আন কিছুমান জিভা-কেঁকুৰি ভুলভাৱে উচ্চাৰণ কৰিলে এই শব্দবোৰে ধ্বনিগত মিল থকা অশ্লীল শব্দৰূপ একোটা প্ৰকাশ কৰে। আনকিছুমান সঠিকভাৱে উচ্চাৰণ কৰিলেও সেইবোৰ অশুদ্ধ যেন লাগে।

উদাহৰণ

নৱকান্ত বৰুৱা সম্পাদিত কুঁহিপাঠ পাঠ্যপুথিত শিশুৰ উচ্চাৰণৰ স্পষ্টতাৰ বাবে বিভিন্ন ‘জিভা-কেঁকুৰি'ৰ সংযোগ কৰা হৈছিল:৬

হলৌ উঠিলটকৌ গছত

লগাই খদৌ মদৌ,

জৌ জৌ কৈসৰিল নিয়ৰ

হ’ল জলৌ জপৌ।

লাউ পুলিল'ৰাই ৰুলোঁ

ৰুলোঁ লৰাই লফা,

ঘূৰাই ঘূৰাইউৰাই ঘূৰাই

তাঘুৰ ঘূৰাই মাতা।

বগাকৈ বগলীবহলাই বহিছে

বলুকাত বিয়লি বেলা,

বকুল বাগৰিছেববচা বনতে

বুটলি বিলাওঁগৈ ব’লা।

সম্পৰ্কিত ধাৰণাসমূহ

শিব্বোলেথ

শিব্বোলেথ হৈছে কোনো এটা ভাষাৰ যিকোনো বাক্যাংশ যিসমূহ সেইভাষাৰ স্থানীয় বক্তাৰ ব্যেতিৰেক ব্যক্তিৰ বাবে কোৱা কঠিন। তেনে শব্দ, বাক্য বা বাক্যাংশক এক প্ৰকাৰৰ জিভা-কেঁকুৰি হিচাপে গণ্য কৰা হ'ব পাৰে।

ফিংগাৰ-ফাম্বলাৰ

জিভা-কেঁকুৰিৰ সমতুল্য সাংকেতিক ভাষাক ফিংগাৰ-ফাম্বলাৰ বুলি কোৱা হয়।৭৮ চুজান ফিচাৰৰ মতে ইংৰাজী ভাষাৰ গুড্ ব্লাড, বেড্ ব্লাড বাক্যাংশটো ইংৰাজী সাহিত্যৰ এক জিভা-কেঁকুৰি হোৱাৰ উপৰি ই এক ফিংগাৰ-ফাম্বলাৰ।৯

এক শব্দাংশৰ প্ৰবন্ধ

এক শব্দাংশৰ প্ৰবন্ধ হৈছে মাণ্ডাৰিন চীনা জিভা-কেঁকুৰিৰ এক প্ৰকাৰ। এইসমূহ ধ্ৰুপদী চীনা ভাষাত লিখা হৈছিল। মাণ্ডাৰিন চীনাসকলৰ মাত্ৰ চাৰিটা বাক-পৰিসৰ থকা বাবে এইবোৰ মাণ্ডাৰিনভাষাত ক'লে বিভিন্ন বাক-পৰিসৰত এটা শব্দাংশৰ কামৰ দৰে লাগে।১০

তথ্যসূত্ৰ

  1. ↑ জিভা-কেঁকুৰি. শব্দ ডট্ অৰ্গ
  2. ↑ Speech Science: Tongue Twisters and Valley Girls
  3. ↑ Poundstone, William. The Ultimate. williampoundstone.net
  4. ↑ Gordon, David. David Gordon's Favorite Vocal Warmup Tongue Twisters
  5. ↑ Journal, Arab World English; Mu’in, Fatchul; Amrina, Rosyi. (2017-12-29). Tongue Twister, Students' Pronunciation Ability, and Learning Styles. dx.doi.org
  6. ↑ বৰুৱা, আৰু ভূঞা, [সংকলন আৰু সম্পাদনা], নৱকান্ত আৰু গৌৰীকান্ত. (১৯৯৭). ‘কুঁহিপাঠ’ (নতুন সংস্কৰণ). অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড
  7. ↑ Hanson, Vicki. (1991). Tongue-Twister Effects in the Silent Reading of Hearing and Deaf College Students. Journal of Memory and Language. পৃ. 319–330
  8. ↑ Roper, Jonathan. (2011). Alliteration in Culture. Springer. পৃ. 8. ISBN 9780230305878
  9. ↑ Aristar, Anthony; Dry, Helen. (27 May 1991). Linguist List, Vol. 2. University of Michigan
  10. ↑ (September 2020). 15 Chinese Tongue Twisters. maayot

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিভা-কেঁকুৰি” প্ৰবন্ধৰ সংশোধন ৩৮৪১২৭ (২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।