চৌদি আৰৱৰ ব্যক্তি
৭ প্ৰবন্ধ
-
ওছামা বিন লাডেন
ওছামা বিন লাডেন (Osama Bin Laden (১০ মাৰ্চ ১৯৫৭ – ২ মে' ২০১১) এজন সন্ত্ৰাসবাদী নেতা আছিল৷ তেওঁ সন্ত্ৰাসবাদী সংগঠন আল-কায়েদাৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম সাধাৰণ আমিৰ আছিল।
-
ওমৰ মোৱানেছ য়াঘী
ওমৰ মোৱানেছ য়াঘী (Omar Mwannes Yaghi) এজন ৰসায়নবিদ। তেওঁ ৰেটিকুলাৰ ৰসায়ন বিজ্ঞানৰ লগত জড়িত এজন অগ্ৰণী বিজ্ঞানী আৰু ধাতু–জৈৱিক কাঠামো (MOF)ৰ বিকাশৰ বাবে বেছিকৈ পৰিচিত। এই কামৰ বাবে তেওঁ ৰিচাৰ্ড ৰবছন আৰু চুছুমু কিটাগাৱাৰ ২০২৫ চনৰ ৰসায়ন বিজ্ঞান ন'বেল বঁটা লাভ কৰে।
-
জামাল আহমেদ ষাশ্বকজী
জামাল আহমেদ ষাশ্বকজী ( جمال أحمد خاشقجي ), এজন চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক। চৌদি আৰবীয় ৰাজতন্ত্ৰ, বিশেষকৈ চৌদি আৰবৰ ৰজা ছলমান আৰু হ'বলগীয়া ৰজা ৰাজকুমাৰ মহম্মদ-বিন- ছলমানৰ ঘোৰ সমালোচক ষাশ্বকজীক চৌদি আৰব ৰাজতান্ত্ৰিক চৰকাৰৰ নিৰ্দেশ…
-
অল্লা ৱৰ্দি
অল্লা ৱৰ্দি (ইংৰাজী: Alaa Wardi, আৰৱী: علاء وردي) (জন্ম ১৯৮৭) এজন চৌদী সংগীত শিল্পী।
-
লৌজেইন আল-হাথলৌল
লৌজেইন আল-হাথলৌল (لجين الهذلول লুজ্জাইন আল-হাদলূল; জন্ম ৩১ জুলাই ১৯৮৯) এগৰাকী ছৌদি মহিলা অধিকাৰকৰ্মী, সামাজিক মাধ্যমৰ ব্যক্তিত্ব আৰু ৰাজনৈতিক বন্দী। ছৌদি আৰবত মহিলাৰ গাড়ী চলোৱা নিষেধাজ্ঞা অৱজ্ঞা কৰাৰ বাবে তেওঁ বহুবাৰেই গ্ৰেপ্তাৰ হৈছিল।
-
সমীৰা ইছলাম
সমীৰা ইব্ৰাহিম ইছলাম (আৰবী: سميرة إسلام) এগৰাকী চৌদি আৰৱৰ ঔষধবিজ্ঞানী। তেওঁ কিং আব্দুলজিজ ইউনিভাৰ্ছিটিৰ কিং ফাহদ মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ ড্ৰাগ মনিটৰিং ইউনিটৰ মুৰব্বী। চৌদি আৰৱৰ মহিলাসকলৰ বাবে আনুষ্ঠানিক বিশ্ববিদ্যালয় শিক্ষা নিশ্চিত কৰাত তেওঁৰ ভূমিকা উল্লেখযোগ্য আছিল।
-
সুহাদ বাহাজৰী
সুহাদ বাহাজৰী (আৰবী: سهاد باحجري) এগৰাকী চৌদি ৰসায়নবিদ। তেওঁ এগৰাকী চিকিৎসা-বিজ্ঞানী আৰু শিক্ষাবিদ, আৰু বৰ্তমান জেদ্দাস্থিত কিং আব্দুলআজিজ বিশ্ববিদ্যালয়ৰ চিকিৎসা অনুষদত ক্লিনিকেল বায়’কেমিষ্ট্ৰী আৰু ক্লিনিকেল পুষ্টিবিজ্ঞানৰ অধ্যাপিকা হিচাপে কৰ্মৰত।