দেশ অনুসৰি ধৰ্ম
৯ প্ৰবন্ধ
-
ভাৰতত বৌদ্ধ ধৰ্মৰ ইতিহাস
বৌদ্ধ ধৰ্ম বিশ্বৰ এটা প্ৰধান ধৰ্ম। প্ৰাচীন মগধ ৰাজ্য (বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্য)ত এই ধৰ্মৰ উত্থান ঘটিছিল। এই ধৰ্মৰ ভেটি গৌতম সিদ্ধাৰ্থৰ শিক্ষা। গৌতম সিদ্ধাৰ্থকে ‘বুদ্ধ’ (‘বোধিপ্ৰাপ্ত’) বোলা হয়। বুদ্ধৰ জীৱনকালত মগধৰ বাহিৰত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ আৰম্ভ হয়।
-
নেপালত ধৰ্ম
নেপালৰ ধৰ্মই বহুতো গোট আৰু বিশ্বাসক সামৰি লৈছে। নেপাল এটা হিন্দু জাতি আৰু অন্তৱৰ্তীকালীন সংবিধানৰ অধীনত নেপালত ধৰ্মনিৰপেক্ষতাবাদৰ সংজ্ঞা দিয়া হৈছে (১ম খণ্ড, অনুচ্ছেদ ৪) "অনাদী কালৰ পৰা প্ৰচলিত ধৰ্ম আৰু সংস্কৃতিৰ সুৰক্ষাৰ লগতে ধৰ্মীয় আৰু সাংস্কৃতিক স্বাধীনতা"।
-
ভাৰতত ধৰ্ম
ভাৰতৰ ধৰ্মৰ বৈশিষ্ট্য হৈছে ধৰ্মীয় বিশ্বাস আৰু আচাৰ-ব্যৱহাৰৰ বৈচিত্ৰ্য। সমগ্ৰ ভাৰতবৰ্ষৰ ইতিহাসত ধৰ্ম দেশৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ আহিছে আৰু ভাৰত উপমহাদেশখন বিশ্বৰ চাৰিটা প্ৰধান ধৰ্ম অৰ্থাৎ বৌদ্ধ, হিন্দু, জৈন আৰু শিখ ধৰ্মৰ জন্মস্থান, যিবোৰ সামূহিকভাৱে থলুৱা ভাৰতীয় ধৰ্ম বা ধৰ্ম বুলি জনা…
-
জাপানত ইছলাম ধৰ্ম
জাপানৰ নিকৱৰ্টী দেশসমূহৰ তুলনাত জাপানত ইছলাম ধৰ্মৰ ইতিহাস চুটি। জাপান দেশত ইছলাম ধৰ্ম আতাইতকৈ কম সংখ্যক লোকে বিশ্বাস কৰা ধৰ্মৰ অন্যতম। ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা জাপানত বাহাই ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ অধিক, কিন্তু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ কম।
-
বাংলাদেশত ইছলাম ধৰ্ম
ইছলাম বাংলাদেশৰ সৰ্ববৃহৎ আৰু জাতীয় ধৰ্ম। ২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰ জনসংখ্যা প্ৰায় ১৫ কোটি মুছলমান অৰ্থাৎ মুঠ ১৬৫ নিযুত জনসংখ্যাৰ ৯১.০৪%। বাংলাদেশৰ মুছলমান প্ৰধান থলুৱা বাঙালী মুছলমান। বাংলাদেশীৰ অধিকাংশই ছুন্নী, আৰু হানাফী চিন্তাধাৰা আৰু ফিকহ অনুসৰণ কৰে।
-
দেশ অনুসৰি হিন্দু ধৰ্ম
হিন্দু ধৰ্মৰ বিশ্বজুৰি প্ৰায় ১.২ বিলিয়ন (১২০ কোটি) অনুগামী আছে, যি বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪.৯% প্ৰতিনিধিত্ব কৰে। ২০১২ চনত খ্ৰীষ্টান ধৰ্ম (৩১.৫%) আৰু ইছলাম ধৰ্ম (২৩.২%) তথা ধৰ্মহীন লোকসকলৰ (১৬.৩%) পিছতে হিন্দু ধৰ্ম (১৫%) আছিল বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম।
-
বাংলাদেশত বৌদ্ধ ধৰ্ম
বাংলাদেশত বৌদ্ধ ধৰ্ম বৌদ্ধ ধৰ্ম তৃতীয় বৃহত্তম ধৰ্ম আৰু বাংলাদেশৰ জনসংখ্যাৰ প্ৰায় ০.৬১%। কোৱা হয় যে বুদ্ধই এসময়ত পূব বংগৰ এই অঞ্চললৈ গৈ নিজৰ শিক্ষা প্ৰচাৰ কৰিছিল আৰু বিশেষকৈ চট্টগাম সংমণ্ডলত স্থানীয় লোকসকলক বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত কৰাত সফল হৈছিল।
-
ভূটানৰ ধৰ্মবিশ্বাস
ভূটানৰ চৰকাৰী ধৰ্ম হৈছে বৌদ্ধ ধৰ্ম, যিটো ভূটানৰ মুঠ জনসংখ্যাৰ ৭৪.৭% লোকে পালন কৰে। ভূটানৰ সংবিধানত উল্লেখ আছে যে, বৌদ্ধ ধৰ্ম হৈছে ৰাজ্যখনৰ “আধ্যাত্মিক ঐতিহ্য”; ভূটানত ধৰ্মৰ স্বাধীনতা ৰজাৰ দ্বাৰা নিশ্চিত কৰিছে। ভূটানৰ দ্বিতীয় ধৰ্ম হৈছে হিন্দু ধৰ্ম।
-
শ্ৰী লংকাৰ ধৰ্ম
শ্ৰী লংকাৰ ধৰ্ম শ্ৰীলংকা আনুষ্ঠানিকভাৱে বৌদ্ধ দেশ যদিও শ্ৰীলংকা ৰ লোকসকলে বিভিন্ন ধৰ্ম পালন কৰে। ২০১২ চনৰ লোকপিয়ল অনুসৰি শ্ৰীলংকাৰ ৭০.২% বৌদ্ধ, ১২.৬% হিন্দু, ৯.৭% মুছলমান (মূলতঃ চুন্নী), আৰু ৭.৪% খ্ৰীষ্টান (বেছিভাগেই কেথলিক)।