দেশ অনুসৰি ইছলাম
৫ প্ৰবন্ধ
-
ভাৰতত ইছলাম ধৰ্ম
ইছলাম ভাৰতৰ দ্বিতীয় বৃহত্তম ধৰ্ম, দেশৰ ১৪.২% জনসংখ্যা বা প্ৰায় ১৭২.২ মিলিয়ন লোকে (২০১১ চনৰ লোকপিয়লত) ইছলামৰ অনুগামী হিচাপে চিনাক্ত কৰা হৈছে। বিশ্বৰ ভিতৰতে ভাৰতত মুছলমান লোকৰ সংখ্যা তৃতীয় স্থানত আছে। ভাৰতৰ অধিকাংশ মুছলমান ছুন্নী, আৰু মুছলমান জনসংখ্যাৰ প্ৰায় ১৫% ছিয়া।
-
নেপালত ইছলাম ধৰ্ম
ইছলাম (नेपाली मुसलमान) নেপালৰ তৃতীয় বৃহৎ ধৰ্ম ২০২১ চনৰ নেপালৰ লোকপিয়ল অনুসৰি নেপালত ৫.০৯% জনসংখ্যাৰে গঠিত প্ৰায় ১৪৮৩ লাখ মুছলমান লোক বাস কৰে। নেপালী মুছলিম (नेपाली मुसलमान; নেপালী মুছলমান) হৈছে ইছলাম পালন কৰা নেপালী।
-
জাপানত ইছলাম ধৰ্ম
জাপানৰ নিকৱৰ্টী দেশসমূহৰ তুলনাত জাপানত ইছলাম ধৰ্মৰ ইতিহাস চুটি। জাপান দেশত ইছলাম ধৰ্ম আতাইতকৈ কম সংখ্যক লোকে বিশ্বাস কৰা ধৰ্মৰ অন্যতম। ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা জাপানত বাহাই ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ অধিক, কিন্তু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যাতকৈ কম।
-
দেশ অনুসৰি ইছলাম ধৰ্ম
ইছলামৰ অনুগামীসকলে ২০২২ চনত ২০১৭ চনৰ প্ৰস্তাৱিত প্ৰক্ষেপণ বজাই ৰাখি বিশ্বৰ দ্বিতীয় বৃহত্তম আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা ডাঙৰ ধৰ্মীয় গোট গঠন কৰে। ২০২০ চনলৈকে পিউ ৰিচাৰ্চ চেণ্টাৰ (পিইডব্লিউ)ৰ প্ৰক্ষেপণ অনুসৰি বিশ্বজুৰি মুঠ ২ বিলিয়ন অনুগামী আছে।
-
বাংলাদেশত ইছলাম ধৰ্ম
ইছলাম বাংলাদেশৰ সৰ্ববৃহৎ আৰু জাতীয় ধৰ্ম। ২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰ জনসংখ্যা প্ৰায় ১৫ কোটি মুছলমান অৰ্থাৎ মুঠ ১৬৫ নিযুত জনসংখ্যাৰ ৯১.০৪%। বাংলাদেশৰ মুছলমান প্ৰধান থলুৱা বাঙালী মুছলমান। বাংলাদেশীৰ অধিকাংশই ছুন্নী, আৰু হানাফী চিন্তাধাৰা আৰু ফিকহ অনুসৰণ কৰে।