অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জানেট অ'কালা

জেনেট অ'কালা(Janet Okala; ১৮৯৪–১৯৭১) আছিল নাইজেৰিয়াৰ এগৰাকী ৰাজনৈতিক নেত্ৰী আৰু সম্প্ৰদায়-সংগঠক। আবা মহিলা যুদ্ধৰ সময়ত তেওঁ প্ৰতিবাদৰ নেতৃত্ব দিছিল আৰু নাইজেৰিয়াৰ মহিলাৰ ৰাজনৈতিক ক্ষমতাৰ পোষকতা কৰিবলৈ স্থানীয় আৰু ৰাষ্ট্ৰীয়ভাৱে জড়িত সংগঠন গঠন কৰিছিল।

হালনাগাদ: ৭ মাৰ্চ ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

জেনেট অ'কালা(Janet Okala; ১৮৯৪–১৯৭১) আছিল নাইজেৰিয়াৰ এগৰাকী ৰাজনৈতিক নেত্ৰী আৰু সম্প্ৰদায়-সংগঠক। আবা মহিলা যুদ্ধৰ সময়ত তেওঁ প্ৰতিবাদৰ নেতৃত্ব দিছিল আৰু নাইজেৰিয়াৰ মহিলাৰ ৰাজনৈতিক ক্ষমতাৰ পোষকতা কৰিবলৈ স্থানীয় আৰু ৰাষ্ট্ৰীয়ভাৱে জড়িত সংগঠন গঠন কৰিছিল।

প্ৰাৰম্ভিক জীৱন

১৮৯৪ চনত অনিছাত অডুকৱে অডিলিৰ তৃতীয় সন্তান আৰু প্ৰথম কন্যা হিচাপে জেনেট অ'কালাৰ জন্ম হয়।১ পিছলৈ তেওঁ অ'ৱেৰিংটাৰ বাসিন্দা হয় য'ত তেওঁ ৰাজনৈতিক সক্ৰিয়তাৰ বাবে পৰিচিত হয়।২ তেওঁৰ ছদ্মনাম আছিল "মামা ব্ৰেড" কাৰণ তেওঁৰ এটা বেকাৰীও আছিল।২

ৰাজনৈতিক কৰ্মজীৱন আৰু সক্ৰিয়তা

১৯২৯ চনত অ'কালাই আবা মহিলা যুদ্ধৰ সময়ত ওৱেৰিণ্টা অঞ্চলত প্ৰতিবাদকাৰী মহিলাসকলৰ নেতৃত্ব দিয়ে।২ ইতিহাসবিদ নীনা এমা এমবাৰ মতে, অ'কালাই ইয়াৰ পূৰ্বে স্থানীয় মহিলাসকলক নেতৃত্ব আৰু পৰামৰ্শ আগবঢ়াইছিল যদিও যুদ্ধৰ সময়ত বিশেষভাৱে প্ৰাধান্য লাভ কৰিছিল।৩

১৯৪৫ চনত অ'কালাই এনুগু মহিলা সংস্থা গঠন কৰে আৰু ইয়াৰ অন্যতম উপ-সভানেত্ৰী নিৰ্বাচিত হয়।৪ ১৯৪৯ চনত শিক্ষাবিদ আৰু প্ৰচাৰক ফুনমিলায়ো ৰেনচোম কুটি (FRK)ৰ ভ্ৰমণৰ পিছত এই গোটটোৱে নিজৰ নাম সলনি কৰি নাইজেৰিয়ান মহিলা সংঘৰ এনুগু শাখা হয়।৫ এফ আৰ কেৰ ভ্ৰমণৰ বৰ্ণনা কৰি অ'কালাই লিখিছে যে "সেই সময়ৰ আগতে এনুগুৰ মহিলাসকলৰ নিজৰ দেশৰ কাম-কাজৰ তদন্ত কৰাৰ কোনো অধিকাৰ নাছিল। মিচেছ কুটিয়ে তেওঁৰ আগমনৰ লগে লগে আমাক শিক্ষিত কৰিছিল।৪ পশ্চিম আফ্ৰিকান পাইলট আৰু ডেইলী টাইমছৰ দৰে স্থানীয় বাতৰি কাকতসমূহে গোটটোৰ নাম পৰিৱৰ্তনক নাইজেৰিয়াৰ মহিলাসকলৰ মাজত জাতীয়তাবাদী সংহতিৰ প্ৰতীক হিচাপে উদযাপন কৰিছিল।৪

তথ্যসূত্ৰ

  1. ↑ (January 2011). Okala, Janet (1894). Dictionary of African Biography. Oxford University Press. ISBN 978-0-19-538207-5
  2. ↑ Chuku, Gloria. (2005). Igbo Women and Economic Transformation in Southeastern Nigeria, 1900–1960. Psychology Press. ISBN 978-0-415-97210-9
  3. ↑ Egbo, Benedicta. (2000-01-01). Gender, Literacy, and Life Chances in Sub-Saharan Africa. Multilingual Matters. ISBN 978-1-85359-464-9
  4. ↑ Johnson-Odim, Cheryl; Mba, Nina Emma. (1997). For Women and the Nation: Funmilayo Ransome-Kuti of Nigeria. University of Illinois Press. ISBN 978-0-252-06613-9
  5. ↑ Ako-Nai, Ronke Iyabowale. (2013). Gender and Power Relations in Nigeria. Rowman & Littlefield. ISBN 978-0-7391-7778-5

সম্পৰ্কিত শ্ৰেণী

নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মীৰাজনীতিবিদমহিলা ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জানেট অ'কালা” প্ৰবন্ধৰ সংশোধন ৪৮৮৬১৪ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।