ছিনি সদানন্দ শ্বেট্টী:Sini Sadanand Shetty এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী মহিলা, যিয়ে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ৰ মুকুট পিন্ধিছিল।তেওঁ ২০২৩ চনৰ মিছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ছিনি শ্বেট্টীৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ মুম্বাইত মূলতঃ কৰ্ণাটকৰ পৰিয়ালত। মুম্বাইৰ ঘাটকোপাৰৰ ছেইণ্ট ডমিনিক ছাভিঅ’ বিদ্যালয়ত অধ্যয়নৰ পিছত মুম্বাইৰ এছ কে ছমাইয়া কলেজ অৱ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চত পঢ়ি একাউণ্টিং আৰু ফাইনেন্সত ডিগ্ৰী লাভ কৰে। তেখেত এগৰাকী প্ৰশিক্ষিত ভৰতনাট্যম নৃত্যশিল্পী।১২৩
প্ৰদৰ্শন
মূল প্ৰবন্ধ: ফেমিনা মিছ ইণ্ডিয়া ২০২২ চনত শ্বেট্টীয়ে ফেমিনা মিছ ইণ্ডিয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ফেমিনা মিছ ইণ্ডিয়া খিতাপ লাভ কৰিছিল, লগতে টাইমছ মিছ বডি বিউটিফুল আৰু এনআইএফডি মিছ টেলেণ্টৰ উপ-খিতাপৰ বঁটাও লাভ কৰিছিল। এই অনুষ্ঠানটো ২০২২ চনৰ ৩ জুলাইত মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হয়।[citation needed] ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২ৰ বিজয়ী হিচাপে শ্বেট্টীয়ে ২০২৪ চনৰ ৯ মাৰ্চত ভাৰতৰ মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০২৩ ত ভাৰতক প্ৰতিনিধিত্ব কৰে,৪৫৬৭৮ শীৰ্ষ ৮ গৰাকীৰ ভিতৰত স্থান লাভ কৰে,লগতে এছিয়াৰ আৰু ওচেনিয়াৰ শ্ৰেষ্ঠ ডিজাইনাৰ বঁটা লাভ কৰি ইতিহাসত এটা গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰে।।[উদ্ধৃতিৰ প্ৰয়োজন]।
তথ্যসূত্ৰ
- ↑ (12 June 2023). Who is Sini Shetty, India's Miss World representative?. Deccan Herald
- ↑ Sini Shetty To Represent India At Miss World 2023: 5 Facts. ndtv.com
- ↑ Who Is Sini Shetty, 21 Year Old Miss India 2022 Representing India At Miss World 2023. india.com
- ↑ Meet Sini Shetty, Miss India 2022 who is all set to represent India in Miss World 2023. Daily News and Analysis
- ↑ (11 June 2023). Sini Shetty, Femina Miss India 2022 Winner, To Represent India In Miss World 2023. pragativadi.com
- ↑ (11 June 2023). Meet Sini Shetty, 21-Year-Old Miss India 2022 Who Will Represent India in Miss World 2024. news18.com
- ↑ (9 June 2023). India to host Miss World 2024 after 28 years. Sini Shetty to represent country. moneycontrol.com
- ↑ (4 July 2022). Miss India 2022 winner: Everything you wanted to know about Miss India World 2022 Sini Shetty. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিনি সদানন্দ শ্বেট্টী” প্ৰবন্ধৰ সংশোধন ৫০১৭০২ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।