মহম্মদ আবু ছাদিক (ছাদিক কায়েম নামেৰে বেছি পৰিচিত) এজন বাংলাদেশী ছাত্ৰ নেতা আৰু ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় ছাত্ৰ সংঘৰ বৰ্তমানৰ উপ-সভাপতি (ভিপি)। ১ ছাত্ৰ বিদ্ৰোহত তেওঁৰ ভূমিকা আৰু ক্ষেত্ৰ পৰ্যায়ত তেওঁৰ সমন্বয়ৰ বাবে তেওঁ চৰ্চালৈ আহে।২ ২০২৩ চনৰ পৰা ২০২৪ চনলৈকে তেওঁ বাংলাদেশ ইছলামী ছাত্ৰ শিবিৰৰ ঢাকা বিশ্ববিদ্যালয় শাখাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৩ সাদিক কায়েম ২০২৬ চনৰ ১৩ জুলাই পৰ্যন্ত বাংলাদেশ ইছলামী ছাত্ৰ শিবিৰৰ কেন্দ্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪৫৬
ব্যক্তিগত আৰু শৈক্ষিক জীৱন
বাংলাদেশৰ চট্টগাঁৱৰ সাতকনিয়া উপজিলাত জন্মগ্ৰহণ কৰিছিল ছাদিক কায়েমৰ।৭ তেওঁৰ পিতৃ খাগ্ৰাছৰী জিলাৰ এজন ব্যৱসায়ী আছিল আৰু তাতেই ছাদিক কায়েমে প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল।
খাগ্ৰাছৰীৰ বাইতুশ শৰফ জব্বাৰীয়া আদৰ্শ মাদ্ৰাছাত তেওঁৰ শৈক্ষিক জীৱন আৰম্ভ হৈছিল, য'ত তেওঁ ২০১৪ চনত নামভৰ্তি কৰে। পিছলৈ তেওঁ ২০১৬ চনত বাইতুশ শৰফ আদৰ্শ কামিল মাদ্ৰাছাৰ পৰা আলিম (উচ্চতৰ মাধ্যমিক) পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰি স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।৮৯
২০২৬ চনৰ ১৩ মে’ত ডাকছুৰ নেতা, ছাত্ৰ আৰু তেৰশ ৰাষ্ট্ৰীয় সংসদৰ বিৰোধী দলৰ নেতা ডাঃ ছফিকুৰ ৰহমানৰ উপস্থিতিত ছাদিক কায়েমে ঢাকা বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় মছজিদত বিবাহপাশত আবদ্ধ হয়। তাৰ পিছত মূল অনুষ্ঠানটো ৰাজধানীৰ এটা অধিৱেশন কেন্দ্ৰত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদৰ আগত অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ড° মুহাম্মাদ ইউনুছৰ উপস্থিতিত অনুষ্ঠিত কৰাৰ কথা আছিল। তেওঁৰ পত্নী আনিকা ফাৰদিন ফৰায়েজী এজন এমবিবিএছ চিকিৎসক আৰু আইয়ুব আলী ফৰায়েজীৰ কন্যা, যি ৰিলায়েন্স গ্ৰুপৰ ভাইচ চেয়াৰমেন আৰু প্ৰৱাসীবাংলা প্ৰপাৰ্টিজ লিমিটেডৰ চেয়াৰমেন।
ৰাজনৈতিক কেৰিয়াৰ
ছাদিক কায়েম ২০১৩ চনত ছাত্ৰশিবিৰৰ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল। জুলাই গণঅভ্যুত্থানৰ পিছত, ২০২৪ চনৰ ২১ ছেপ্টেম্বৰত ঢাকা বিশ্ববিদ্যালয় শাখা শিবিৰৰ সভাপতি হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে সন্মুখলৈ আহে।৮ কিন্তু ২০১৬ চনত ঢাকা বিশ্ববিদ্যালয়ত যোগদান কৰাৰ আগতে তেওঁ চট্টগ্ৰামত ছাত্ৰ শিবিৰৰ আৱামি লীগ বিৰোধী আন্দোলনৰ সৈতে ৰাজহুৱাভাৱে জড়িত আছিল। ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা বাংলাদেশ ইছলামী ছাত্ৰ শিবিৰৰ কেন্দ্ৰীয় আন্তঃৰাষ্ট্ৰীয় সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ১০ ইয়াৰ পূৰ্বে তেওঁ ২০২৫–২০২৬ চনলৈকে কেন্দ্ৰীয় প্ৰকাশন সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
গণভবনৰ ঘেৰাওক ফাথে গণভবন ( তেওঁ ইয়াক বুলি অভিহিত কৰি কলে,১১১২
ফতহে মক্কা, ফতহে বাঙ্গালা, ফতহে কুসতুনতিনিয়ার সিলসিলা ধরে আমরা পেয়েছি ফতহে গণভবন- যেদিন গণভবন সত্যিই গণের ভবনে পরিণত হয়।
— ১৩১৪
শেহতীয়াকৈ ২০২৬ চনৰ ১ মে'ত ঢাকাৰ কাক্ৰাইলৰ আইডিইবিৰ কাউন্সিল হলত জামাত-ই-ইছলামীয়ে তেওঁক ঢাকা দক্ষিণ চহৰ নিগমৰ মেয়ৰৰ নিৰ্বাচনত 'মেয়ৰৰ প্ৰাৰ্থী' হিচাপে ঘোষণা কৰে।
কিন্তু ইয়াৰ প্ৰতিক্ৰিয়াত ছাত্ৰশিবিৰে ভিন্নমত পোষণ কৰে। ডাকছুৰ (DUCSU) প্ৰাক্তন সাধাৰণ সম্পাদক (জিএছ) তথা সংগঠনটোৰ বৰ্তমানৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক এছ এম ফৰহাদে এক বিবৃতি প্ৰকাশ কৰি কয় যে, কোনো দায়িত্বশীল ব্যক্তিৰ পদত থকা অৱস্থাত অন্য কোনো ৰাজনৈতিক দলৰ প্ৰাৰ্থী হোৱাৰ কোনো সুযোগ নাই।১৫
জুলাই মাহৰ অভ্যুত্থান
২০২৪ চনৰ জুলাই–আগষ্ট অভ্যুত্থানৰ সময়ত ছাদিক কায়েমক ' ছলমান ' ছদ্মনামেৰে জনা গৈছিল। এই নামেৰে তেওঁ অভ্যুত্থানৰ ফ্ৰণ্টলাইন সংগঠকসকলক আশ্ৰয় প্ৰদান, বিচ্ছিন্ন নেতাসকলৰ সৈতে সমন্বয় সাধন, দৈনন্দিন কাৰ্যসূচীৰ পৰিকল্পনা আৰু ৰূপায়ণ, আৰু ন পইণ্টকে ধৰি সকলো আন্দোলনৰ বাতৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰাত জড়িত আছিল। ছলমান নামেৰেই তেওঁ আল জাজিৰাৰ সাংবাদিক জুলকাৰনাইন ছামিৰ সৈতে যোগাযোগ কৰিছিল ৷১৬
DUCSU নিৰ্বাচন ২০২৫
২০২৫ চনৰ DUCSU নিৰ্বাচনত তেওঁ সংযুক্ত ছাত্ৰ মিত্ৰজোঁটৰ পৰা উপ-সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে। ১৭ এই নিৰ্বাচনত ছাদিক কায়েমে বাংলাদেশ ইছলামী ছাত্ৰ শিবিৰৰ সমৰ্থিত সংযুক্ত ছাত্ৰ মিত্ৰজোঁটৰ পেনেলৰ উপ-ৰাষ্ট্ৰপতি (ভিপি) প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰে। ৯ ছেপ্টেম্বৰত ভোটদানৰ পিছত পিছদিনা পুৱা প্ৰকাশিত ফলাফলত ১৪,০৪২ টা ভোট লাভ কৰি উপ-ৰাষ্ট্ৰপতি (ভিপি) নিৰ্বাচিত হয়। জাতীয়তাবাদী ছাত্ৰ দলৰ সমৰ্থিত তেওঁৰ ঘনিষ্ঠ প্ৰতিদ্বন্দ্বী অবিদুল ৫,৭০৮ টা ভোট লাভ কৰে।১৮১৯ ছাদিক কায়েমে ১৪ ছেপ্টেম্বৰ ২০২৫ তাৰিখে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে।
ফলাফল
| নাম | অৱস্থান | মুঠ ভোটাৰ | ভোটাৰৰ ভোটদান | ভোট লাভ | ১০০% | ফলাফল |
|---|---|---|---|---|---|---|
| ছাদিক কায়েম | উপ-ৰাষ্ট্ৰপতি (ভিপি) | ৩৯৮৭৪ নম্বৰত | ৭৩.৪২ | ১৪০৪২ |
সক্ৰিয়তাবাদ
ৰাজনীতিৰ সমান্তৰালকৈ ছাদিক কায়েম বিভিন্ন অৰাজনৈতিক সংগঠনৰ সৈতেও জড়িত আছিল। তেওঁ শিক্ষাৰ্থীৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে কাম কৰা সংগঠন ‘ষ্টুডেণ্টছ এগেইনষ্ট ভায়োলেঞ্চ এভৰীৱেৰ’ (SAVE)-ৰ এজন উপদেষ্টা কৰ্মী আছিল। ইয়াৰ উপৰি তেওঁ ‘বাংলাদেশ ইউথ ইনিচিয়েটিভ’ৰ সাধাৰণ সম্পাদক আৰু ‘পাৰ্বত্য চট্টগ্ৰাম ছাত্ৰ সংসদ’ৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল। পাহাৰীয়া জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নয়নৰ লক্ষ্যৰে তেওঁ ‘হিল ছচাইটি’ নামৰ এটা সামাজিক তথা স্বেচ্ছাসেৱী সংগঠন প্ৰতিষ্ঠা কৰে। ডেকা শক্তিক অপৰাধমূলক কাৰ্যকলাপৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে কাম কৰা সংগঠন ‘ছেভ ইউথ - ষ্টুডেণ্ট এগেইনষ্ট ভায়োলেঞ্চ’ত তেওঁ এজন ফেচিলিটেটৰ (সহায়তাকাৰী) হিচাপে কৰ্মৰত আছিল। তদুপৰি, তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ সূৰ্যসেন হল ‘এচ’চিয়েশ্যন অৱ পলিটিকেল ছায়েন্স’ৰ সাধাৰণ সম্পাদক হিচাপেও দায়িত্ব নিৰ্বাহ কৰিছিল।২০
সমালোচনা
২০২৫ চনৰ ১ ডিচেম্বৰত ছাদিক কায়েমে অনলাইনত মিম প্ৰস্তুত কৰি মিছা তথা ভিত্তিহীন তথ্য প্ৰচাৰ (অপপ্ৰচাৰ), মহিলা নেত্ৰীসকলক চাইবাৰ বুলিং কৰা, অশ্লীল এআই (AI) এডিটিং আৰু শালীনতাহানিৰ ভাবুকি প্ৰদানৰ অভিযোগত ৯টা মিম সম্পৰ্কীয় ফেচবুক পেজ আৰু ৩টা ফেচবুক একাউণ্টৰ বিৰুদ্ধে গোচৰ তৰে।২১ তার মামলা করার বিষয়টি ফেসবুকে আলোচনা-সমালোচনার সৃষ্টি করে।২২
আৰু চাওক
- বাংলাদেশ ইছলামিক ছাত্ৰ সন্থা
- ঢাকা বিশ্ববিদ্যালয় কেন্দ্ৰীয় ছাত্ৰ সন্থা
- ২০২৫ চনৰ DUCSU নিৰ্বাচন
বাহ্যিক সংযোগসমূহ
*।
তথ্যসূত্ৰ
- ↑ শিবির নেতা থেকে ডাকসুর ভিপি: আলোচনার কেন্দ্রবিন্দু সাদিক কায়েম. বাংলা ট্রিবিউন
- ↑ ঢাবি শিবিরের সভাপতি পরিচয় দেওয়া কে এই সাদিক কায়েম. kalerkantho.com
- ↑ ঢাবি শিবিরের সভাপতি পরিচয় দেওয়া কে এই সাদিক কায়েম. kalerkantho.com
- ↑ হাওলাদার, আসিফ. (2024-09-22). শিবিরের ঢাকা বিশ্ববিদ্যালয় শাখার সভাপতি প্রকাশ্যে এলেন, নানা আলোচনা. প্রথম আলো
- ↑ নিউজ, সময়. ডাকসুর ভিপি সাদিক কায়েম · শিক্ষা. সময় টিভি
- ↑ Shadik Kayem leaves Chhatra Shibir | businessebangladesh.com |
- ↑ পরিচয় লুকানো ঢাবি শিবিরের সভাপতি কে এই সাদিক কায়েম?. দৈনিক ইনকিলাব
- ↑ ঢাবি শিবিরের সভাপতি পরিচয় দেওয়া কে এই সাদিক কায়েম. কালের কণ্ঠ
- ↑ দেওয়ান, জয়ন্তী. (2025-09-12). পার্বত্য চট্টগ্রাম থেকে ডাকসুর ভিপি-জিএস. প্রথম আলো
- ↑ আলোচিত সাদিক কায়েমসহ শিবিরের সম্পাদক হলেন যারা. জাগোনিউজ
- ↑ (২৩ সেপ্টেম্বর ২০২৪). Student leader Shadik Kayem on July 36. ভোরের কাগজ
- ↑ (২৪ সেপ্টেম্বর ২০২৪). The Victory of 36th July Was a Result of Collective Contribution: Shadik Kayem. বাংলা আওয়ার
- ↑ (২৩ সেপ্টেম্বর ২০২৪). Student leader Shadik Kayem on July 36. ভোরের কাগজ
- ↑ (২৪ সেপ্টেম্বর ২০২৪). The Victory of 36th July Was a Result of Collective Contribution: Shadik Kayem. Bangla Hour
- ↑ (১ মে ২০২৬). জামায়াতের মেয়র প্রার্থী হিসেবে সাদিক কায়েমের নাম প্রচার, শিবির বললো সুযোগ নেই. দৈনিক ইত্তেফাক
- ↑ ফেসবুকজুড়ে চলছে আলোচনার ঝড়, ঢাবি ছাত্রশিবিরের সভাপতি কে এই আবু সাদিক কায়েম. amadershomoy.com
- ↑ ডাকসু নির্বাচনে ভোট দিলেন সাদিক কায়েম. ইত্তেফাক
- ↑ সাদিক কায়েম ভিপি, ফরহাদ জিএস নির্বাচিত. মানবজমিন
- ↑ সরকার, শুভা জিনিয়া চৌধুরী,মো মাহফুজার রহমান. ডাকসু নির্বাচন: ছাত্রশিবিরের সাদিক ভিপি, ফরহাদ জিএস, মহিউদ্দীন এজিএস নির্বাচিত. প্রথম আলো
- ↑ (২২ সেপ্টেম্বর ২০২৪). ঢাবি শিবিরের সভাপতি পরিচয় দেওয়া কে এই সাদিক কায়েম. www.kalerkantho.com
- ↑ এক ডজন ফেসবুক পেজ-আইডির বিরুদ্ধে ডিবিতে মামলা করলেন ভিপি সাদিক কায়েম. ডেইলি ক্যাম্পাস
- ↑ রাজনৈতিক মিম-সংস্কৃতি, জনমতের যুদ্ধক্ষেত্র. কালবেলা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাদিক কায়েম” প্ৰবন্ধৰ সংশোধন ৬২৬২৪৯ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।