চৈয়দ মোডী (:Syed Modi,৩১ ডিচেম্বৰ ১৯৬২ – ২৮ জুলাই ১৯৮৮), চৈয়দ মেহদী হাছান জাইদী নামেৰে জন্মগ্ৰহণ কৰা এজন ভাৰতীয় বেডমিণ্টন একক খেলুৱৈ আৰু আঠবাৰৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়ন (১৯৮০–১৯৮৭)। আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ মঞ্চত তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কৃতিত্ব আছিল ১৯৮২ চনৰ কমনৱেলথ গেমছত পুৰুষৰ একক খিতাপ দখল কৰাত। ইয়াৰ উপৰিও তেওঁ লাভ কৰা আন তিনিটা আন্তঃৰাষ্ট্ৰীয় খিতাপ, যথাক্ৰমে অষ্ট্ৰিয়ান ইণ্টাৰনেশ্যনেল (১৯৮৩ & ১৯৮৪ চনত) আৰু ইউ এছ এছ আৰ ইণ্টাৰনেশ্যনেল (১৯৮৫ চনত), যি দুয়োটা ইউৰোপীয় বেডমিণ্টন চাৰ্কিত প্ৰতিযোগিতাৰ অন্তভুক্ত আছিল।
১৯৮৮ চনৰ ২৮ জুলাইত লক্ষ্ণৌত অনুশীলনৰ অন্তত কে ডি সিং বাবু ষ্টেডিয়ামৰ পৰা ওলাই অহাৰ সময়ত গুলীজনিত হত্যাকাণ্ডত মৃত্যু হৈ মোডীৰ খেলুৱৈ জীৱন স্তব্ধ হৈছিল। এই হত্যাকাণ্ডই ভাৰতক স্তম্ভিত কৰিছিল, বিশেষকৈ যেতিয়া আৰক্ষীয়ে মোডীৰ পত্নী অমীতা আৰু তেওঁৰ প্ৰেমিক (আৰু ভৱিষ্যত স্বামী) সঞ্জয় সিংৰ বিৰুদ্ধে হত্যাৰ অভিযোগ দাখিল কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
উত্তৰ প্ৰদেশৰ চৌৰী চাউৰাৰ পৰা পাঁচ কিলোমিটাৰ নিলগত অৱস্থিত চৰ্দাৰনগৰ চহৰত চৈয়দ মাহদি হাছান জাইদীৰ জন্ম হৈছিল। তেওঁ লোকৰ পৰিয়ালটো উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাৰ জালালপুৰ চহৰৰ ওচৰৰ জাইদী সাদাত কান্দিপুৰ (বা কাদিপুৰ)ৰ পৰা আহিছিল। তেওঁৰ পিতৃ চৈয়দ মীৰ হাছান জাইদী চৰ্দাৰনগৰ চেনি কলত কাম কৰিছিল আৰু মাতৃ আছিল এগৰাকী গৃহিণী। তেওঁলোকৰ আঠটা সন্তান (ছজন পুত্ৰ আৰু দুগৰাকী কন্যা)ৰ ভিতৰত চৈয়দ মোডী আছিল সৰু। শৈশৱতে মোডী এজন মহান খেলুৱৈ হোৱাৰ স্পষ্ট ইঙ্গিত পোৱা গৈছিল, আৰু মোডীৰ জ্যেষ্ঠ ভাতৃসকলে তেওঁক এই ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল।
মোদীয়ে প্ৰথম স্থানীয় বিদ্যালয়ত নাম লিখাওতে স্কুলৰ নামতালিকাত তেওঁৰ নাম লিখা ব্যক্তিজনে তেওঁৰ উপাধি "মেহদী"ৰ ঠাইত অধিক প্ৰচলিত ভাৰতীয় উপাধি "মোডী" বুলি ভুল কৰি লিখিছিল।১ ফলত এইটোৱেই তেওঁৰ সকলো শৈক্ষিক আৰু চৰকাৰী অভিলেখত লিপিবদ্ধ হৈ পৰিলত পিছলৈ তেওঁ বিষয়টো শুধৰণি কৰিবলৈ বিশেষ চেষ্ঠা নকৰিলে। পঢ়া-শুনাত মধ্যমীয়া মোদীয়ে শিক্ষাৰ ক্ষেত্ৰত গড় নম্বৰহে লাভ কৰিছিল যদিও এজন উল্লেখযোগ্য ক্ৰীড়াবিদ হৈ পৰিছিল। মুকলিমনৰ, মৰমিয়াল স্বভাৱ আৰু উজ্জ্বল চেহেৰাৰ বাবে তেওঁ স্কুলত অতি জনপ্ৰিয় আছিল। তেওঁৰ জেষ্ঠ ভাতৃসকলে তেওঁক মৰম কৰিছিল আৰু প্ৰয়োজন অনুসৰি তেওঁৰ প্ৰশিক্ষণৰ বাবে ধন আগবঢ়াইছিল। আজীৱন দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰা পৰিয়াল টোৱে আশা কৰিছিল মোদিয়ে সুনাম অৰ্জন কৰি বৃদ্ধ বয়সত পিতৃ-মাতৃৰ বাবে সন্মান, গৌৰৱ আৰু সুখ কঢ়িয়াই আনিব।
কৰ্ম জীৱন
মোদীয়ে তেওঁলোকৰ আশা আৰু প্ৰাৰ্থনা পূৰণ কৰিবলৈ সক্ষম হৈছিল তেওঁৰ জীৱনৰ অতি চমু কালছোৱাৰ ভিতৰতে। ১৯৭৬ চনত মাত্ৰ ১৪ বছৰ বয়সতে চৈয়দ মোডী জুনিয়ৰ নেচনেল বেডমিণ্টন চেম্পিয়ন হয়। সেই বছৰতে মোদীয়ে পি.কে. ভাণ্ডাৰী (পুষ্প কুমাৰ ভাণ্ডাৰী – মুখ্য বেডমিণ্টন প্ৰশিক্ষক, এন.আই.এছ, পাটিয়ালা)অধিনত প্ৰশিক্ষণ লয় আৰু সেইয়া ১৯৮২ চনলৈকে চলি থাকে। ইয়াৰ পিছত তেওঁ ভাৰতীয় দলৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক দিপু ঘোষৰ অধীনত প্ৰশিক্ষণ লয়।২৩
১৯৮০ চনত ওঠৰ বছৰীয়া মোদীয়ে ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ লাভ কৰে। সেই বছৰতে ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগে মোডীক ভাৰতীয় ৰেলৱে (NE)ত কল্যাণ বিষয়া হিচাপে দৰমহা পোৱা চাকৰিত মকৰল কৰে। প্ৰথমে তেওঁক গৃহ চহৰ আৰু পৰিয়ালৰ ওচৰৰ গোৰখপুৰত নিযুক্তি দিয়া হৈছিল। ১৯৮২ চনত তেওঁৰ নতুন প্ৰশিক্ষকে বিচাৰিছিল যে তেওঁ লক্ষ্ণৌত প্ৰশিক্ষণ লওক য’ত উন্নত সুবিধা আছে, সেয়েহে তেওঁক তালৈ বদলি কৰা হয়।
চৈয়দ মোদীয়ে ১৯৮০ চনৰ পৰা ১৯৮৭ চনৰ ভিতৰত প্ৰতি বছৰে (একেৰাহে আঠবাৰ) ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপ লাভ কৰিছিল। ১৯৮১ চনত ভাৰত চৰকাৰৰ পৰা অৰ্জুন বঁটা লাভ কৰে। ১৯৮২ চনৰ এছিয়ান গেমছত তেওঁ পুৰুষৰ একক ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। একে বছৰতে (১৯৮২) তেওঁ ইংলেণ্ডৰ নিক য়েটছক ৭–১৫, ১৫–৫, ১৫–৭ মানাংকত পৰাস্ত কৰি ১৯৮২ চনৰ কমনৱেলথ গেমছত পুৰুষৰ একক শাখাত সোণৰ পদক লাভ কৰে।৪ ১৯৮৩ আৰু ১৯৮৪ চনত তেওঁ অষ্ট্ৰেলিয়ান আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়ী হয়। তাৰ পিছত ১৯৮৭–৮৮ চনৰ পৰা তেওঁৰ খেলৰ মানদণ্ড তললৈ নামিবলৈ আৰম্ভ কৰে অৰ্থাৎ তেতিয়াৰ পৰা,যেতিয়াৰ পৰা তেওঁৰ বিবাহিত জীৱনলৈ দুৰ্যোগ নামি আহিবলৈ ধৰে। কাৰণ তেওঁৰ পত্নীৰ প্ৰেমৰ সম্পৰ্ক আছিল আন কাৰোবাৰ লগত আৰু ১৯৮৮ চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত পৰাস্ত হয় মোদী। তাৰ কিছু মাহৰ পিছত তেওঁক হত্যা কৰা হয়।
ব্যক্তিগত জীৱন
বিবাহ
১৯৭৮ চনত জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন হৈ থকাৰ সময়তে ১৬ বছৰীয়া মোডী চীনৰ বেইজিঙত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছিল। তালৈ তেওঁৰ সমান বয়সৰ এগৰাকী ছোৱালী বেডমিণ্টন খেলুৱৈ অমীতা কুলকাৰ্ণী মহিলা দলত গৈছিল, আৰু উচ্চতম ন্যায়ালয়ে পিছলৈ লিপিবদ্ধ কৰা মতে, "দুয়োজনৰ মাজত ঘনিষ্ঠতা গঢ় লৈ উঠিছিল।"৫ মোডী উত্তৰ ভাৰতৰ মুছলমান হোৱাৰ বিপৰিতে অমীতা মহাৰাষ্ট্ৰৰ এগৰাকী হিন্দু আছিল আৰু মহাৰাষ্ট্ৰৰ মুম্বাইত ডাঙৰ-দীঘল হৈছিল আৰু ধনী, উচ্চ শ্ৰেণীৰ ইংৰাজী শিক্ষাৰে শিক্ষিত পৰিয়ালৰ পৰা আহিছিল। যত নেকি মোডীৰ নিজৰ পটভূমি অতি পৃথক আছিল। দুয়োটা পৰিয়ালে মোডী আৰু অমীতাৰ মাজত বিবাহৰ তীব্ৰ বিৰোধিতা কৰিছিল,যদিও দুয়ো অধিক খৰখেদাকৈ পঞ্জীয়ন কৰি বিবাহপাশত আবদ্ধ হয়।
বিয়াৰ অলপ দিনৰ পিছৰে পৰা দম্পতীহালৰ সমস্যা হ’বলৈ ধৰিলে। ইজনে সিজনৰ প্ৰতি আশা কৰা মতে নোপোৱা আচৰণৰ বেদনা, পেছাদাৰী ঈৰ্ষাৰ লগতে ধৰ্মীয় বিষয়সমূহৰ ইংগিত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (CBI)ৰ প্ৰতিবেদনতো নিৰ্ণায়কভাৱে চিনাক্ত কৰা হৈছে।৬ সকলোতকৈ গুৰুত্বপূৰ্ণ আছিল তৃতীয় এজন ব্যক্তিৰ প্ৰবেশ। এইজন আছিল ধনবল,জনবল থকা ব্যক্তি সঞ্জয় সিং,যি জন তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সহপাঠী আৰু বন্ধু, লগতে শাসকীয় কংগ্ৰেছ দলৰ এজন বিশিষ্ট ৰাজনীতিবিদ। অমীতা আৰু সঞ্জয় সিং ১৯৮৪ চনত ইজনে সিজনৰ সংস্পৰ্শলৈ আহে আৰু তেওঁৰ পত্নীৰে সৈতে সিংৰ প্ৰেমৰ সম্পৰ্ক হোৱা বুলি মোদীয়ে সন্দেহ কৰিবলৈ ধৰিলে। সঞ্জয় সিং আছিল বিবাহিত পুৰুষ আৰু দুটা সন্তানৰ পিতৃ, অমীতা আৰু মোডী দম্পতীৰ বিবাহপাশত আবদ্ধ হোৱাৰ কেইবাবছৰ পিছতো নিসন্তান আছিল।
অমীতা গৰ্ভৱতী হোৱাৰ লগে লগে কথাবোৰ তুংগত উঠিল। চিবিআইৰ প্ৰতিবেদন অনুসৰি মোদীয়ে সন্দেহ কৰিছিল যে শিশুটি তেওঁৰ নহয়, বৰঞ্চ সিংৰ সৈতে অমীতাৰ প্ৰেমৰ ফল। ১৯৮৮ চনৰ মে' মাহত এটি কন্যা সন্তানৰ জন্ম হয় আৰু অমিতাই তেওঁক হিন্দু নাম আকাংক্ষা দিয়ে।৭ চৈয়দে ১৯৮০ চনৰ পৰা ১৯৮৭ চনলৈকে একেৰাহে আঠবাৰকৈ ৰাষ্ট্ৰীয় ট্ৰফীৰ খিতাপ দখল কৰি থাকিলেও পিছলৈ ব্যক্তিগত সমস্যাই প্ৰকৃততে মোডীৰ ক্ৰীড়া প্ৰদৰ্শনত প্ৰভাৱ পেলাইছিল যাৰ বাবে শেহতীয়াকৈ তেওঁ ৰাষ্ট্ৰীয় ট্ৰফী (১৯৮৮) হেৰুৱাইছিল।
হত্যা
কন্যা সন্তান জন্মৰ দুমাহৰ পাছত চৈয়দ মোডীক হত্যা কৰা হয়। ১৯৮৮ চনৰ ২৮ জুলাইৰ সন্ধিয়া ২৫ বছৰ বয়সত নিয়মীয়া অনুশীলন কৰি লক্ষ্ণৌৰ কে ডি সিং বাবু ষ্টেডিয়ামৰ পৰা ওলাই অহা মোডীক গুলীয়াই হত্যা কৰা হয়। ভাৰতৰ বেডমিণ্টনৰ এক উজ্জ্বল নক্ষত্ৰৰ কৰ্মজীৱন ইমানতে সমাপ্ত কৰি দিয়া হল যি এদিন প্ৰকাশ পাডুকনৰ দৰে ছুপাৰষ্টাৰ হবলৈ গৈ আছিল।২
মোডীৰ হত্যাকাণ্ডক লৈ হোৱা কেলেংকাৰীয়ে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল।৮ চিবিআইৰ তদন্তৰ পিছত চাৰ্জশ্বীটত ৭জন লোকৰ নাম উল্লেখ কৰা হৈছিল, য’ত মোডীৰ পত্নী অমীতা আৰু তেওঁৰ ভৱিষ্যত স্বামী সঞ্জয় সিংও আছিল। বিবাহ বহিৰ্ভূত প্ৰেমৰ বাবে চৈয়দক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও অমীতা মোডী আৰু সঞ্জয় সিঙৰ গোচৰটো বাদ দিয়া হৈছিল,– ষড়যন্ত্ৰৰ সহায়ত বাচি গৈছিল, আৰু অখিলেশ সিং আৰু জিতেন্দ্ৰ সিঙক পৃথকে পৃথকে দোষমুক্ত কৰা হৈছিল। পিছত সঞ্জয় সিং আৰু অমীতা মোডীৰ বিবাহ হয়। আন দুজন অভিযুক্ত – অমৰ বাহাদুৰ সিং আৰু বলাই সিংৰ বিচাৰৰ পূৰ্বেই মৃত্যু হয়। ভাগৱতী সিংক হত্যা আৰু অবৈধ অস্ত্ৰ ৰখাৰ দোষী সাব্যস্ত কৰি জৰিমনা বিহা আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।১৯১০১১১২ ১৩এই হত্যাকাণ্ডই জনসাধাৰণৰ মনোজগতত নিৰ্মম আঘাত দিলে।১৪ হত্যাকাণ্ডৰ কিছুদিনৰ ভিতৰতে চিবিআইয়ে মোডীৰ ব্যভিচাৰী পত্নী আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰে,১৫ কিন্তু তাৰ পিছত চৰকাৰে তদন্ত বন্ধ কৰি দিয়ে বুলি অৱসৰপ্ৰাপ্ত তদন্তকাৰী বিষয়াসকলে জনায়।১৬ প্ৰমাণসমূহৰ ভিতৰত আছিল অমীতাৰ মাতৃয়ে লিখা চিঠি, আকাংক্ষৰ পিতৃত্ব সম্পৰ্কে, আৰু লগতে ১৯৮৪ চনত চৈয়দ মোডী আৰু অমীতাৰ এংগেজমেণ্টৰ সময়ত লিখা চিঠি আৰু পিছলৈ চৈয়দ মোদীয়ে আত্মহত্যাৰ ভাবুকি দিয়া চিঠি।১৭
তাৰ পিছৰ পৰিণতি
প্ৰমাণৰ অভাৱত মুক্তি পোৱাৰ কিছু দিনৰ পিছতে মোডীৰ বিধৱা অমিতাই দীৰ্ঘদিনীয়া প্ৰেমিক সঞ্জয় সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহে সংবাদ মাধ্যমত চাঞ্চল্যকৰ স্থান দখল কৰিছিল আৰু ভাৰতৰ আগ শাৰীৰ বাতৰি কাকতত প্ৰথম পৃষ্ঠাৰ বাতৰি হৈ পৰিছিল। সঞ্জয় সিংৰ প্ৰথমা পত্নী গৰিমা সিঙে আদালতত গোচৰ ৰুজু কৰি স্বামীৰ সৈতে কেতিয়াও বিবাহ বিচ্ছেদ হোৱা নাই বুলি উল্লেখ কৰি আদালতে তেওঁৰ দ্বিতীয় বিবাহক অবৈধ বুলি ঘোষণা কৰিবলৈ প্ৰাৰ্থনা কৰিছিল।
গোচৰত আদালতে সঞ্জয় সিং আৰু অমীতা মোডীৰ বিবাহ বাতিল কৰে যদিও বহু কাৰণত সঞ্জয় সিংৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক কাৰ্য্যবিধি আৰম্ভ কৰিব পৰা নগ’ল।এই দুয়োটা গোচৰ ২০ বছৰতকৈও অধিক সময়ৰ পাছতো (২০১৬ চনৰ হিচাপত) আদালতত বিচাৰাধীন হৈ আছে। ইফালে অমীতা মোডী আৰু সঞ্জয় সিঙে স্বামী-স্ত্ৰী হিচাপে সকলো উদ্দেশ্য পুৰণ কৰি সহবাস কৰি আহিছে। সঞ্জয় সিঙে আনুষ্ঠানিকভাৱে দত্তক লোৱা আকাংক্ষাৰ বাহিৰে তেওঁলোকৰ কোনো সন্তান নাই।
চাঞ্চল্যকৰ কাহিনী আৰু ৰাজহুৱা আৰু আইনী ঠগবাজিৰ পিছত সঞ্জয় সিঙে ৰাজনৈতিক কেৰিয়াৰৰ পৰা দীৰ্ঘদিনীয়া বিশ্ৰাম ল’বলগীয়া হৈছিল। কিন্তু পিছলৈ তেওঁ কেৱল ৰাজনীতিলৈ ঘূৰি অহাই নহয়, অমীতাক ৰাজনৈতিক ক্ষেত্ৰখনত চিনাকি কৰাই দি পূৰ্বতে সঞ্জয় সিংক দত্তক লোৱা পৰিয়ালটোৱে শাসন কৰা আমেথিৰ পৰা ৰাজ্যিক বিধানসভালৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল মোডীৰ বিধৱা।
স্মৃতিচাৰণ প্ৰতিযোগিতা
মোডীৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত এখন বেডমিণ্টন প্ৰতিযোগিতা গঠন কৰা হয়। সৰ্বভাৰতীয় চৈয়দ মোডী বেডমিণ্টন চেম্পিয়নশ্বিপ প্ৰতি বছৰে লক্ষ্ণৌত আয়োজন কৰা হৈছিল,১৮ যি ২০০৪ চনত "চৈয়দ মোডী আন্তৰ্জাতিক প্ৰত্যাহ্বান"লৈ ৰূপান্তৰিত হৈছিল আৰু ২০০৯ চনৰ ডিচেম্বৰৰ পৰা ই ভাৰতীয় বেডমিণ্টন এছ'চিয়েচনে আয়োজন কৰা "চৈয়দ মোডী গ্ৰেণ্ড প্ৰিক্স"লৈ পৰিণত হৈছিল। এই ইভেণ্টটো পিছলৈ ২০১৮ চনৰ পৰা "চৈয়দ মোদী ইণ্টাৰনেশ্যনেল" নামেৰে আৰু ২০২০ চনৰ পৰা চৈয়দ মোদী ইণ্ডিয়া ইণ্টাৰনেশ্যনেল" নামেৰে নতুনকৈ প্ৰৱৰ্তিত বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ফৰ্মেটত ছুপাৰ ৩০০ স্তৰৰ প্ৰতিযোগিতালৈ ৰূপান্তৰিত হয়।১৯২০ যি ৰেলৱেৰ তেওঁ কৰ্মচাৰী আছিল, তেওঁৰ জন্মস্থান গোৰখপুৰত চৈয়দ মোদী ৰেলৱে ষ্টেডিয়াম আৰু প্ৰেক্ষাগৃহ মুকলি কৰে।২১
বোলছৱি
অভিনেতা তথা পৰিচালক দেৱ আনন্দে মোদীৰ হত্যাকাণ্ডৰ আধাৰত এখন থ্ৰিলাৰ ছবি নিৰ্মাণ কৰিছিল। ছাউ কোটি (Sau Crore) ১৯৯১ চনত মুক্তি লাভ কৰিছিল আৰু তাত মোদীৰ ভূমিকাত ৰমন কাপুৰ অভিনয় কৰিছিল। ছবিখনে বক্স অফিচত আচৰিত ধৰণে সফলতা অৰ্জন কৰিছিল। চৈয়দ মোদীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত এখন নতুন ZEE5 ৱেব ছিৰিজ Chargesheet।
তথ্যসূত্ৰ
- ↑ (21 August 2009). Syed Modi case closed, motive unclear. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (16 May 1980). Modi flexing is muscles in the wings. New Straits Times
- ↑ (4 May 2006). NSNIS chief badminton coach Bhandari retires. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (9 October 1982). Smaller countries winning medals. The Spokesman-Review
- ↑ Biography
- ↑ India Today
- ↑ Political pot boiler. India Today
- ↑ Bernard Weinraub. (28 August 1998). India Murder Scandal Mixes Sex and Politics. The New York Times
- ↑ (9 December 2004). Court Dismisses CBI Appeal in Syed Modi Murder Case. দ্য হিন্দু
- ↑ (23 August 2009). Life term for one in Syed Modi murder case. দ্য হিন্দু
- ↑ Love all !!. হিন্দুস্তান টাইমছ
- ↑ (22 August 2009). Killer of badminton player Syed Modi gets life imprisonment. হিন্দুস্তান টাইমছ
- ↑ Day of murder
- ↑ Left a wound
- ↑ Ameeta and Sanjay Singh arrested
- ↑ Scuttling the Modi Murder case
- ↑ Letters
- ↑ Express News Service. (8 December 2007). Aparna Popat Regains His Crown at Syed Modi Badminton Tourney
- ↑ (6 December 2004). First Syed Modi International tourney from Dec 8. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (27 March 2009). "Also the Syed Modi Grand Prix will be organised every year starting from December this year,".. Zee News
- ↑ (11 April 2009). the 54th Railway Week prize distribution function held in the auditorium of Syed Modi Railway stadium,... দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৈয়দ মোডী” প্ৰবন্ধৰ সংশোধন ৬৩৭১১৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।