অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চিৰোম ইন্দিৰা

চিৰোম ইন্দিৰা: Kshetrimayum Indira Devi; নামেৰে পৰিচিত ক্ষেত্ৰিমায়ুম ইন্দিৰা দেৱী এগৰাকী ভাৰতীয় উদ্যোগী, ডিজাইনাৰ, আৰু সমাজকৰ্মী।

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ১৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

চিৰোম ইন্দিৰা: Kshetrimayum Indira Devi; নামেৰে পৰিচিত ক্ষেত্ৰিমায়ুম ইন্দিৰা দেৱী এগৰাকী ভাৰতীয় উদ্যোগী, ডিজাইনাৰ, আৰু সমাজকৰ্মী।

জীৱনী

মণিপুৰৰ ইম্ফলৰ পশ্চিম জিলাত জন্মগ্ৰহণ কৰিছিল দেৱীৰ। পিতৃ-মাতৃৰ ছয়টা সন্তানৰ ভিতৰত তেওঁ হল জেষ্ঠ।১ ৰাজনীতি বিজ্ঞানৰ স্নাতক যদিও গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ হাৰ্ডৱেৰ টেকন’লজিত বয়ন বিষয়তো অধ্যয়ন কৰিছিল আৰু ১৯৯৪ চনত তেওঁৰ প্ৰথম চাকৰি আছিল ওচৰতে GOENKA woolen mills litd ত।

২০০৩ চনত তেওঁ আৰু তেওঁৰ স্বামীয়ে হস্ততাঁত তৈয়াৰী সামগ্ৰীৰ বাবে এটা ৰপ্তানি কোম্পানী স্থাপন কৰে।২

২০১৫ চনত বস্ত্ৰ মন্ত্ৰালয়ে তেওঁৰ এই কামক স্বীকৃতি দিয়ে আৰু তেওঁ হস্ততাঁত সামগ্ৰীৰ ডিজাইন ডেভেলপমেণ্টৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।৩

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত দেৱীক হাতেৰে বোৱা কামৰ বাবে নাৰী শক্তিপুৰস্কাৰ৪ বঁটা প্ৰদান কৰা হয়।৩ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত (ৰাষ্ট্ৰপতি ভৱন) ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মeনেকা সঞ্জয় গান্ধীয়েও অংশগ্ৰহণ কৰি এই বঁটা প্ৰদান কৰে। সেই বছৰ প্ৰায় ৩০ জন লোক আৰু ৯ টা সংস্থাক সন্মান জনোৱা হয় আৰু এই বঁটা আৰু ১ লাখ টকাকৈ পুৰস্কাৰ লাভ কৰে।৫৬ সেইদিনা সন্মানিত হোৱা আন এজন ব্যক্তি আছিল মধু জৈন যিয়ে বস্ত্ৰশিল্পতো পাৰদৰ্শিতা দেখুৱাইছিল।৭ সেই বঁটাৰ একেদিনাই পোন্ধৰগৰাকী মহিলাৰ বাবে মহিলা ৰূপান্তৰকাৰী ভাৰত বঁটা লাভৰ বাবে মনোনয়ন মুকলি আছিল যিটোৰ বাবে তেওঁ মনোনীত হৈছিল আৰু সেই বছৰৰ শেষৰ ফালে তেওঁক বঁটা প্ৰদান কৰা হৈছিল।১

২০১৮ চনৰ ভিতৰত তেওঁ ১৯৯২ চনত গঠন হোৱা অল ইণ্ডিয়া হেণ্ডলুম ব'ৰ্ড১ ৰ সদস্য হৈ পৰে।

তথ্যসূত্ৰ

  1. ↑ (2018-12-17). Kshetrimayum Indira Devi of Manipur conferred Women Transforming India Award 2018 by NITI Aayog & United Nations India · Times Of Manipur %. Times Of Manipur
  2. ↑ Chirom Indira Promoter of Manipuri Handlooms products. e-pao.net
  3. ↑ Manipur's Chirom Indira awarded Nari Shakti Puraskar 2017. NORTHEAST NOW
  4. ↑ Nari Shakti Puraskar - Gallery. narishaktipuraskar.wcd.gov.in
  5. ↑ On International Women’s Day, the President conferred the prestigious Nari Shakti Puraskars to 30 eminent women and 9 distinguished Institutions for the year 2017. pib.gov.in
  6. ↑ International Women's Day: President Kovind honours 39 achievers with 'Nari Shakti Puraskar'. The New Indian Express
  7. ↑ (6 January 2019). Madhu Jain Honoured by Ministry of Textiles' Award for Special Recognition in Textile Sector. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৰোম ইন্দিৰা” প্ৰবন্ধৰ সংশোধন ৫০১৭৫৬ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।