চিন্নাৰী পেলীকুথুৰু হৈছে মা টিভিত সম্প্ৰচাৰিত এখন ভাৰতীয় ধাৰাবাহিক। এইখন কালাৰ্ছ টিভিত প্ৰচাৰিত বালিকা বধু নামৰ ধাৰাবাহিকখন ডাব কৰি বনোৱা হৈছিল। ধাৰাবাহিকখনত ৰাজস্থানৰ এখন গাঁঁৱত বালিকাৱস্থতাতেই বিয়া হোৱা এগৰাকী কন্যাৰ মহিলা অৱস্থা পোৱালৈকে লাভ কৰা কষ্টকৰ জীৱন যাত্ৰাটো ৰূপায়ণ কৰা হৈছিল।১ চিন্নাৰী পেলীকুথাৰু তামিল ভাষাত মান বসনাই নামেৰে ৰাজ টিভিত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰে সাত বজাত সম্প্ৰচাৰিত হৈছিল।
সাৰাংশ
চিন্নাৰী পেলীকুথুৰুত শৈশৱতে বিবাহপাশত আৱদ্ধ হোৱা আনন্দি আৰু জগদীশৰ কাহিনী দেখুওৱা হৈছিল। আনন্দিয়ে আঠ বছৰ বয়সতে এটা অচিনাকি পৰিৱেশত এগৰাকী পত্নী,বোৱাৰী,বান্ধৱী আৰু প্ৰেমিকাৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল।
১৬বছৰ পাছত
ডাঙৰ হৈ অহাৰ লগে লগে আনন্দি জগদীশৰ প্ৰেমত পৰে আৰু জগদীশেও আনন্দিক পত্নী তথা বান্ধৱী হিচাপে আঁকোৱালী লয়। কিন্তু পিছত জগদীশে মুম্বাইত পঢ়িবলৈ গৈ গৌৰী নামৰ এগৰাকী সহপাঠীৰ প্ৰেমত পৰি বিয়া পাতে আৰু আনন্দিৰ লগত বিবাহ বিচ্ছেদ কৰে।
জগদীশৰ পৰিয়ালে আনন্দিক তেওঁলোকৰ লগতেই ৰাখে আৰু আনন্দিয়ে তাতে থাকি এটা স্বেচ্ছাসেৱী সংগঠনৰ সৈতে যুক্ত হৈ স্ত্ৰীশিক্ষাৰ বাবে আৰু শিশুবিবাহৰ বিৰুদ্ধে লাগি পৰে। সেইসময়তে আনন্দিৰ ডিষ্ট্ৰিক্ট কালেক্টৰ শিৱৰাজ শেখৰৰ সৈতে চিনাকি হয় যিয়ে আনন্দিৰ সামাজিক কামত মোহিত হৈছিল। তাকে দেখি জগদীশৰ পৰিয়ালে আনন্দিক শিৱৰাজৰ সৈতে বিয়া হৈ জীৱনটো নতুনকৈ সজোৱাৰ পৰামৰ্শ দিয়ে।
ইপিনে জগদীশে নিজৰ ভুল বুজিব পাৰি গৌৰীক বিবাহ বিচ্ছেদ দিয়ে আৰু নিজৰ পৰিয়ালৰ মাজলৈ ঘূৰি আহে। কিন্তু ইতিমধ্যে আনন্দি আৰু শিৱৰাজৰ বিয়া হৈ যোৱা কথা জানিব পাৰি জগদীশ হতবাক হৈ পৰে। যদিও আনন্দিয়ে জগদীশক ক্ষমা কৰি দিয়ে আৰু ভাল বন্ধু হৈ ৰোৱাৰ কথা দিয়ে। কিছুদিন পিছত জগদীশে গঙ্গা নামৰ এগৰাকী মহিলা লগ পায় যি শিশুবিবাহ আৰু ঘৰুৱা হিংসাৰ চিকাৰ হৈ আছিল। জগদীশে তেওঁক শিক্ষা গ্ৰহণ কৰি এগৰাকী পৰিচাৰিকা হোৱাত সহায় কৰে। পিছলৈ জগদীশে গঙ্গাক বিয়া কৰায়।
আনন্দি আৰু শিৱৰাজে হাড়ৰ বিষত ভূগি থকা এটি শিশু তুলি লয় আৰু চিকিৎসাৰ জৰিয়তে খোজ কাঢ়িব পৰাকৈ সক্ষম কৰি তোলে। কিন্তু পিছত সেই শিশুটিৰ প্ৰকৃত পিতৃমাতৃক বিচাৰি পোৱাত তেওঁলোকে চমজি লয়। দুই বছৰ পিছত শিৱৰাজে উদয়পুৰক এটা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা বচাবলৈ মৃত্যুক আঁকোৱালী লয় আৰু সেই ঘটনাটোৰ খুব কম সময়ৰ ভিতৰতেই আনন্দিয়ে নন্দিনী আৰু শিৱম নামৰ দুটি যঁজা সন্তানৰ জন্ম দিয়ে। গঙ্গাই নিজৰ অধ্যয়ন অব্যাহত ৰাখি এগৰাকী চিকিৎসক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইপিনে নন্দিনীক তিনিমাহ বয়সতে অখিৰাজ কুমাৰ নামৰ এজন লোকে অপহৰণ কৰে আৰু নিৰ্মালী নাম দি নিজৰ পুত্ৰ কুমাৰলৈ বিয়া দিয়ে।
১১বছৰ পিছত
নন্দিনীয়ে শিশুবিবাহ আৰু গাৰ্হস্থ্যহিংসাৰ স্বীকাৰ হবলগীয়া হয় যিহেতু কুমাৰ নন্দিনীৰ প্ৰতি ক্ৰমাৎ হিংসুক হৈ পৰিছিল। সেইসময়তে জগদীশে নন্দিনীক বিচাৰি পায় আৰু মাকৰ সৈতে লগলগাই দিয়ে। অখিৰাজক গ্ৰেপ্তাৰ কৰা হয় যদিও সি পলাই সাৰিবলৈ সক্ষম হয়। অখিৰাজে জগদীশ,নন্দিনী আৰু আনন্দিক কেইবাবাৰো হত্যাৰ প্ৰচেষ্টা চলাই বিফল হৈ গঙ্গাক অপহৰণ কৰে আৰু তাইৰ বিনিময়ত জগদীশ,নন্দিনী আৰু আনন্দিক বিচাৰে। তাৰপিছত তিনিওকে হত্যা কৰিব চেষ্টা কৰে যদিও আনন্দিক হত্যা কৰিব সক্ষম হয় আৰু জগদীশৰ গুলীত অখিৰাজৰ মৃত্যু হয়।
১৫ বছৰৰ পিছত
এই চিজনটোত নন্দিনী আৰু শিৱম এখন অনাথ আশ্ৰমত ডাঙৰ হোৱাৰ কাহিনী দেখুওৱা হৈছে। এজন মানুহে নন্দিনীৰ সৈতে অপকৰ্ম কৰিবলৈ প্ৰচেষ্টা চলোৱাত মানুহজনক শিৱমে হত্যা কৰে। নন্দিনীক মি: শেখাৱট নামৰ আন এজন মানুহে ডাঙৰ দীঘল কৰে আৰু তেওঁৰ আশ্ৰয়ত নন্দিনী এগৰাকী ডাক্টৰ হবলৈ সক্ষম হয়।
বিতৰণ
চিন্নাৰী পেলীকুথুৰু তামিল ভাষাত মান বসনাই নামেৰে ৰাজ টিভিত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰে সাত বজাত সম্প্ৰচাৰিত হৈছিল।
তেলেগু ভাষাত চিন্নাৰী পেলীকুথুৰু হিচাপে মা টিভিত সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰে ছয় বজাত সম্প্ৰচাৰিত হৈছিল।
আন্তঃৰাষ্ট্ৰীয় সম্প্ৰচাৰ
- ত মালা নেভজেষ্টা নামেৰে ডোমা টিভিত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰে আঠ বজাত (কেন্দ্ৰীয় ইউৰোপীয় সময়) সম্প্ৰচাৰিত হৈছিল।
- ত নভা টিভিত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰে চাৰি বজাত (কেন্দ্ৰীয় ইউৰোপীয় সময়) সম্প্ৰচাৰিত হৈছিল।
- ত নেচনেল টিভিত মিকা মিৰাইছা হিচাপে সম্প্ৰচাৰিত হৈছিল।
- ত আৰ টিভি পিংকত প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া চাৰি বজাত (কেন্দ্ৰীয় ইউৰোপীয় সময়) সম্প্ৰচাৰিত হৈছিল।
- ত মালা নেভজেষ্টা হিচাপে সম্প্ৰচাৰিত হৈছিল।
তথ্যসূত্ৰ
- ↑ Colors TV Show/Serial - episodes, videos online on Colors. aapkacolors.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিন্নাৰী পেল্লিকুথুৰু” প্ৰবন্ধৰ সংশোধন ৪৪৫৯৭৬ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।