অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দ্য চিম্পছনছ

দ্য চিম্পছনছ হৈছে এখন আমেৰিকান এনিমেটেড চিটকম। ফক্স ব্ৰডকাষ্টিং কোম্পানীৰ দ্বাৰা প্ৰচাৰিত এই ধাৰাবাহিকখনৰ নিৰ্মাতা মেট গ্ৰ'নিঙ। চিম্পছন পৰিয়াল অৰ্থাৎ হোমাৰ, মাৰ্জ, বাৰ্ট, লিজা, আৰু মেগীৰে গঠিত এই ধাৰাবাহিকখন আমেৰিকাৰ জীৱনৰ ব্যংগমূলক চিত্ৰণ।

হালনাগাদ: ২৭ জুন ২০২৩ ৪৫৪ শব্দ · ৩ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

দ্য চিম্পছনছ হৈছে এখন আমেৰিকান এনিমেছন চিটকম। ফক্স ব্ৰডকাষ্টিং কোম্পানীৰ দ্বাৰা প্ৰচাৰিত এই ধাৰাবাহিকখনৰ নিৰ্মাতা মেট গ্ৰ'নিঙ।১ ২ ৩ চিম্পছন পৰিয়াল অৰ্থাৎ হোমাৰ, মাৰ্জ, বাৰ্ট, লিজা, আৰু মেগীৰে গঠিত এই ধাৰাবাহিকখন আমেৰিকাৰ জীৱনৰ ব্যংগমূলক চিত্ৰণ। কাল্পনিক চহৰ স্প্ৰিংফিল্ডত পৰিৱেশিত এই ধাৰাবাহিকখনত সমাজ, পশ্চিমীয়া সংস্কৃতি, টেলিভিছন আৰু মানৱ অৱস্থাৰ ব্যংগাত্মক প্ৰতিফলন ঘটে।

গ্ৰ'নিঙে প্ৰযোজক জেমছ এল ব্ৰুকছৰ ওচৰত এখন এনিমেটেড ধাৰাবাহিকৰ বাবে অনুৰোধ কৰাৰ কিছু সময় পূৰ্বে এই পৰিয়ালটোৰ কল্পনা কৰিছিল। চিম্পছনছ্ নামৰ সমস্যাজৰ্জৰ পৰিয়ালটোৰ সদস্যবোৰৰ নাম তেওঁ নিজৰ পৰিয়ালৰ সদস্যসকলৰ নামতেই ৰাখিছিল আৰু নিজৰ নামৰ ঠাইত বাৰ্ট নামটো ৰাখিছিল। চিম্পছন শব্দটো শুনিবলৈ Simpleton -ৰ দৰে বাবে তেওঁ এই নামটোৱেই বাচি লয়।৪ সৰু-সৰু খণ্ডৰ এই এনিমেছনখন The Tracey Ullman Show -ৰ অংশ হিচাপে প্ৰথমবাৰ ১৯ এপ্ৰিল,১৯৮৭-ত প্ৰচাৰিত হয়। তিনিটা ছিজনৰ পিছত এই খণ্ডবোৰক আধা ঘণ্টাৰ প্ৰাইম টাইম শ্ব'লৈ বিকশিত কৰা হয় আৰু এটা ছিজনত (১৯৮৯–১৯৯০) শীৰ্ষ ৩০ ৰেটিঙত অৱতৰণ কৰা ফক্সৰ প্ৰথমখন ছিৰিজ হিচাপে পৰিগণিত হয়।

১৯৮৯ চনৰ ১৭ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে সম্প্ৰচাৰ হোৱা এই ধাৰাবাহিকখনৰ বৰ্তমানলৈকে ৭৫০টা খণ্ড সম্প্ৰচাৰিত হৈছে। ছিজন আৰু খণ্ডৰ সংখ্যা দুয়োটা দিশতে ই আটাইতকৈ দীৰ্ঘদিন চলা আমেৰিকান এনিমেটেড ধাৰাবাহিক, আটাইতকৈ দীৰ্ঘদিন চলা আমেৰিকান চিটকম, আৰু আটাইতকৈ দীৰ্ঘদিন চলি আমেৰিকান চিত্ৰনাট্যযুক্ত প্ৰাইমটাইম টেলিভিছন ধাৰাবাহিক। ২০০৭ চনৰ ২৭ জুলাইত বিশ্বজুৰি মুক্তি লাভ কৰা, এই ধাৰাবাহিকখনৰ ওপৰত ভিত্তি কৰি নিৰ্মিত The Simpsons Movie ছবিখনে ৫২৭ মিলিয়ন ডলাৰৰ ওপৰত উপাৰ্জন কৰে। এই ধাৰাবাহিকখনে বহুতো কমিক বুক ধাৰাবাহিক, ভিডিঅ' গেম, কিতাপ, আৰু অন্যান্য আনুষংগিক মাধ্যমৰ লগতে কোটি কোটি ডলাৰৰ ব্যৱসায়িক উদ্যোগৰ জন্ম দিছে। দা চিম্পছনছ্ ধাৰাবাহিকখন গ্ৰেচি ফিল্মছ আৰু ২০ নং টেলিভিছনৰ যৌথ প্ৰডাকচন। ৫ ২০২১ চনৰ ৩ মাৰ্চত এই ধাৰাবাহিকখন ৩৩ আৰু ৩৪ ছিজনৰ বাবে নবীকৰণ কৰা বুলি ঘোষণা কৰা হয়, ৬ যাৰ পিছত দুয়োটা চিজনত ২২টা খণ্ড থকাটো নিশ্চিত কৰা হয়, ৭ ইয়াৰ ফলত খণ্ডৰ সংখ্যা ৭০৬ৰ পৰা ৭৫০লৈ বৃদ্ধি পায়। ২০২২ চনৰ ২৫ ছেপ্টেম্বৰত চৌত্ৰিশতম ছিজনৰ প্ৰিমিয়াৰ হৈছিল। ৮ ২০২৩ চনৰ ২৬ জানুৱাৰীত এই ধাৰাবাহিকখনৰ ৩৫ আৰু ৩৬ সংখ্যক ছিজনৰ বাবে নবীকৰণ কৰা হয় য'ত মুঠ ৫১টা খণ্ড আছিল। সাতটা খণ্ড ছিজন ৩৪ৰ হোল্ডঅভাৰ, আনহাতে বাকী ৪৪টা খণ্ড আগন্তুক ছিজনসমূহৰ প্ৰডাকচন চক্ৰত নিৰ্মাণ কৰা হ'ব, যাৰ ফলত শ্ব'টোৰ সামগ্ৰিক খণ্ডৰ মুঠ সংখ্যা ৮০১টা হ'ব ৯

১৯৯০ চনত ইয়াৰ প্ৰাৰম্ভিক ছিজনবোৰত চিম্পছনছে ব্যাপক প্ৰশংসা লাভ কৰিছিল, এই খণ্ডবোৰক সাধাৰণতে চিম্পছনছৰ "সোণালী যুগ" বুলি গণ্য কৰা হয়। কিন্তু তেতিয়াৰ পৰা ইয়াৰ গুণগত মান লাহে লাহে হ্ৰাস পোৱা বুলি সমালোচনা কৰা হয়। টাইম আলোচনীয়ে এই ধাৰাবাহিকখনক ২০ শতিকাৰ শ্ৰেষ্ঠ টেলিভিছন ধাৰাবাহিক বুলি অভিহিত কৰে আৰু দ্য এভি ক্লাবৰ এৰিক এডামছে ইয়াক "ফৰ্মেট নিৰ্বিশেষে টেলিভিছনৰ মুকুটমণ্ডিত কৃতিত্ব" বুলি অভিহিত কৰে। ১০ ২০০০ চনৰ ১৪ জানুৱাৰীত চিম্পছন পৰিয়ালক হলিউড ৱাক অৱ ফেমত তৰা প্ৰদান কৰি সন্মান জনোৱা হয়। ৩৫টা প্ৰাইমটাইম এমি বঁটা, ৩৪টা এনি বঁটা, আৰু ২টা পিবডি বঁটাকে ধৰি ধাৰাবাহিক হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত ই কেইবা ডজন বঁটা লাভ কৰিছে। হোমাৰৰ বিস্ময়সূচক সংলাপ " D'oh! " ইংৰাজী ভাষালৈ গ্ৰহণ কৰা হৈছে, আনহাতে দ্য চিম্পছনে পিছৰ আন বহুতো প্ৰাপ্তবয়স্কমুখী এনিমেটেড চিটকম টেলিভিছন ধাৰাবাহিকক প্ৰভাৱিত কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Ortved. (October 12, 2010). The Simpsons: An Uncensored, Unauthorized History. Faber & Faber. পৃ. 287. ISBN 978-0-86547-939-5
  2. ↑ Facts on File, Incorporated. (2010). Animation. Infobase Publishing. পৃ. 9. ISBN 978-1-4381-3249-5
  3. ↑ Irwin; Conard, Mark T.; Skoble, Aeon J. (August 21, 2013). The Simpsons and Philosophy: The D'oh! of Homer. Open Court. পৃ. 1972. ISBN 978-0-8126-9694-3
  4. ↑ Matt Groening Reveals the Location of the Real Springfield. Smithsonian Magazine
  5. ↑ The Simpsons About the Show
  6. ↑ Andreeva, Nellie. (March 3, 2021). 'The Simpsons' Renewed For Seasons 33 & 34 By Fox. Deadline Hollywood
  7. ↑ Jean, Al. (May 8, 2021). Al Jean's Twitter – Seasons 33 & 34 episode count. Twitter
  8. ↑ Breaking News - FOX Announces Fall Premiere Dates for the 2022-2023 Season · TheFutonCritic.com. www.thefutoncritic.com
  9. ↑ (January 27, 2023). If anyone is questioning the math, @TheSimpsons Season 34 season finale will be Episode 750 — but there are 7 more "holdover" shows airing this fall that were produced as part of production season 34
  10. ↑ (February 16, 2015). The best animated series ever. The A.V. Club

সম্পৰ্কিত শ্ৰেণী

দূৰদৰ্শন ধাৰাবাহিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য চিম্পছনছ” প্ৰবন্ধৰ সংশোধন ৩৭০০৯৪ (২৭ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।