বৌদ্ধ ধৰ্মৰ দেৱ-দেৱী
৮ প্ৰবন্ধ
-
ধৰ্মপাল (বৌদ্ধ ধৰ্ম)
ধৰ্মপাল বৌদ্ধ ধৰ্মৰ এক প্ৰকাৰৰ উগ্ৰ বা খঙাল দেৱতা। সংস্কৃতত এই নামৰ অৰ্থ "ধৰ্ম ৰক্ষক" আৰু ধৰ্মপালসকলক ন্যায় বা আইনৰ ৰক্ষক বুলিও কোৱা হয়। ধৰ্মপাল দুইধৰণৰ: লৌকিক ৰক্ষক (লোকপাল) আৰু প্ৰজ্ঞা ৰক্ষক (জ্ঞানপাল)। কেৱল প্ৰজ্ঞা ৰক্ষকসকলহে আলোকিত সত্তা।
-
নিমি
নিমি হিন্দু পৌৰাণিক কাহিনীত উল্লেখ থকা সূৰ্যবংশ(সৌৰ বংশ)ৰ এজন ৰজা। তেওঁক বিদেহ ৰাজ্যৰ প্ৰথম ৰজা আৰু মিথিলাৰ জনক বংশৰ পূৰ্বপুৰুষ বুলি গণ্য কৰা হয়। নিমি মনুৰ নাতি, আৰু ইক্ষ্বাকুৰ পুত্ৰ। বায়ু পুৰাণৰ মতে ৰজা নিমিয়ে গৌতম আশ্ৰমৰ ওচৰত জয়ন্তপুৰ নামেৰে এখন নগৰ স্থাপন কৰিছিল।
-
চাৰিজন স্বৰ্গীয় ৰজা
চাৰিজন স্বৰ্গীয়ৰজা হৈছে চাৰিগৰাকী বৌদ্ধ দেৱতা। তেওঁলোকৰ প্ৰত্যেকৰে ওপৰত বিশ্বৰ চাৰিটা মুখ্য দিশৰ একো একোটাৰ চোৱাচিতাৰ ভাৰ ন্যস্ত থকা বুলি বিশ্বাস কৰা হয়। চীনা সাহিত্যত তেওঁলোকক সামূহিকভাৱে "ফেং ট্যাও য়ু শ্বুন" বা "ছিদা টিয়ানৱাং" বুলি আখ্যা দিয়া হয়।
-
ছিন্নমুণ্ডা
ছিন্নমুণ্ডা এগৰাকী বৌদ্ধ দেৱী। তেওঁক বজ্ৰযোগিনী বা বজ্ৰৱৰাহীৰ এটা ৰূপ হিচাপে ধৰা হয়।
-
প্ৰজ্ঞাতাৰা
প্ৰজ্ঞাতাৰা, যাক কেয়ুৰ, প্ৰজ্ঞাধাৰা, বা হন্ন্যাতাৰা বুলিও কোৱা হয়, চান বৌদ্ধ ধৰ্মৰ মতে ভাৰতীয় বৌদ্ধ ধৰ্মৰ সপ্তবিংশতম পিতৃপুৰুষ আৰু বোধিধৰ্মৰ গুৰু আছিল।
-
যমান্তক
যমান্তক (यमान्तक) বা বজ্ৰভৈৰৱ হৈছে বজ্ৰযান বৌদ্ধধৰ্মৰ এগৰাকী দেৱতা। তেওঁক কোনো কোনো সময়ত "মৃত্যু দেৱতাৰ ওপৰত বিজয়ী হিচাপে কল্পনা কৰা হয়।
-
সুন্দৰীবাণী
ফ্ৰা ছুন্থাৰাৱানী, (যাক নাং ছুন্থাৰাৱানী বুলিও জনা যায়) হ'ল থাই বৌদ্ধ পৰম্পৰাৰ এগৰাকী দেৱী, যাক ধৰ্ম আৰু ত্ৰিপিটকৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। তেওঁক বিশেষকৈ ৱাট ছুথাথ থেপৱাৰাম ৰাচ্চাওৰামাহাৱিহানত পূজা কৰা হয়।
-
হয়গ্ৰীৱ (বৌদ্ধ ধৰ্ম)
চীনা, তিব্বতী আৰু জাপানী বৌদ্ধ ধৰ্মত হয়গ্ৰীৱ এজন গুৰুত্বপূৰ্ণ দেৱতা। তেওঁৰ উৎপত্তি ভাৰতত অৱলোকিতেশ্বৰ বা গুয়ায়িন বোধিসত্ত্বৰ যক্ষ পৰিচাৰক হিচাপে হৈছিল।