চীনা, তিব্বতী আৰু জাপানী বৌদ্ধ ধৰ্মত হয়গ্ৰীৱ এজন গুৰুত্বপূৰ্ণ দেৱতা। তেওঁৰ উৎপত্তি ভাৰতত অৱলোকিতেশ্বৰ বা গুয়ায়িন বোধিসত্ত্বৰ যক্ষ পৰিচাৰক হিচাপে হৈছিল।১ বেদত দুগৰাকী পৃথক দেৱতা হিচাপে আত্মপ্ৰকাশ কৰাৰ পিছত তেওঁক প্ৰাক-সাম্প্ৰদায়িক বৌদ্ধ ধৰ্মৰ আচাৰ-ব্যৱহাৰলৈ আদৰি লোৱা হয় আৰু শেষত বজ্ৰযান বৌদ্ধ ধৰ্মত জ্ঞানৰ ৰজা হিচাপে চিনাক্ত কৰা হয়।২
তিব্বতত
তিব্বতত হয়গ্ৰীৱৰ বিষয়ে বিশেষকৈ বৌদ্ধ গুৰু আতিশাই৩ প্ৰচাৰ কৰিছিল আৰু তেওঁৰ আবিৰ্ভাৱ হৈছিল এজন লৌকিক ধৰ্মপাল হিচাপে।৪
আখ্যান অনুযায়ী হয়গ্ৰীৱ হৈছে বজ্ৰসত্ত্বৰ উগ্ৰ ৰূপ। তেওঁ শক্তিশালী অসুৰ ৰুদ্ৰক পৰাস্ত কৰিবলৈ অৱলোকিতেশ্বৰৰ ৰূপ ধাৰণ কৰি হয়গ্ৰীৱলৈ ৰূপান্তৰিত হয়। তেওঁৰ লগত বজ্ৰপানীয়ে তেওঁৰ শক্তি গ্ৰহণ কৰে আৰু তাৰ পিছত উগ্ৰ বজ্ৰবৰাহীৰ ৰূপ লয়। দুয়োজনেই তেওঁলোকৰ পূৰ্বজন্মত বজ্ৰসত্ত্ব ৰুদ্ৰৰ গুৰু আছিলম। আনহাতে বজ্ৰপানী আছিল তেওঁৰ সহশিষ্য। হয়গ্ৰীৱ আৰু বজ্ৰবৰাহীয়ে ৰুদ্ৰক নবিধ নৃত্যৰ জৰিয়তে প্ৰত্যাহ্বান জনায় আৰু তেওঁৰ সৈতে যুদ্ধ কৰে। শেষত হয়গ্ৰীৱে ক্ষুদ্ৰ আকাৰ ধাৰণ কৰি ৰুদ্ৰৰ মলদ্বাৰত প্ৰৱেশ কৰে। তাৰ পিছত তেওঁ বিৰাটাকাৰ ধাৰণ কৰি ৰুদ্ৰক ধ্বংস কৰে। পৰাজিত হৈ ৰুদ্ৰই ধৰ্মৰ ৰক্ষক হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু তেওঁৰ শৰীৰটোক তেওঁৰ লাওখোলাৰে ঘোঁৰাৰ শিৰ লৈ ওলাই অহা হয়গ্ৰীৱে পৰিধাণ কৰে।৫৬
আন এটা সংস্কৰণত বজ্ৰসত্ত্বই ৰুদ্ৰৰ ৰূপ ধাৰণ কৰি চলেৰে ৰুদ্ৰৰ পত্নী ৰাক্ষস ৰাণী ক্ৰোধিশ্বৰীৰ সংগ লাভ কৰে। ফলস্বৰূপে বজ্ৰৰাক্ষস ৰূপে হয়গ্ৰীৱৰ জন্ম হয় আৰু তেওঁ খটভংগৰে খুচি ৰুদ্ৰক বশ কৰে আৰু তেওঁৰ ৰাজ্য অধিকাৰ কৰে। তাৰ পিছত তেওঁ ৰুদ্ৰক নিজ উদৰত শুদ্ধি কৰি ধৰ্মৰ দাসলৈ পৰিণত কৰে। ৰুদ্ৰই তেওঁৰ অসুৰ সৈন্যবাহিনী হয়গ্ৰীৱৰ হাতত পৰিচাৰক হিচাপে অৰ্পণ কৰে।৭
চীনত
চীনা বৌদ্ধ ধৰ্মত হায়াগ্ৰীৱক মাটও গুয়ায়িন নামেৰে জনা যায়।৮ কিছুমান মন্দিৰত দৰ্শনাৰ্থীক এই দেৱতাৰ প্ৰতিমূৰ্তিৰ সন্মুখত নম্বৰ প্লেট স্থাপন কৰি তেওঁলোকৰ বাহনত দেৱতাগৰাকীৰ সুৰক্ষাৰ আহ্বান জনোৱাৰ অনুমতি দিয়া হয়।৯ তেওঁক ৫০০গৰাকী অৰ্হটৰ ভিতৰত অন্যতম হিচাপেও গণ্য কৰা হয়।১০ জাপানৰ দৰেই তেওঁক ছয়জন অৱলোকিতেশ্বৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। অৱলোকিতেশ্বৰৰ মূল অৱতাৰ তেত্ৰিশটা আৰু তেওঁক প্ৰায়ে শুকুলা সিংহৰ ওপৰত আৰোহণ কৰি থকা ৰূপত চিত্ৰিত কৰা হয়। তাও ধৰ্মত হয়গ্ৰীৱক অগ্নিৰ সৈতে জড়িত দেৱতা মা ৱাঙৰ সৈতে সংযুক্ত কৰা হৈছিল। এই ৰূপত তেওঁক সাধাৰণতে ষড়ভুজ আৰু ত্ৰিনয়নধাৰী ৰূপত চিত্ৰিত কৰা হয়।১১
বৌদ্ধ চিত্ৰায়ন
বৌদ্ধধৰ্মত হয়গ্ৰীৱক এখন মুখ, দুখন হাত আৰু দুখন ভৰি আৰু মূৰৰ ওপৰত ঘোঁৰাৰ শিৰ লৈ চিত্ৰিত কৰা হৈছে। তেওঁৰ সোঁহাতত উদ্যত তৰোৱাল আৰু ভাবুকিৰ ভংগিমাত থকা বাওঁহাতত সৰ্পৰ অলংকাৰ থাকে।
অন্যান্য চিত্ৰনত হয়গ্ৰীৱৰ ছখন হাত, চাৰি বা আঠখন ভৰি আৰু তিনিটা চকু থকা দেখা যায়। এই সংস্কৰণসমূহত হয়গ্ৰীৱৰ শিৰৰ ওপৰত তিনিটা সৰু সেউজীয়া ঘোঁৰাৰ মূৰ থাকে। ভৰি দুখন দুটা মৃতদেহৰ ওপৰত থিয় হৈ থাকি ধ্বংস কৰিবলগীয়া লৌকিক মোহক সূচায়।১২
লগতে চাওক
তথ্য সংগ্ৰহ
উদ্ধৃত ৰচনাসমূহ
- Buswell. (2017). The Princeton Dictionary of Buddhism. Oxford Reference
তথ্যসূত্ৰ
- ↑ Buswell Lopez 2017
- ↑ Buswell Lopez 2017
- ↑ Hugo Kreijger. (2001). Tibetan Painting: The Jucker Collection. Serindia Publications, Inc. পৃ. 106–. ISBN 978-0-906026-56-4
- ↑ Buswell Lopez 2017
- ↑ Matthew T. Kapstein. (2002). The Tibetan Assimilation of Buddhism: Conversion, Contestation, and Memory. Oxford University Press. পৃ. 170–174. ISBN 9780190288204
- ↑ Robert A. Paul. (1989). The Sherpas of Nepal in the Tibetan Cultural Context: (The Tibetan Symbolic World: a Psychoanalytic Exploration). Motilal Banarsidass. পৃ. 153–155. ISBN 9788120805682
- ↑ Jacob P. Dalton. (2011). The Taming of the Demons: Violence and Liberation in Tibetan Buddhism. Yale University Press. পৃ. 184–190. ISBN 9780300153927
- ↑ Buswell Lopez 2017
- ↑ 车神殿牌位认捐供奉-白塔寺. www.baitasi.net
- ↑ (2013-09-28). 110.馬頭尊者. 五百羅漢 (500Arhat)
- ↑ (2017). Chinese and Tibetan esoteric Buddhism. ISBN 978-90-04-34050-3
- ↑ Kinley Dorjee, Iconography in Buddhism, Thimphu, Bhutan: Blue Poppy, 2018, 45
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হয়গ্ৰীৱ (বৌদ্ধ ধৰ্ম)” প্ৰবন্ধৰ সংশোধন ৬৩২৩৬০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।