হস্তশিল্প
১৯ প্ৰবন্ধ
-
চম্বা ৰুমাল
চম্বা ৰুমাল (Chamba Rumal) ভাৰতৰ হিমাচল প্ৰদেশত প্ৰচলিত পাৰম্পৰিক এম্ব্ৰইডাৰী কৰা হস্তশিল্প। এই শিল্প এসময়ত চম্বা ৰাজ্যৰ শাসকসকলৰ পৃষ্ঠপোষকতাত প্ৰচাৰ কৰা হৈছিল। উজ্জ্বল ৰঙৰ ব্যৱহাৰৰ সৈতে বিতং আৰ্হিৰ ৰুমালবোৰ হিমাচলত অতি জনপ্ৰিয়।
-
চালচিত্ৰ
চালচিত্ৰ (Chalchitra) ভাৰতৰ পশ্চিম বংগত প্ৰচলিত পাৰম্পৰিক চিত্ৰশৈলী পটচিত্ৰৰ এটি ভাগ। পৰম্পৰাগতভাৱে ই দুৰ্গা প্ৰতিমাৰ উপৰিভাগত অংকিত অৰ্ধ গোলাকাৰ দেৱ-দেৱীৰ কাহিনীমূলক পটচিত্ৰ। চালচিত্ৰত পঞ্চানন শিৱ, মহিষাসুৰ বধ, নন্দীভৃঙ্গী, শুম্ভ-নিশুম্ভৰ যুদ্ধ আদি কাহিনী সমূহ প্ৰদৰ্শিত কৰা হয়।
-
শীতল পাটি
শীতল পাটি (Shital Pati) ধাৰি সদৃশ মজিয়াত পাৰি বহা আসন। পাটি বেত (Schumannianthus dichotomus) নামৰ এবিধ গুল্মজাতীয় উদ্ভিদৰ বাকলিৰে এই পাটি তৈয়াৰ কৰা হয়। হস্তশিল্প হিচাপে ইয়াৰ যথেষ্ট আদৰ। চহৰত ইয়াক ঘৰ সজোৱা সামগ্ৰী আৰু গাঁৱত বহা আসন বা বিছনা চাদৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়।
-
অচেইক
অচেইক (Acheik; বাৰ্মিজ: အချိတ်) বা লুনটায়া অচেইক (luntaya acheik; অৰ্থ: এশ মাকুৰ অচেইক) হৈছে ম্যানমাৰৰ এবিধ থলুৱা বস্ত্ৰৰ আৰ্হি বা ডিজাইন। ইয়াত পথালি আঁচৰ সৈতে জটিল তৰংগসদৃশ শৈলী আৰু আৰাবেস্ক ডিজাইনৰ সংমিশ্ৰণ দেখা যায়। 'লুনটায়া' (luntaya; বাৰ্মিজ: လွန်းတစ်ရာ) শব্দৰ আক্ষৰিক অৰ্থ হৈছে "এশটা মাকো"।
-
কাছুটি
কাছুটি (Kasuti) ভাৰতৰ কৰ্ণাটক ৰাজ্যত অনুশীলন কৰা লোক এম্ব্ৰইডাৰীৰ এক পৰম্পৰাগত ৰূপ। কাছুটি এম্ব্ৰইডাৰীৰ কাম অতি জটিল হয়। কেতিয়াবা হাতেৰে ৫,০০০টা লৈকে চিলাই কৰি ইয়াক প্ৰস্তুত কৰা হয়। পৰম্পৰাগতভাৱে ইল্কাল শাৰী, ৰবিকে আৰু আংগী বা কুৰ্তাৰ দৰে পোছাকৰ ওপৰত কাছুটি কৰা হয়।
-
খুৰ্জা মৃৎশিল্প
খুৰ্জা মৃৎশিল্প (Khurja pottery) ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ বুলন্দশ্বাহৰ জিলাৰ খুৰ্জাত প্ৰচলিত পৰম্পৰাগত ভাৰতীয় মৃৎশিল্প। বৌদ্ধিক সম্পত্তি অধিকাৰ (ট্ৰিপছ) চুক্তিৰ বাণিজ্য সম্পৰ্কীয় দিশৰ ওপৰত চুক্তিৰ ভৌগোলিক স্বীকৃতিৰ অধীনত খুৰ্জা মৃৎশিল্পক সুৰক্ষা প্ৰদান কৰা হৈছে।
-
চান্নাপাটনা খেলনা
চান্নাপাটনা খেলনা (Channapatna toys) ভাৰত কৰ্ণাটক ৰাজ্যৰ চান্নাপাটনা চহৰৰ একপ্ৰকাৰৰ প্ৰাচীন কাঠৰ হস্তশিল্প। এই শিল্পৰ সহায়ত বিভিন্ন প্ৰকাৰৰ পুতলা, খেলনা, ফল-মূল পাচলি আদিৰ আকৃতি, গাড়ী, হুইছেল, বাঁহী, মানৱ আকৃতি আদি বিভিন্ন ধৰণৰ খেলৰ সামগ্ৰী কাঠেৰে প্ৰস্তুত কৰা হয়।
-
চীনা লোক-কলা
চীনা লোক-কলা (ইংৰাজী: Chinese folk art) বা চীনা হস্তশিল্প হৈছে চীনৰ কোনো আঞ্চলিক বা জনগোষ্ঠীয় সমাজৰ পৰা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা বিভিন্ন শৈল্পিক ৰূপ। সাধাৰণতে চীনৰ বিভিন্ন প্ৰদেশসমূহৰ মাজত এই কলাৰ কিছু তাৰতম্য বা প্ৰভেদ দেখা যায়।
-
ছৌ মুখা
ছৌ মুখা (Chhau mask) ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ পুৰুলিয়াৰ এক পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য। পুৰুলিয়া ছৌ নৃত্য আৰু ওড়িশা ছৌ নৃত্যৰ মাজৰ মুখ্য পাৰ্থক্য হৈছে মুখাৰ ব্যৱহাৰ। পুৰুলিয়া ছৌ নৃত্যত মুখাব্যৱহাৰ কৰা হয়। কিন্তু ওড়িশাৰ ছৌ নৃত্যত মুখাৰ ব্যৱহাৰ নাই।
-
নাগাৰকইলৰ মন্দিৰৰ গহনা
টেম্পল গহনা বা নাগাৰকইলৰ মন্দিৰৰ গহনা (Temple Jewellery of Nagercoil) হৈছে ভাৰতৰ তামিলনাডু ৰাজ্যৰ নাগাৰকইল অঞ্চলৰ একপ্ৰকাৰৰ সোণৰ গহনা। ২০০৭–০৮ চনত ইয়াক ভৌগোলিক ইংগিত হিচাপে ঘোষণা কৰা হয়। বহুমূলীয়া পাথৰৰ মাজত সোণ খটুৱাই গহনা তৈয়াৰ কৰা হয়।
-
নাচিয়াৰকইল চাকি
নাচিয়াৰকইল চাকি (Nachiarkoil lamp) হৈছে ভাৰতৰ তামিলনাডুৰ নাচিয়াৰ কইল চহৰৰ কাম্মালাৰ পথত শৃংখলাৰে তৈয়াৰ কৰা এক প্ৰকাৰৰ অলংকাৰিক পিতলৰ চাকি। এই পাৰম্পৰিক হস্তশিল্পত পিতলৰ দীঘল স্তম্ভৰ ওপৰত কাৰুকাৰ্য খচিত চাকি থাকে। বিভিন্ন আকাৰত তৈয়াৰ কৰা এই চাকিৰ চাৰিটা অংশ থাকে।
-
নিৰ্মল খেলনা আৰু শিল্প
নিৰ্মল খেলনা আৰু শিল্প (Nirmal toys and craft) ভাৰতৰ তেলেংগানা ৰাজ্যৰ আদিলাবাদ জিলাৰ নিৰ্মল চহৰত তৈয়াৰ কৰা পৰম্পৰাগত ভাৰতীয় কাঠৰ খেলনা আৰু শিল্প। ইয়াক সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি তেলেংগানাৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে।
-
বস্তৰৰ কাঠৰ শিল্প
বস্তৰৰ কাঠৰ শিল্প হ’ল ভাৰতৰ ছত্তীছগঢ় ৰাজ্যৰ বস্তৰ জিলাত উৎপাদিত এক পৰম্পৰাগত ভাৰতীয় কাঠৰ শিল্প। এই কাঠৰ কাৰুকাৰ্য 'বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বাণিজ্য সম্পৰ্কীয় দিশসমূহৰ ওপৰত চুক্তি'ৰ (TRIPS) অধীনত ভৌগোলিক স্বীকৃতি (GI) হিচাপে সুৰক্ষিত কৰা হৈছে।
-
বাগৰু প্ৰিণ্ট
বাগৰু প্ৰিণ্ট হ’ল ভাৰতৰ ৰাজস্থানৰ জয়পুৰৰ সমীপৱৰ্তী বাগৰু চহৰৰ পৰা উৎপত্তি হোৱা হস্তনিৰ্মিত ব্লক প্ৰিণ্টিঙৰ এক পৰম্পৰাগত ৰূপ। এই শিল্পটো ৰং কৰা আৰু ব্লক প্ৰিণ্টিং কৰাত পাকৈত হিচাপে পৰিচিত চিপ্পা সম্প্ৰদায়ৰ দ্বাৰা চৰ্চা কৰা হয়।
-
ভাৰতৰ নাৰিকলৰ আঁহৰ শিল্প
পৰিৱেশ অনুকূল কেঁচামাল হিচাপে নাৰিকল আঁহবোৰ একেলগে বান্ধি ভাঁজ কৰি সুন্দৰ শিল্পকৰ্ম যেনে, খেলনা আৰু অলংকাৰিক বস্তুলৈ ৰূপান্তৰিত কৰিব পাৰি। ইয়াকে কোৱা হয় নাৰিকলৰ আঁহৰ শিল্প (Coir craft)।
-
মাৰাপাচি পুতলা
মাৰাপাচি পুতলা, যাক মাৰাপাচি বোম্মাই (আক্ষৰিক অৰ্থ: "কাঠৰ পুতলা") বুলিও জনা যায়, হ’ল বিশেষভাৱে ৰক্ত চন্দন (Pterocarpus santalinus) বা শিমলু গছৰ কাঠ (Bombax) বা ৰঙা কাঠৰ (Sequoioideae) দ্বাৰা তৈয়াৰী পৰম্পৰাগত পুতলা।
-
সংখেড়া আচবাব
সংখেড়া আচবাব (Sankheda furniture) ভাৰতৰ গুজৰাটৰ চেগুন কাঠৰ ৰঙীন আচবাব। এই আচবাব সমূহ লাৰে ৰং কৰা হয় আৰু পৰম্পৰাগতভাৱে উজ্জ্বল গাঢ় ৰঙা আৰু সোণালী ৰং কৰা হয়। ইয়াক গুজৰাটৰ ছোটা উদয়পুৰ জিলাৰ সংখেড়া গাঁৱত প্ৰস্তুত কৰা হয় আৰু এই গাঁৱৰ নামৰ পৰা ইয়াৰ নাম আহিছে।
-
স্বামীমালাই ব্ৰঞ্জ আইকন
স্বামীমালাই ব্ৰঞ্জ আইকন (Swamimalai Bronze Icons) ভাৰতৰ তামিলনাডু ৰাজ্যৰ স্বামীমালাইৰ পাৰম্পৰিক ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰা হস্তশিল্প। ২০০৮-০৯ চনত স্বামীমালাই ব্ৰঞ্জ আইকনে পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা ভৌগোলিক স্বীকৃতি লাভ কৰিছিল।
-
ৱাংখেই ফি
ৱাংখেই ফি (Wangkhei Phee) ভাৰতৰ মণিপুৰ ৰাজ্যত বগা কপাহৰ দ্বাৰা নিৰ্মিত একপ্ৰকাৰৰ পাৰম্পৰিক বস্ত্ৰ। সামগ্ৰীৰ ভৌগোলিক স্বীকৃতি (পঞ্জীয়ন আৰু সুৰক্ষা) আইন, ১৯৯৯ অনুসৰি ইয়াক মণিপুৰৰ পৰা ভৌগোলিক স্বীকৃতি প্ৰাপ্ত হস্তশিল্প হিচাপে পঞ্জীয়ন কৰা হৈছে। ৱাংখেই ফি একপ্ৰকাৰৰ স্বচ্ছ বস্ত্ৰ।