চাপাগুৰি বিধানসভা সমষ্টি অসম বিধানসভা ৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। চাপাগুৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।১২৩ চাপাগুৰি বিধানসভা সমষ্টি অনুসূচিত জনজাতি (ST)ৰ বাবে সংৰক্ষিত।
সমষ্টিৰ সবিশেষ
চাপাগুৰি বিধান সভা সমষ্টিৰ সবিশেষ তলত দিয়া হ'ল।৪-
- দেশ: ভাৰত।
- ৰাজ্য: অসম।
- জিলা: বাক্সা জিলা ৷
- লোকসভা সমষ্টি: কোকৰাঝাৰ লোকসভা সমষ্টি।
- বিধানসভাৰ শ্ৰেণীবিভাজন: গ্ৰাম্য সমষ্টি।
- সাক্ষৰতাৰ হাৰ: ৭০.৫৩%।
- ২০২১ চনৰ সাধাৰণ নিৰ্বাচন অনুসৰি যোগ্য ভোটাৰ: ১,৫৯,২৫৭ জন। পুৰুষ ভোটাৰ: ৭৯,৩৮৪ . মহিলা ভোটাৰ: ৭৯,৮৭৩।
- ভৌগোলিক অৱস্থান: ২৬°৪৩'৩৩.৬"উত্তৰ ৯১°১২'১০.৪"পূব
- মুঠ আয়তন: ২৬২ বৰ্গ কিলোমিটাৰ।
- এলেকা অন্তৰ্ভুক্ত: বৰপেটা মহকুমাৰ পাটাছাৰকুছি থানাৰ চাপাগুৰি আৰু কাকলাবাৰী মৌজা আৰু সংৰক্ষিত বনাঞ্চল;বাক্সা জিলাৰ উত্তৰ বাস্কা আৰু দক্ষিণ বাস্কা মৌজা।
- আন্তঃৰাজ্যিক সীমা: বাক্সা জিলা।
- ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা: ২০১১চনত -১৮৪,২০১৬ চনত -১৮৫,২০২১ চনত -৬৩ টা।
বিধানসভাৰ সদস্য
চাপাগুৰি সমষ্টিৰ পৰা অসম বিধানসভাত প্ৰতিনিধিত্ব কৰা বিগত সদস্যৰ তালিকা। ৫
- ১৯৭৮: মাণিক চন্দ্ৰ দাস, নিৰ্দলীয়।
- ১৯৮৩: বিমল গয়াৰী, সাধাৰণ জনজাতীয় পৰিষদ, অসম।
- ১৯৮৫: সুৰেন স্বৰ্গিয়াৰী, নিৰ্দলীয়।
- ১৯৯১: সুৰেন স্বৰ্গীয়াৰী, অসম গণ পৰিষদ।
- ১৯৯৬: জগমোহন বসুমতাৰী,নিৰ্দলীয়।
- ২০০১: ট্ৰিজেন বসুমতাৰী, নিৰ্দলীয়।
- ২০০৬: থানেশ্বৰ বসুমতাৰী, নিৰ্দলীয়।
- ২০১১: হিতেশ বসুমতাৰী,বি. পি. এফ. ৬
- ২০১৬: থানেশ্বৰ বসুমতাৰী, বি. পি. এফ.
| Election | Name | Party |
|---|---|---|
| ২০২১ | উৰখাও গৌড়া ব্ৰহ্ম |
লগতে চাওক
অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
তথ্যসূত্ৰ
- ↑ (26 November 2008). Delimitation of Parliamentary & Assembly Constituencies Order - 2008. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ List of Assembly constituencies showing their Parliamentary constituences wise break-up. www.ceoassam.nic.in
- ↑ Map of Assam showing District-wise assembly and Parliamentary constituencies. www.ceoassam.nic.in
- ↑ (2 May 2021). Chapaguri Election 2021: Assembly Elections News, Chapaguri Constituency, Vidhan Sabha Seat. News18
- ↑ (2 May 2021). Chapaguri Election Result 2021 LIVE: Chapaguri MLA Election Result & Vote Share - Oneindia. oneindia.com
- ↑ Assam General Legislative Election 2011. ভাৰতৰ নিৰ্বাচন আয়োগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাপাগুৰি বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২১৬ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।