চাইমোড'চ (প্ৰাচীন গ্ৰীক: Κυμοδόκη, ইংৰাজী: Cymodoce, অৰ্থ. 'ঢৌ-সংগ্ৰাহক')১ নেৰিয়াছ আৰু অ'চেনিড ড'ৰিছৰ ৫০ গৰাকী নেৰেইডৰ ভিতৰত অন্যতম, সাগৰীয় নিম্ফ কন্যা।২৩ ষ্টেটিয়াছৰ ছিলভাইত তেওঁৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে।৪
কিংবদন্তি
হোমাৰৰ ইলিয়াডত উল্লেখ কৰা মতে চাইমোড'চ আৰু তেওঁৰ আন ভগ্নীসকলে বন্ধু পেট্ৰ'ক্লাছে একিলিছক হত্যা কৰাৰ সময়ত মাতৃ থেটিছৰ দুখৰ সমভাগী হৈছিল।৫ তাইক এফ্ৰোডাইটিৰ সংগী বুলিও কোৱা হয়।
কিছুমান বিৱৰণীত চাইমোড'চে তেওঁৰ ভগ্নী থেলিয়া, নেছাইয়া আৰু স্পিঅ'ৰ সৈতে মিলি চাইৰিনৰ সমদলত অংশগ্ৰহণ কৰিছিল৷৬ পৰবৰ্তী সময়ত পিছলৈ তেওঁলোক চাৰিও গৰাকীয়ে তেওঁলোকৰ অন্য ভগ্নী থেটিছ, মেলাইট আৰু পেনোপিয়াৰ সৈতে মিলি নায়ক ইনিয়াছ আৰু তেওঁৰ দলটোক সামুদ্ৰিক ধুমুহাৰ সময়ত সহায় কৰিবলৈ সক্ষম হৈছিল।৭
ভাৰ্জিলৰ মতে, যেতিয়া এনিয়াছে ইটালীত অৱতৰণ কৰিছিল, তেতিয়া টাৰ্নাছ নামৰ স্থানীয় যুদ্ধা এজনে তেওঁৰ পাইন কাঠৰ জাহাজবোৰত অগ্নিসংযোগ কৰিছিল। সেয়া দেখি দেৱী চাইবেলেই সেইবোৰ তেওঁৰ পবিত্ৰ পৰ্বতৰ পৰা কটা গছৰ পৰা তৈয়াৰ কৰা বুলি স্মৰণ কৰি সেইবোৰক সাগৰীয় নিম্ফলৈ ৰূপান্তৰিত কৰিলে। চাইম'ড'চ সেই নতুনকৈ সৃষ্টি হোৱা নিম্ফবোৰৰ ভিতৰত অন্যতম আছিল।৮
তথ্যসূত্ৰ
- ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 55
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 94. ISBN 9780786471119
- ↑ হোমাৰ, ইলিয়াড 18.39; Hesiod, থিঅ'গনি 255; Hyginus, Fabulae Preface
- ↑ Statius, Silvae 2.2.20
- ↑ Homer, Iliad 18.39-51
- ↑ Virgil, Georgics 4.338
- ↑ Virgil, Aeneid 5.826
- ↑ Virgil, Aeneid 10.220 ff
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাইমোড'চ (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৬৩০৮৬১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।