চলাপথাৰ বৌদ্ধ বিহাৰ (Chalapathar Buddhist Monastery) হৈছে থাই স্থাপত্য শৈলীৰে নিৰ্মিত বৌদ্ধ মন্দিৰ আৰু অসমৰ আটাইতকৈ পুৰণি বৌদ্ধ মঠসমূহৰ অন্যতম। চলাপথাৰ বৌদ্ধ বিহাৰ অসমৰ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত অৱস্থিত।১ এই বৌদ্ধ বিহাৰৰ স্থাপন কৰা হৈছিল ১৯০১ চনত। বৌদ্ধ বিহাৰৰ স্থায়ী ভৱন ১৯৯৩ চনত নিৰ্মাণ কৰা হয়। এই বৌদ্ধ বিহাৰৰ পৰিসৰত এটা সাংস্কৃতিক কেন্দ্ৰ, এখন পালি বিদ্যালয়, এটা পৰ্যটক বিশ্ৰামাগাৰ, আৰু ৭৩ বছৰৰ পুৰণি চলা জ্ঞানোদয় গ্ৰন্থাগাৰ অৱস্থিত, য'ত বৌদ্ধ ধৰ্মীয় পাঠ, কিতাপ আৰু পাণ্ডুলিপিসমূহ সংৰক্ষিত আছে।২
দুকুৰিৰো ততোধিক বছৰ ধৰি প্ৰখ্যাত পালি পণ্ডিত ভান্তে ড° শাসন বংশ মহাথেৰাই চলাপথাৰ বৌদ্ধ বিহাৰৰ মুখ্য ভিক্ষু আছিল।৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Field Trip to Chalapathar Buddhist Monastery from DIET Sivasagar, Sonari. Diet Sivasagar
- ↑ Chalapothar Buddhist Monastery and Cultural Centre. Tai-Khamyang Heritage Society, Chalapothar
- ↑ (04 February, 2024). Three-day Poy-Lang festival begins in Assam's Charaideo Read more At: www.aninews.in/news/national/general-news/three-. ANI
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চলাপথাৰ বৌদ্ধ বিহাৰ আৰু সাংস্কৃতিক কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৫২৫৭৩৪ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।