অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দন তিৱাৰী

চন্দন তিৱাৰী (Chandan Tiwari) হ'ল বিহাৰৰ এগৰাকী ভাৰতীয় লোকগায়ক। লোকগায়িকা হিচাপে পৰিচিত তিৱাৰীয়ে‍ ভোজপুৰী, নাগপুৰী, আৱাধি আৰু হিন্দী ভাষাত গীত গায়। তেওঁক সংগীত নাটক একাডেমী-বিসমিল্লাহ খান সন্মান প্ৰদান কৰা হৈছিল। কলকাতাত ভোজপুৰী কোকিলাই তেওঁক সন্মানিত কৰিছিল।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৫ ২৭৫ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

চন্দন তিৱাৰী (Chandan Tiwari) হ'ল বিহাৰৰ এগৰাকী ভাৰতীয় লোকগায়ক। লোকগায়িকা হিচাপে পৰিচিত তিৱাৰীয়ে‍ ভোজপুৰী, নাগপুৰী, আৱাধি আৰু হিন্দী ভাষাত গীত গায়। তেওঁক সংগীত নাটক একাডেমী-বিসমিল্লাহ খান সন্মান প্ৰদান কৰা হৈছিল।১ কলকাতাত ভোজপুৰী কোকিলাই তেওঁক সন্মানিত কৰিছিল। বিএজি ফিল্মছ-নিউজ ২৪-এ তেওঁক শ্ৰেষ্ঠ পৰম্পৰাগত লোকগায়িকাক সন্মান প্ৰদান কৰে। ভাৰতীয় লোকসংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে ইণ্ডিয়া টুডে আলোচনীত কভাৰ ষ্ট’ৰীত প্ৰকাশ পাইছিল। তেওঁ পূৰবী সোহৰ, পাচৰা গান্ধী গীত, নদীৰ গীত, ছঠগীত কাজৰী আৰু থুমৰি আদি বিভিন্ন গীত গাই আহিছে।২৩৪

প্ৰাৰম্ভিক জীৱন

চন্দন তিৱাৰীৰ জন্ম হৈছিল ভাৰতৰ বিহাৰৰ ভোজপুৰ জিলাৰ বদকা গাঁৱত। ঝাৰখণ্ডৰ চাছ বোকাৰোত তেওঁ ডাঙৰ-দীঘল হৈছিল। হাজৰিবাগৰ বিনোবা ভাবে বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ত্ব বিষয়ত অনাৰ্ছসহ বি.এ. উত্তীৰ্ণ হৈছিল। তেওঁৰ এলাহাবাদ প্ৰয়াগ সংগীত সমিতি পৰা ছয় বছৰীয়া প্ৰভাৰকৰ প্ৰাপ্ত। তেওঁ দিল্লী চৰকাৰৰ মৈথিলী আৰু ভোজপুৰী একাডেমীৰ বাবে বিৰল আৰু গ্ৰাম্য ভোজপুৰি গীতৰ ওপৰত গৱেষণা-প্ৰকল্পত নিয়োজিত হৈ‍ আছে।

কেৰিয়াৰ

চন্দন তিৱাৰী ভোজপুৰী, মাইথিলী, মগাহী, আৱাধি, নাগপুৰী (বিশেষকৈ ভোজপুৰী ভাষাত) গান গোৱা এজন লোকগায়ক।৫ দূৰদৰ্শনত মাই মিউজিকেল এফৰ্টৰ বিশেষ শ্ব' আৰু পুৰবিয়াতান আৰু নিমিয়া চিৰাইয়ান কে বাছাৰ দৰে ধাৰাবাহিককে ধৰি বহু বিশেষ মিউজিকেল শ্ব' কৰিছে॥ মহুৱা টি.ভি.ত জিলা টপ এণ্ড ছুৰ সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। ইটিভিৰ লোক জলৱা অনুষ্ঠানত অংশ লৈছিল ছানীয়ে। বিগ মেজিক গংগা টি.ভিৰ লগতে ভক্তিসাগৰৰ বহু বিশেষ অনুষ্ঠান কৰিছে। অল ইণ্ডিয়া ৰেডিঅ’ পাটনাৰ সৈতে তেওঁ বিশেষ লোক আৰু গাজল ৰেকৰ্ডিং শ্ব’ কৰিছে। তেওঁ সদায়েই লোকগীতত মহিলাৰ অংশগ্ৰহণ আৰু মহিলা সবলীকৰণৰ পক্ষত থিয় দি আহি‍ছে।৬

তেওঁ বহুতো সন্মানীয় ব্যক্তিগত এফ.এম.ৰেডিঅ' চেনেলৰ সৈতে বহুতো সংগীতৰ ধাৰাবাহিক আৰু সাক্ষাৎকাৰ অনুষ্ঠান কৰিছে। যেনে ৰেডিঅ' মিৰ্চি, ৰেডিঅ' ধুম, ৰেডিয়' সনেহি আৰু মোবাইল ৰেডিঅ-গ্ৰামৱানী। চন্দন তিৱাৰী বিগ মেজিক গংগা টিভি শ্ব' ৰং পুৰৱাইয়াৰ বাছনি টিম মেম্বাৰ আছিল। চন্দন তিৱাৰীয়ে বিভিন্ন ধৰণৰ গীত, উৎসৱ আৰু বিভিন্ন ধৰণেৰে বিভিন্ন বিষয়ত কাম কৰি আহিছে। তেওঁ সদায় সংগীত উদ্যোগত অশ্লীলতা বিৰোধী হৈ আহিছে।৭

তথ্যসূত্ৰ

  1. ↑ Sangeet Natak Akademi. sangeetnatak.gov.in
  2. ↑ (10 May 2017). गीतों के जरिये चंदन तिवारी ने जोड़ा 'लोक'
  3. ↑ (21 March 2014). https://www.bhaskar.com/jharkhand/ranchi/news/JHA-RAN-chandan-tiwari-singer-from-bokaro-jharkhand-4556389-PHO.html
  4. ↑ भोजपुरी की प्रतिभावान और तेजस्वी गायिका हैं चंदन तिवारी, सुनें कुछ लोक गीत, देखें वीडियो · No. 1 Indian Media News Portal. www.bhadas4media.com
  5. ↑ चंदन तिवारी ने बताया अपने पसंदीदा 11 भोजपुरी गानों के बारे में
  6. ↑ (15 December 2016). पब्लिक डिमांड से अलग हटकर सोचना होगा: चंदन. Firstpost Hindi
  7. ↑ (14 October 2017). लोकगायिका चंदन तिवारी की कलम से एम्स्टर्डम डायरी

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দন তিৱাৰী” প্ৰবন্ধৰ সংশোধন ৪৭৫৫৫৩ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।