অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গ'লিৰ নাম

গ’লিৰ নাম ( Golir Naam) নামনি অসমৰ ঠাইবিশেষে পতা এক লোক-অনুষ্ঠান৷ ই ৰাখাল পূজা, গৰখীয়া সবাহ, গোপাল ভোগ কৰাৰ দৰেই গৰুৰ মংগল কামনা কৰি গৰখীয়াসকলক আপ্যায়ন কৰা হয়৷ নামনি অসমত গৰু ৰখা ঠাইৰ কথিত ৰূপ গ’লি বা গোলি৷ সেয়ে এই অনুষ্ঠানৰ নাম “গ’লিৰ নাম’’৷ সাধাৰণতে জুন-জুলাই মাহত গ’লিৰ নাম পতা হয়৷ এই সময়ত…

হালনাগাদ: ২৬ জানুৱাৰী ২০২৫ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৩৭
সংশোধনৰ পৰামৰ্শ

গ’লিৰ নাম ( Golir Naam) নামনি অসমৰ ঠাইবিশেষে পতা এক লোক-অনুষ্ঠান৷ ই ৰাখাল পূজা, গৰখীয়া সবাহ, গোপাল ভোগ কৰাৰ দৰেই গৰুৰ মংগল কামনা কৰি গৰখীয়াসকলক আপ্যায়ন কৰা হয়৷ নামনি অসমত গৰু ৰখা ঠাইৰ কথিত ৰূপ গ’লি বা গোলি৷ সেয়ে এই অনুষ্ঠানৰ নাম “গ’লিৰ নাম’’৷ সাধাৰণতে জুন-জুলাই মাহত গ’লিৰ নাম পতা হয়৷ এই সময়ত অসমত ভৰ বাৰিষাৰ কাল৷ বাৰিষাকলাত সাধাৰণতে গৰুৰ নানা ধৰণৰ বেমাৰ বিশেষকৈ চবকা বেমাৰ হয় আৰু গৰু মৃত্যু হয়৷ অসমীয়া কৃষকৰ বাবে গৰু বৰ দৰ্কাৰী জীৱ৷ সেয়ে, সকলো বিপদ-আপদৰ পৰা পোহনীয়া গৰুৰ মংগলৰ বাবে ঠায়ে ঠায়ে গ’লিৰ নাম পাতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়৷ অনুষ্ঠানৰ দিনা গোহালি ঘৰ সাৰি-মচি আবেলি পৰত গৰখীয়াসকলক নিমন্ত্ৰণ কৰি আনি বহুৱাই আয়তীসকলে নাম গায়৷ এই নামত এৱাঁ গাখীৰ, ঘিউ, মৌ, চেনি আৰু গোটা চাউলৰ ঘোল তৈয়াৰ কৰি নৈবেদ্য হিচাপে আগ কৰা হয়৷ কেঁচা পিঠাগুড়িৰ লাড়ুও বান্ধে৷ আয়তীসকলে গোৱা নামৰ এটি অংশ;

আনৰ বাছা ডাঙৰ দীঘল আমাৰ বাছা সৰু৷ যৈতে থাকে সিংহ ব্যাঘ্ৰ তৈতে চাৰে গৰু৷....১

গ’লিৰ নাম বা গোহালিৰ নামেৰে খেতিৰ প্ৰধান সম্বল গো-সম্পদৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়৷ এই নামত গৰু আৰু গৰখীয়া উভয়কে মান ধৰা হয়২ আৰু নাম-গুণ গাই পিছত প্ৰসাদ খুওৱা হয়৷ মহাৰাষ্ট্ৰতো “অখতীক’’ নামে এনে ধৰণৰ উৎসৱ পতা হয়৷

তথ্যসূত্ৰ

  1. ↑ মৰল, ড° ৰজিতা কলিতা. (২০১৫). অবিভক্ত কামৰূপ জিলাৰ লোকউৎসৱ. মনপুৰ মৌচন্দা. পৃ. ৬০৩
  2. ↑ দাস, ড° সূৰ্য্য. (২০০৭). গৰু বিহু গো-পূজা. ৰঙালী

সম্পৰ্কিত শ্ৰেণী

অসমৰ সংস্কৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ'লিৰ নাম” প্ৰবন্ধৰ সংশোধন ৪৬৫৯৮৪ (২৬ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।