আমেৰিকান কবি
১৭ প্ৰবন্ধ
-
টি এছ ইলিয়ট
টি এছ ইলিয়ট (T. S. Eliot, সম্পূৰ্ণ নাম Thomas Stearns Eliot) বিগত অৰ্ধ শতাব্দীৰ কাব্য সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ আছিল। কবিত্ব আৰু দাৰ্শনিক চিন্তাধাৰাই তেওঁৰ প্ৰতিভা সাৰ্থক কৰি তুলিছে। ইলিয়টৰ শ্ৰেষ্ঠ পৰিচয় হ’ল তেওঁ এগৰাকী কবি। এই যুগৰ কবিতাৰ নতুন ধাৰা প্ৰবৰ্তন কৰা পুৰোহিত।
-
এজৰা পাউণ্ড
এজৰা পাউণ্ড (Ezra Pound) হৈছে এগৰাকী আমেৰিকান কবি আৰু সমালোচক।
-
এলেন গিঞ্চবাৰ্গ
এলেন গিন্সবাৰ্গ (Allen Ginsberg) আমেৰিকাত বিট আন্দোলনৰ কবি। তেওঁৰ জন্ম ১৯২৬ চনৰ ৩ জুন; মৃত্যু ১৯৯৭ চনৰ ৪ মে।
-
জেক কেৰুৱাক
জেক কেৰুয়াক (Jack Kerouac) আমেৰিকাৰ বিট আন্দোলনৰ কবি আৰু উপন্যাসিক। তেওঁৰ জন্ম ১৯২২ চনৰ ১২ মাৰ্চ। মৃত্যু ১৯৬৯ চনৰ ২১ অক্টোবৰ।
-
গ্ৰেগৰী ক'ৰ্ছ'
গ্ৰেগৰী ক'ৰ্ছ (Gregory Corso) (জন্ম ১৯৩০ চনৰ ২৬ মাৰ্চ; মৃত্যু ২০০১ চনৰ ১৭ জানুৱাৰী) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন কবি। তেওঁ বিট্ আন্দোলনৰ লগত জড়িত আছিল।
-
গেৰী স্নাইডাৰ
গেৰী স্নাইডাৰ (Gary Snyder; জন্ম ৮ মে', ১৯৩০) এজন আমেৰিকান কবি, প্ৰবন্ধকাৰ, বক্তা, আৰু পৰিবেশ কৰ্মী। তেওঁ "বিট্ প্ৰজন্ম" আৰু "চান ফ্ৰান্সিছক' নৱজাগৰণ" লগত জড়িত আছিল। তেওঁক Deep ecologyৰ "পয়েট ল'ৰেট" বুলিও অভিহিত কৰা হয়। স্নাইডাৰে কবিতাৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছিল।
-
লৰেঞ্চ ফেৰলিংঘেট্টি
লৰেঞ্চ ফেৰলিংঘেট্টি (Lawrence Ferlinghetti) আমেৰিকাত বিট আন্দোলনৰ কবি, সম্পাদক, আৰু প্ৰকাশক। তেওঁৰ জন্ম ১৯১৯ চনৰ ২৪ মাৰ্চ।
-
ৰবাৰ্ট ফ্ৰ'ষ্ট
ৰবাৰ্ট ফ্ৰ'ষ্ট (Robert Frost; সম্পূৰ্ণ নাম: ৰবাৰ্ট লী ফ্ৰ'ষ্ট; Robert Lee Frost; জন্ম: ২৬ মাৰ্চ ১৮৭৪ – মৃত্যু: ২৯ জানুৱাৰী ১৯৬৩) এজন আমেৰিকাৰ কবি আছিল। ৰবাৰ্ট ফ্ৰ'ষ্টে বাস্তৱিক গ্ৰাম্য জীৱন সমূহ তেওঁৰ ৰচনাৱলী সমূহত অংকন কৰিছিল আৰু তেওঁ আমেৰিকান কথিত ভাষা (American colloquial speech)-ত নৈপুণ আছিল।
-
ৰিচাৰ্ড এবাৰহাৰ্ট
ৰিচাৰ্ড ঘোৰ্মলি এবাৰহাৰ্ট (Richard Eberhart; ৫ এপ্ৰিল ১৯০৪ – ৯ জুন ২০০৫) এজন আমেৰিকান কবি আছিল, যিজনে কবিতাৰ এক দৰ্জনতকৈ অধিক কিতাপ আৰু মুঠ ২০ খনতকৈও অধিক ৰচনা প্ৰকাশ কৰিছিল। ৰিচাৰ্ড এবাৰহাৰ্ট ১৯৩০ চনত ৰোমাণ্টিক অনুভূতিৰে এজন আধুনিক কবি ৰূপে খ্যাতি লাভ কৰে।
-
লুইচ গ্লিক
লুইচ এলিজাবেথ গ্লিক (Louise Elisabeth Glück;; জন্ম: ২২ এপ্ৰিল, ১৯৪৩) এগৰাকী আমেৰিকান কবি আৰু লেখক। ২০২০ চনত তেওঁক "তেওঁৰ নিৰ্ভুল কাব্যিক কণ্ঠস্বৰ যি সাধাৰণ সৌন্দৰ্যৰে ব্যক্তিগত অস্তিত্বক সাৰ্বজনীন ৰূপ দিয়ে" বাবে সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হয়।
-
এলিচ ৱাকাৰ
এলিছ মেলচেনিয়ৰ টেলুলাহ-কেট ৱাকাৰ (জন্ম ৯ ফেব্ৰুৱাৰী, ১৯৪৪) এগৰাকী আমেৰিকান ঔপন্যাসিক, চুটি গল্প লেখিকা, কবি আৰু সামাজিক সক্ৰিয়তাবাদী। ১৯৮২ চনত, তেওঁ দ্য কালাৰ পাৰ্পল নামৰ উপন্যাসৰ বাবে পুলিটজাৰ প্ৰাইজ জয় কৰা প্ৰথম আফ্ৰিকান-আমেৰিকান মহিলা হিচাপে পৰিচিত হৈ উঠে।
-
কাউণ্টি কিউলেন
কাউণ্টি কিউলেন (Countee Cullen) আছিল এগৰাকী আমেৰিকান কবি, ঔপন্যাসিক, শিশু লেখক আৰু নাট্যকাৰ। তেওঁ বিশেষকৈ হাৰ্লম নৱজাগৰণৰ সময়ত সুপৰিচিত আছিল। নিজৰ কবি পৰিচিতিক এজন 'নিগ্ৰো কবি' হিচাপে সীমাবদ্ধ ৰাখিব নিবিচৰা আমেৰিকাৰ কৃষ্ণাঙ্গ কবিগৰাকীয়েই হ'ল কাউণ্টি কিউলেন।
-
জুলিয়া আৰ. আনাগ্নোছ
জুলিয়া ৰোমানা হাউ আনাগ্নোছ (ইংৰাজী: Julia Romana Howe Anagnos; ১২ মাৰ্চ, ১৮৪৪ – ১০ মাৰ্চ, ১৮৮৬) এগৰাকী আমেৰিকান কবি তথা চেমুৱেল গ্ৰীডলী হাউ আৰু জুলিয়া ৱাৰ্ড হাউৰ কন্যা আছিল।
-
দিলৰুবা আহমেদ
দিলৰুবা আহমেদ এগৰাকী আমেৰিকান লেখিকা, শিক্ষাবিদ আৰু কবি। তেওঁ বাংলাদেশী বংশোদ্ভূত। তেওঁৰ ৰচনা মেজৰ জেকচনৰ দ্বাৰা নিৰ্বাচিত হৈ দ্য বেপ্ট আমেৰিকান পয়েট্ৰি ২০১৯-ত স্থান লাভ কৰিছিল।
-
ফিবি কেৰী
ফিবি কেৰী (ইংৰাজী: Phoebe Cary; ৪ ছেপ্টেম্বৰ ১৮২৪ – ৩১ জুলাই ১৮৭১) এগৰাকী আমেৰিকান কবি আছিল। তেওঁ কবি এলিছ কেৰীৰ কনিষ্ঠ ভগ্নী আছিল। ১৮৪৯ চনত ভগ্নীদ্বয়ে যৌথভাৱে কবিতা প্ৰকাশ কৰিছিল আৰু পিছত দুয়োগৰাকীয়ে পৃথক পৃথক কবিতা সংকলন প্ৰকাশ কৰে।
-
ফ্লৰেন্স ভ্যান লিয়াৰ আৰ্ল কোটছ
ফ্ল'ৰেন্স ভ্যান লিয়াৰ নিকোলছন কোটছ (Florence Van Leer Nicholson Coates, ১ জুলাই, ১৮৫০ – ৬ এপ্ৰিল, ১৯২৭) আছিল এগৰাকী আমেৰিকান কবি, আৰু মহিলা অধিকাৰৰ সমৰ্থক যাৰ সৃষ্টিৰাজি বহু সাহিত্যিক আলোচনীত প্ৰকাশ পাইছিল৷ ইয়াৰে কিছুমান সংগীতৰ দ্বাৰা প্ৰকাশ পাইছিল।
-
হিলাৰী থাম
হিলাৰী থাম (ইংৰাজী: Hilary Tham; ২০ আগষ্ট ১৯৪৬ – ২৪ জুন ২০০৫), যাৰ আন এটা নাম আছিল হিলাৰী থাম গোল্ডবাৰ্গ, এজন মালয়েছিয়াত জন্মগ্ৰহণ কৰা আমেৰিকান কবি আছিল। থামে আমেৰিকাৰ পিস্ক’ৰ এজন কৰ্মীক বিবাহ কৰোৱাৰ পূৰ্বে মালয়েছিয়াত ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল।