গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ (Guwahati Central Jail) হৈছে অসমৰ গুৱাহাটী চহৰৰ মাজমজিয়াত অৱস্থিত এখন কাৰাগাৰ।১ অসমত অৱস্থিত ৩১খন কাৰাগাৰৰ ভিতৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ অন্যতম।২ মুখ্য কাৰাগাৰ এলেকাৰ ১১ একৰ (০.০৪৫ বৰ্গ কিলোমিটাৰ) সহ ২৮ একৰ (০.১১ বৰ্গকিলোমিটাৰ) জুৰি বিস্তাৰিত হৈ থকা কাৰাগাৰখন মুঠ ১০০০জন কাৰাবন্দীৰ বাবে (৯০০জন পুৰুষ কয়দী আৰু ১০০ গৰাকী মহিলা কয়দীৰ ক্ষমতাৰে) নিৰ্মাণ কৰা হৈছিল।
ইতিহাস
গুৱাহাটীত প্ৰথমে ১৮৮১ চনত ফাঁচি বজাৰত ৫০০ কাৰাবন্দীৰ ক্ষমতা যুক্ত এখন কাৰাগাৰ নিৰ্মাণ কৰা হৈছিল। এইখন কাৰাগাৰ ২০১০ চনৰ এপ্ৰিল মাহত সৰুসজাইলৈ স্থানান্তৰ কৰা হৈছিল আৰু ১০০০ বন্দীৰ সক্ষমতা বিশিষ্ট কাৰাগাৰলৈ উন্নীত কৰা হৈছিল। ৮০৫জন কয়দী স্থানান্তৰ কৰি ২০১২ চনৰ এপ্ৰিল মাহত নতুন কাৰাগাৰখন মুকলি কৰা হৈছিল।৩ জিলা কাৰাগাৰখন গুৱাহাটীৰ মধ্যভাগত অৱস্থিত।
অনশন - ধৰ্মঘট
২০২০ চনৰ ২৯ জুনত যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি (কে.এম.এছ.এছ.) ৰ প্ৰতিষ্ঠাপক কৃষক নেতা অখিল গগৈয়ে ২০০ দিনৰ কাৰাবাস সম্পূৰ্ণ কৰে, কেন্দ্ৰীয় কাৰাগাৰত ১২০০জন কয়দীয়ে অনশন ঘোষণা কৰে; লগতে গগৈৰ মুক্তিৰ দাবীত আৰু কৰ্তৃপক্ষৰ ওচৰত কভিড-১৯ সম্পৰ্কীয় আবেদন উপস্থাপন কৰে। ৪
উল্লেখযোগ্য কাৰাবন্দী
ৰাজকুমাৰ মেঘেন মণিপুৰস্থিত ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্টৰ মুৰব্বী ৰাজকুমাৰ মেঘেনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰাখিছিল। খবৰ অনুসৰি ২০১০ চনৰ ২৯ ছেপ্টেম্বৰত বাংলাদেশী এজেণ্টে তেওঁক প্ৰথমে অপহৰণ কৰিছিল আৰু তাৰ পিছত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ দ্বাৰা অভিযুক্ত কৰা হৈছিল। কাৰাগাৰলৈ তেওঁৰ অৱদান, যেনে সংগীত বিদ্যালয় স্থাপন, বন্দীসকলৰ বাবে পুথিভঁৰাল স্থাপন কৰা, আৰু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ চৌহদৰ ভিতৰত এখন শিলৰ বাগিচা নিৰ্মাণ কৰাৰ বাবে তেওঁৰ ১০ বছৰৰ কাৰাদণ্ড হ্ৰাস পায় আৰু তেওঁক ২০১৯ চনৰ ৯ নৱেম্বৰত মুক্তি দিয়া হৈছিল। ৫
শ্বাৰ্জিল ইমাম ৬ শ্বাৰ্জিল ইমাম নামৰ এজন কৰ্মীক ২০২০ চনৰ ২৮ জানুৱাৰীত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল, যাৰ ওপৰত অভিযোগ কৰা হৈছিল যে তেওঁৰ ভাষণে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত ৰায়তৰ নেতৃত্ব দিয়া লোকসকলৰ মাজত শত্ৰুতা বৃদ্ধি কৰিছিল।
তথ্যসূত্ৰ
- ↑ Central Jail (Guwahati)
- ↑ jails in assam
- ↑ https://www.guwahatiplus.com/daily-news/the-captive-humans-life-in-central-jail-guwahati
- ↑ Assam: Prisoners Go on Hunger Strike Demanding Akhil Gogoi's Release
- ↑ top Manipur Rebel Leader Released From Jail Ahead Of Naga Peace Deal
- ↑ Student activist Sharjeel Imam tests positive for Covid-19 in Guwahati jail
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ” প্ৰবন্ধৰ সংশোধন ৫১০৮৪১ (২০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।