অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গংগা (১৯৬০ চলচ্চিত্ৰ)

গংগা ( Ganga) ১৯৬০ চনৰ ৰাজেন তৰফদাৰৰ পৰিচালনাত নিৰ্মিত এখন বঙালী নাট্যধৰ্মী ছবি। এই ছবিখনত নদীয়ালসকলৰ জীৱনৰ বৰ্ণনা কৰা হৈছে। ১৯৪৬ চনত প্ৰকাশ পোৱা সমৰেশ বসুৰ একে নামৰ উপন্যাসখনৰ আধাৰিত এই ছবিখন চিনে আৰ্ট প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ছবিখনৰ সংগীত সলিল চৌধুৰীয়ে ৰচনা কৰিছে।

হালনাগাদ: ১০ মে’ ২০২৫ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গংগা ( Ganga) ১৯৬০ চনৰ ৰাজেন তৰফদাৰৰ পৰিচালনাত নিৰ্মিত এখন বঙালী নাট্যধৰ্মী ছবি। ১ এই ছবিখনত নদীয়ালসকলৰ জীৱনৰ বৰ্ণনা কৰা হৈছে। ২ ১৯৪৬ চনত প্ৰকাশ পোৱা সমৰেশ বসুৰ ৩ একে নামৰ উপন্যাসখনৰ আধাৰিত এই ছবিখন চিনে আৰ্ট প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ৪ ছবিখনৰ সংগীত সলিল চৌধুৰীয়ে ৰচনা কৰিছে। ৫ মুখ্য ভূমিকাত অভিনয় কৰিছে জ্ঞানেশ মুখাৰ্জী, নিৰঞ্জন ৰায়, সন্ধ্যা ৰায় আৰু ৰুমা গুহ ঠাকুৰতাই।

১৯৬০ চনৰ ১৭ নৱেম্বৰত মুক্তি পোৱা ছবিখনে অষ্টম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে। ৬

অভিনয় শিল্পী

  • জ্ঞানেশ মুখাৰ্জী
  • সন্ধ্যা ৰায়
  • ৰুমা গুহ ঠাকুৰতা
  • মণি শ্ৰীমণি
  • নিৰঞ্জন ৰায়
  • সীতা মুখোপাধ্যায়
  • মহম্মদ ইজৰাইল
  • নমিতা সিংহ
  • সুমনা ভট্টাচাৰ্য
  • সুৰুচি সেনগুপ্ত

বঁটা

অষ্টম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬০)

  • বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট।

তথ্যসূত্ৰ

  1. ↑ Bimal Mukherjee; Sunil Kothari; Ananda Lal. (1995). Rasa: Theatre and cinema. Anamika Kala Sangam. পৃ. 252
  2. ↑ Kironmoy Raha; Nandan (Organization: Calcutta, India). (1991). Bengali cinema. Nandan. পৃ. 61
  3. ↑ Basu, Samaresh. (1946). Ganga গঙ্গা
  4. ↑ GANGA (1960). BFI
  5. ↑ Ganga 1960 movie. Gomolo
  6. ↑ 8th National Film Awards. International Film Festival of India

সম্পৰ্কিত শ্ৰেণী

১৯৬০ বৰ্ষৰ চলচ্চিত্ৰবঙালী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগা (১৯৬০ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৭৪৫৬ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।