১৯৬০ বৰ্ষৰ চলচ্চিত্ৰ
৪ প্ৰবন্ধ
-
দেৱী (১৯৬০ চলচ্চিত্ৰ)
দেৱী ( Devi ) ১৯৬০ চনত মুক্তি পোৱা পৰিচালক সত্যজিৎ ৰায়ে পৰিচালনা কৰা এখন বঙালী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ, সৌমিত্ৰ চেটাৰ্জী আৰু ছবি বিশ্বাস। প্ৰভাত কুমাৰ মুখোপাধ্যায়ৰ এটি চুটিগল্পৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে।
-
ক্ষুধিত পাষাণ
ক্ষুধিত পাষাণ (Kshudhita Pashan) ১৮৯৫ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত একে নামৰ চুটিগল্পৰ আধাৰত তপন সিনহাই পৰিচালনা কৰা এখন বঙালী নাট্যধৰ্মী ছবি। প্ৰযোজনা কৰিছে হেমেন গাংগুলীয়ে। ১৯৬০ চনত মুক্তি পোৱা এই ছবিখনে দ্বিতীয় শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
গংগা (১৯৬০ চলচ্চিত্ৰ)
গংগা ( Ganga) ১৯৬০ চনৰ ৰাজেন তৰফদাৰৰ পৰিচালনাত নিৰ্মিত এখন বঙালী নাট্যধৰ্মী ছবি। এই ছবিখনত নদীয়ালসকলৰ জীৱনৰ বৰ্ণনা কৰা হৈছে। ১৯৪৬ চনত প্ৰকাশ পোৱা সমৰেশ বসুৰ একে নামৰ উপন্যাসখনৰ আধাৰিত এই ছবিখন চিনে আৰ্ট প্ৰডাকচন প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ছবিখনৰ সংগীত সলিল চৌধুৰীয়ে ৰচনা কৰিছে।
-
বৰখা (চলচ্চিত্ৰ)
বৰখা (Barkha; ) হʼল ১৯৫৯ চনত মুক্তিপ্ৰাপ্ত, কৃষ্ণন–পাঞ্জুৰ দ্বাৰা পৰিচালিত আৰু এ. ভি. মেইয়াপ্পানৰ প্ৰযোজিত, ভাৰতীয় হিন্দী ভাষাৰ নাট্যধৰ্মী চলচ্চিত্ৰ। ই তামিল ছবি থাই পিৰান্ধল ৱাজি পিৰাক্কুম (১৯৫৮)ৰ পুনৰ্নিৰ্মাণ। অভিনেতা জগদীপ আৰু অভিনেত্ৰী নন্দাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।