খোচলা কা ঘোচলা (खोसला का घोसला; ইংৰাজী: Khosla's Nest) হ'ল ২০০৬ চনত দিবাকৰ বেনাৰ্জীৰ নিৰ্দেশনাত মুক্তি পোৱা এখন হাস্যমধুৰ-নাটকীয় কথাছবি। এইখনেই বেনাৰ্জী নিৰ্দেশিত প্ৰথমখন ছবি। অনুপম খেৰ আৰু বোমন ইৰাণীয়ে ইয়াত অভিনয় কৰিছে। কম বাজেটৰ ছবি হোৱা সত্ত্বেও ই বক্স অফিচত খুব ভাল ব্যৱসায় কৰে। ই ২০০৬ চনৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। ছবিখনিৰ কাহিনী আৰু চিত্ৰনাট্য হ'ল জয়দীপ চাহনীৰ যিয়ে ইয়াৰ আগতে কোম্পানী (২০০২) আৰু চক দে! ইণ্ডিয়া (২০০৭)ত কাম কৰিছে।১
কাহিনীভাগ
কমল কিশোৰ খ'চলা (অনুপম খেৰ) হ'ল নতুন দিল্লীত বাস কৰা এজন মধ্যবিত্ত লোক। সাধাৰণ পছন্দৰ সৈতে তেওঁ তেনেই সাধাৰণ মানুহ। ছবিখন আৰম্ভ হয় খ'চলাৰ এটা সপোনেৰে য'ত তেওঁ দেখা পায় যে তেওঁৰ মৃত্যু হৈছে কিন্তু কোনেও তাত গুৰুত্ব দিয়া নাই। বৰং তেওঁৰ ল'ৰা-ছোৱালীকেইটা আৰু ওচৰ-চুবুৰীয়া সকলে অলাগতিয়াল কথা -বতৰা পাতি আছে। সাৰ পাই তেওঁ নিজে কিনা মাটি এটুকুৰা চাবলৈ যায় য'ত তেওঁ এটা ঘৰ সজাৰ পৰিকল্পনা কৰে। তেওঁৰ লগত থাকে তেওঁৰ পত্নী,বৰপুত্ৰ বলবন্ত বা বাণ্টি(ৰণবীৰ শ্বোৰী), সৰুপুত্ৰ চিৰোঞ্জিলাল বা চেৰী (পৰবিন ডাবাচ)( যিয়ে নিজৰ নামটো পছন্দ নকৰে আৰু নাম সলাব খোজে) আৰু তেওঁৰ ছোৱালীজনী। খ'চলাই জীৱনৰ সমস্ত সঞ্চিত ধন (৩০ লাখ টকা) খৰচ কৰি সেই মাটিটুকুৰা কিনে কিন্তু বৰপুত্ৰ চেৰী দেউতাকৰ ইচ্ছা অনুসৰি নতুন ঘৰত একেলগে থকাৰ পক্ষপাতী নহয়। সি এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ আৰু দেউতাকৰ গৌৰৱ। কিন্তু সি নিজৰ জীৱনশৈলী লৈ সন্তুষ্ট নহয় আৰু আমেৰিকাত চাকৰি কৰি তাতেই থাকিব খোজে। অৱশ্যে এই কথা সি ঘৰত নকয়। সি কথাটো আছিফ ইকবাল (বিনয় পাঠক)ক হে কয় যিয়ে তাক পাছপোৰ্ট আৰু ভিছাৰ যোগান ধৰিব। পিছলৈ সি এই কথা তাৰ ঘনিষ্ঠ বান্ধৱী মেঘনাক (তাৰা শৰ্মা) কয়-যিয়ে তাক প্ৰকাশ্য ভাৱে পছন্দ কৰে (যিটো সি অনুভৱ নকৰে) আৰু সি তাইক আৰু তাৰ পৰিয়ালক অকলশৰীয়া কৰি এৰি যাবলৈ ওলোৱাত তাই দুখ পায়।
ছেৰিয়ে ঘৰত কথাটো কোৱাত ঘৰটো হুলস্থূল লাগে। আনহাতে এবাৰ তেওঁলোকে মাটিটুকুৰা চাবলৈ যাওঁতে সেই মাটিখিনি আনে দখল কৰা দেখা পায়। পিছলৈ তেওঁলোকে গম পাই যে দৰাচলতে তেওঁলোক এক অসাধু আৰু দুৰ্নীতিগ্ৰস্ত মাটি ব্যৱসায়ী কিষণ খুৰানাৰ (বোমন ইৰাণী) এক ষড়যন্ত্ৰৰহে বলি হ'ল। যিগৰাকী মাটিৰ দালালৰ পৰা তেওঁলোকে মাটি টুকুৰা কিনিছিল তেওঁৰ সহযোগত কমল কিশোৰ আৰু বাণ্টিয়ে খুৰানাক লগ কৰে। খুৰণাই সেই মাটিটুকুৰা খালি কৰিবলৈ ১৫ লাখ টকা দাবী কৰে যিমান টকা খোচলাৰ ওচৰত নাই তথা তেওঁ দিবলৈও সৈমান নহয়। খোচলাই পুলিচ,উকীল,ৰাজনৈতিক দল,বিভিন্ন বেচৰকাৰী সংস্থা আদিৰ সহায় বিচাৰে কিন্তু সকলোৱে এক মোটা ধনৰ বিনিময়ত খুৰানাৰ দাবীৰ পৰা কিছু টকা কমাই দিব পাৰিব বুলিহে কয়। দেউতাকৰ অসহায় অৱস্থা দেখি বাণ্টিয়ে কেইজনমান স্থানীয় মল্লযুঁজাঁৰুৰ এটা দলৰ সহায় লৈ তেওঁলোকৰ মাটিত থকা দেৱালবোৰ একেৰাতিতে ভাঙি মাটিটুকুৰা দখল কৰে। কিন্তু হিতে বিপৰীত হৈ খুৰানাৰ জেপত থকা পুলিচ বাহিনী কমল কিশোৰকহে জেলত ভৰাই থয়। এই ঘটনাই খ'চলাৰ গৌৰৱ আৰু মনোবল ভাঙি পেলায়। খ'চলাই তেওঁৰ পৰিয়ালক (বিশেষকৈ চেৰীক) কয় যে তেওঁ খুৰাণাক উভতি নধৰে কাৰণ তাৰ বাবে তেওঁৰ আৰু বল নাই আৰু চেৰীয়েও তাৰ কেৰিয়াৰত মনোনিবেশ কৰা উচিত। চেৰীয়ে কথাটো আছিফ ইকবালৰ লগত আলোচনা কৰোঁতে গম পায় যে সিও এটা সময়ত খুৰানাৰেই সংগী আছিল যদিও খুৰানাই তাকো ঠগি তাৰ মাটি হস্তগত কৰে। আছিফৰ পৰামৰ্শ মতে মেঘনাৰ কেইজনমান বন্ধুৰ সহযোগত তেওঁলোকে খুৰানাক ঠগি ৩৫ লাখ টকা আদায় কৰে। তাৰে ১২ লাখ টকা খুৰাণাকেই দি খ'চলাই নিজৰ মাটিখিনি উদ্ধাৰ কৰে আৰু বাকীথকাখিনি আছিফ,খোচলাৰ পৰিয়াল আৰু মেঘনাৰ বন্ধুসকলে ভগাই লয়।
এই সমস্ত ঘটনাৱলীৰ মাজতেই চেৰী আৰু মেঘনা পৰিয়ালটোৰ কাষ চাপি আহে। চেৰীয়ে আমেৰিকালৈ যোৱা পৰিকল্পনা ত্যাগ কৰে আৰু মেঘনাক বিয়া কৰাই পৰিয়ালৰ সৈতে বাস কৰে। দেউতাকে চেৰীক চিৰাগ এ খোচলালৈ নামটো সলনি কৰিবলৈ অনুমতি দিয়ে। ইপিনে খুৰানায়ো এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰে নিজৰ তিতা ঔষধৰ সোৱাদ নিজেই পাই মুখ বিকটালে।
চৰিত্ৰ ৰূপায়ণ
- অনুপম খেৰ - কমল কিশোৰ খ'চলা
- বোমন ইৰাণী - কিষণ খুৰাণা
- কিৰণ জুনেজা - শ্ৰীমতী সুধা খ'চলা
- ৰাজেন্দ্ৰ শেঠী - বিজেন্দৰ
- পাৰবিন ডাবাচ - ছিৰোঞ্জি লাল খ'চলা (চেৰী)
- তাৰা শৰ্মা - মেঘনা
- ৰণবীৰ শ্বোৰী - বলবন্ত খ'চলা( বাণ্টি)
- ৰূপম বজৱা - নিক্কি খ'চলা
- বিনোদ নাগপাল - মিঃ চ'নে
- বিনয় পাঠক - আছিফ ইকবাল
- নবীন নিষ্কোল - বাপু / মিঃ শেঠী
- নিতেশ পাণ্ডে - মণি / শেঠীৰ ছেক্ৰেটেৰী
- অনুষা লাল - কটোৰি
- ৰাজেশ শৰ্মা - মুঞ্জল
সংগীত
- চকদে ফট্টে - কৈলাস খেৰ
- ইণ্টেজাৰ এতবাৰ তুমছে প্যাৰ - কদৰ নিআজি কৱাল, সৌম্যা ৰাও
- ইচ্চে প্যাৰ কেইছে কৰু - কুণাল গাঞ্জাৱালা, সৌম্যা ৰাও
- চয়ানে হেই জনাব - আদনান ছামি
পুৰস্কাৰ
- ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ
- ২০০৭: হিন্দী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ: সৱিত ৰাজ হিৰেমথ
- জি চিনে এৱাৰ্ডছ
- ২০০৭: শ্ৰেষ্ঠ নিৰ্দেশক: দিবাকৰ বেনাৰ্জী
ৰিমেক
পোই চোল্লা পৰম(তামিল)
তথ্যসূত্ৰ
- ↑ Rajeev Masand. (Sep 15, 2008). I love bad-guy Khurana of Khosla Ka Ghosla: director. CNN-IBN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খ'চলা কা ঘ'চলা” প্ৰবন্ধৰ সংশোধন ৩৮০৫৯৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।