খ্মেৰ জনগোষ্ঠী(: Khmer people) (খ্মেৰ: ជនជាតិខ្មែរ, UNGEGN: Chônchéatĕ Khmêr, ALA-LC: Janajāti Khmaer [cɔn.ciət kʰmae]) কম্বোডিয়াৰ স্থানীয় অষ্ট্ৰিয়াটিক জনগোষ্ঠী। কম্বোডিয়াৰ ১ কোটি ৭০ লাখ জনসংখ্যাৰ ৯৫%তকৈও অধিক খ্মেৰ জনগোষ্ঠী অংশ। তেওঁলোকে খ্মেৰ ভাষা কয়, যিটো মন আৰু ভিয়েটনামী ভাষাৰ সমান্তৰালভাৱে এক বৃহত্তৰ অষ্ট্ৰিয়াটিক ভাষা পৰিয়ালৰ অংশ।
খ্মেৰ লোকৰ অধিকাংশই থেৰাভাদা বৌদ্ধ ধৰ্ম অনুসৰণ কৰে। থাইলেণ্ডৰ কাষৰীয়া অঞ্চল (উত্তৰ খ্মেৰ) আৰু চুবুৰীয়া ভিয়েটনামৰ মেকং বদ্বীপঅঞ্চলত (খ্মেৰ ক্ৰম) অধিক সংখ্যক খ্মেৰলোক বাস কৰে, আনহাতে ১০ লাখতকৈ অধিক খ্মেৰ প্ৰব্ৰজনকাৰীৰ প্ৰধানকৈ ফ্ৰান্স, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াত বাস কৰে।
বিতৰণ
খ্মেৰ লোকৰ বিতৰণৰ মানচিত্ৰ। বিশ্বৰ মুঠখ্মেৰ জনসংখ্যাৰ অধিকাংশই অনুমাণিক ৯৫% খ্মেৰ কম্বোডিয়াত বাস কৰে।১২
থাইলেণ্ড, ভিয়েটনাম আৰু লাওছ
থাইলেণ্ড আৰু ভিয়েটনামত যথেষ্ট সংখ্য়ক স্থানীয় খ্মেৰ জনসংখ্যাৰ লোকে বাসকৰে। থাইলেণ্ডত মূলতঃ চুৰিন (ছ’ৰিন), বুৰিৰাম[ (ব’ৰেই ৰোম) আৰু চিছাকেট (শ্ৰেই ছাকেট) প্ৰদেশত ১০ লাখৰো অধিক খ্মেৰ (খ্মেৰ চুৰিন নামেৰে জনাজাত)লোক বাস কৰে। ভিয়েটনামত কাম্পুচিয়া-ক্ৰম ফেডাৰেচৰ তথ্যমতে প্ৰায় ৭০ লাখ খ্মেৰ জনসংখ্যাৰ লোক বাস কৰে। লাওছৰ স্থানীয় খ্মেৰ জনসংখ্যা থাইলেণ্ড আৰু ভিয়েটনামতকৈ কম, সেই সম্প্ৰদায়সমূহ লাওছৰ দক্ষিণ-পশ্চিম প্ৰান্তত, থাইলেণ্ড আৰু কম্বোডিয়াৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰে।৩
পশ্চিমীয়া ৰাষ্ট্ৰ
কম্বোডিয়াৰ গৃহযুদ্ধ আৰু কম্বোডিয়াৰ গণহত্যাৰ ফলত হোৱা প্ৰব্ৰজনৰ বাবে আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সত এক বৃহৎসংখ্যক খ্মেৰ প্ৰব্ৰজনকাৰী লোকে বাস কৰে।
ইতিহাস
খ্মেৰ জনগোষ্ঠী উৎপত্তিৰ
খ্মেৰ সভ্যতাৰ কিংবদন্তি প্ৰতিষ্ঠাপক ছিহানৌকভিলত প্ৰেহ থং আৰু নেয়াং নেকৰ মূৰ্তি। দক্ষিণপূব এচিয়াৰ পুৰাতত্ত্ববিদ জৰ্জ ক'ডেছেৰ মতে দশম শতিকাৰ শিলালিপিত পোৱা এটা খ্মেৰ কিংবদন্তি অনুসৰি ব্ৰাহ্মণ কম্বু স্বয়ম্ভু আৰু অপ্সৰা ("আকাশী অপেশ্বৰী") মেৰাৰ মিলনৰ পৰাই খ্মেৰসকলৰ জন্ম হৈছিল। তেওঁলোকৰ বিবাহৰ ফলত খ্মেৰ নামৰ জন্ম হয় আৰু প্ৰাচীন কম্বোডিয়াৰ ভাৰ্মান বংশ প্ৰতিষ্ঠা কৰা হয় বুলি কোৱা হয়।৪
আজিও খ্মেৰ বিবাহ অনুষ্ঠানত পৰম্পৰাগত নীতি নিয়মৰ পুনৰাবৃত্তি চলি আছে। প্ৰাথমিক বিদ্যালয়ত পঢ়োৱা এটা অতি জনপ্ৰিয় কিংবদন্তি অনুসৰি কম্বোডিয়াৰ সৃষ্টি হৈছিল যেতিয়া প্ৰথম কাউণ্ডিনিয়া (সাধাৰণতে প্ৰেহ থং বুলি কোৱা হয়) নামৰ এজন ব্যৱসায়ীয়ে ৰাজকুমাৰী সোমাক বিয়া কৰাইছিল। তেওঁ এগৰাকী [[নাগা](Sanskrit: नाग, romanized: Nāga) (নেয়াং নেক)ৰাজকন্যা আছিল॥ কৌন্দিনিয়াই সপোনত দেখা এডাল কাঁড়ৰ পিছে পিছে দক্ষিণ-পূব এছিয়ালৈ ৰাওনা হয়। তাত তেওঁকোক থ্লক নামৰ এটা দ্বীপত উপস্থিত হৈছিলগৈ। দ্বীপৰ বাসিন্দা সোমাৰ নগা সৈন্যবাহিনীক জয় কৰাৰ পিছত তেওঁ ৰাজকুমাৰী সোমাৰ প্ৰেমত পৰিছিল। যৌতুক হিচাপে,ৰাজকুমাৰী সোমাৰ পিতৃয়ে দ্বীপটোৰ চাৰিওফালে থকা পানী শোষণ কৰিছিল, ফলত দ্বীপটো এটা পৰ্বতৰ শিখৰ আৰু পানী তলৰ পৰা উন্নোচিত ভূমিখিনি কম্বোডিয়া হৈ পৰিল। কৌণ্ডিন্যা আৰু সোমা আৰু তেওঁলোকৰ বংশধৰসকল খ্মেৰ নামেৰে পৰিচিত হ’ল আৰু ফুনান, চেনলা আৰু খ্মেৰ সাম্ৰাজ্যৰ শাসক হৈ পৰিল বুলি কোৱা হয়।৫ এই পৌৰাণিক কাহিনী টোৱে আৰু এটা কথা ব্যাখ্যা কৰে যে কিয় আটাইতকৈ পুৰণি খ্মেৰ ৱাট বা মন্দিৰবোৰ সদায় পাহাৰৰ শিখৰত নিৰ্মাণ কৰা হৈছিল আৰু আজিও কিয় পাহাৰবোৰক পবিত্ৰ স্থান হিচাপে শ্ৰদ্ধা কৰা হয়।
দক্ষিণ-পূব এছিয়াত উপস্থিত
খ্মেৰসকল, অষ্ট্ৰিয়া এছিয়াটিক জনগোষ্ঠী, এই অঞ্চলৰ অন্যতম পুৰণি জনগোষ্ঠী, তেওঁলোকে দক্ষিণ চীনৰ পৰা,৬ সম্ভৱতঃ ইউনানৰ পৰা দক্ষিণ-পূব এছিয়ালৈ আহিছিল। নাইবা উত্তৰ-পূব ভাৰতৰ পৰা প্ৰায় একে সময়তে মনসকলৰ সৈতে আহিছিল, যিসকলৰ খ্মেৰসকলৰ পূৰ্বপুৰুষৰ সৈতে সম্পৰ্ক আছিল।৭ বেছিভাগ পুৰাতত্ত্ববিদ আৰু ভাষাবিদ, আৰু চীনবিজ্ঞানী আৰু শস্য বিশেষজ্ঞৰ দৰে অন্যান্য বিশেষজ্ঞই বিশ্বাস কৰে যে তেওঁলোকে খ্ৰীষ্টপূৰ্ব ২০০০ চনৰ ভিতৰত (চাৰি হাজাৰ বছৰৰো অধিক পূৰ্বে) কৃষি আৰু বিশেষকৈ ধান খেতিকে জীৱিকা হিচাপে লৈ দক্ষিণ-পূব এছিয়ালৈ আহিছিল। এই অঞ্চলটো বিশ্বৰ ভিতৰতে ব্ৰঞ্জৰ ব্যৱহাৰ কৰা প্ৰথম স্থানসমূহৰ ভিতৰত অন্যতম। ৮০২ চনৰ পৰা ছয় দশক ধৰি অধিপত্য বিস্তাৰ কৰা খ্মেৰ সাম্ৰাজ্য নিৰ্মাতা এই জনগোষ্ঠী টোৱে বৰ্তমান ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক কম্বোডিয়াৰ মূলসুঁতি গঠন কৰিছে।৮ খ্মেৰসকলে খ্মেৰ বৰ্ণমালা গঢ়ি তুলিছিল, যিয়ে পাছলৈ পিছৰ থাই আৰু লাও বৰ্ণমালাৰ জন্ম দিছিল। পুৰাতত্ত্ববিদ আৰু নৃতাত্ত্বিকসকলে খ্মেৰসকলক ইছান, দক্ষিণ লাওছ, কম্বোডিয়া আৰু দক্ষিণ ভিয়েটনামৰ সংলগ্ন অঞ্চলৰ থলুৱা বুলি গণ্য কৰে। অৰ্থাৎ কম্বোডিয়ানসকল ঐতিহাসিকভাৱে মেকং নদীৰ এটা উপনৈৰ ওচৰত বাস কৰা নিম্নভূমিৰ লোক আছিল।
ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু ধৰ্মীয় পৰিচয় গ্ৰহণ কৰাৰ বাবে খ্মেৰসকলক ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰৰ অংশ বুলি গণ্য কৰা হয়।
ফুনান যুগত (খ্ৰীষ্টপূৰ্ব ১ম–ষষ্ঠ শতিকা) খ্মেৰসকলে বৌদ্ধ ধৰ্ম, দেৱৰাজৰ শৈৱ সাম্ৰাজ্যবাদী পূজাৰ ধাৰণা আৰু মহান মন্দিৰটোক প্ৰতীকী বিশ্ব পৰ্বত হিচাপেও অধিগ্ৰহণ কৰে। পঞ্চম শতিকাত প্ৰতিদ্বন্দ্বী খ্মেৰ চেনলা ৰাজ্যৰ উত্থান ঘটি পিছলৈ ফুনান ৰাজ্য হয়।
চেন্লা যুগত (৫শ–৮শ শতিকাত), খমেৰসকলে তেওঁলোকৰ এটা মন্দিৰৰ শিলালিপিত পৃথিৱীৰ আটাইতকৈ প্ৰাচীন অৱস্থাত পোৱা শূন্যৰ উল্লেখ কৰি গৈছিল।
৮০২ চনত পিচৰ পৰা ৰজা দ্বিতীয় জয়বৰ্মনে স্বাধীন আৰু সংযুক্ত কম্বোডিয়া ঘোষণা কৰাৰ পিছৰে পৰা উচ্চ আৰু নিম্নভূমি কম্বোডিয়াৰ দুয়োখন দেশৰ মাজত আপেক্ষিক শান্তি প্ৰতিষ্ঠা হয়। দ্বিতীয় জয়বৰ্মনে (৮০২-৮৩০)খ্মেৰ শক্তিক পুনৰুজ্জীৱিত কৰি খ্মেৰ সাম্ৰাজ্যৰ ভেটি গঢ়ি তুলিছিল,আৰু তিনিখন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল— ইন্দ্ৰপুৰা, হৰিহৰালয় আৰু মহেন্দ্ৰপৰ্বত—যাৰ প্ৰত্নতাত্ত্বিক অৱশিষ্টই তেওঁৰ সময়ৰ বহু কথা উন্মোচন কৰে।
খ্মেৰ সাম্ৰাজ্য (৮০২–১৪৩১)
মূল প্ৰবন্ধ: খ্মেৰ সাম্ৰাজ্য
খ্মেৰ ৰাজ্য খ্মেৰ সাম্ৰাজ্যত পৰিণত হয় আৰু কিছুমান বাদ্যযন্ত্ৰকে ধৰি সংস্কৃতিৰ বহু অৱশিষ্ট থকা প্ৰত্নতাত্ত্বিক সম্পদ বুলি গণ্য কৰা আংকোৰৰ মহান মন্দিৰসমূহ কম্বোডিয়ান সংস্কৃতিৰ স্মৃতিসৌধ হিচাপে থাকি যায়। দ্বিতীয় সূৰ্য্যবৰ্মনৰ (১১১৩–১১৫০) মৃত্যুৰ পিছত সপ্তম জয়বৰ্মনে (১১৮১–১২১৮) নতুন চহৰ নিৰ্মাণৰ নিৰ্দেশ নিদিয়ালৈকে কম্বোডিয়া বিশৃংখলতাৰ মাজত সোমাই পৰে। তেওঁ বৌদ্ধ ধৰ্মাৱলম্বী আছিল আৰু সেই বাবে কম্বোডিয়াত বৌদ্ধ ধৰ্মই প্ৰধান ধৰ্ম হৈ পৰিছিল। ৰাষ্ট্ৰধৰ্ম হিচাপে ইয়াক দেৱৰাজ পূজাৰ লগত খাপ খুৱাই লোৱা হৈছিল, পূৰ্বৰ শিৱৰজা বা বিষ্ণুৰাজৰ ঠাইত বুদ্ধ ৰজাক ব্যৱহাৰ কৰা হৈছিল।
সুখোথাই (১২৩৮) আৰু আয়ুথায়া (১৩৫০) টাই ৰাজ্যৰ উত্থানৰ ফলত খ্মেৰসকলৰ সৈতে টাইসকলৰ প্ৰায়ে যুদ্ধ হৈছিল আৰু ১৪৩১ চনত অংকোৰ ধ্বংস হোৱাৰ লগে লগে ধ্বংস হৈছিল বহু সংস্কৃতি আৰু সঙ্গীতজ্ঞও।৯ ১৪৩২ চনৰ পিছৰ সময়ছোৱাত খেমেৰ জনসাধাৰণে নিজৰ ধন, নথি-পত্ৰ আৰু মানৱ সংস্কৃতিৰ বাহকসকলো দিশৰ পৰা বঞ্চিত হৈ তীব্ৰ অৱনতিৰ সন্মুখীন হয়।
সংস্কৃতি আৰু সমাজ
খ্মেৰ জনগোষ্ঠীৰ সংস্কৃতি তেওঁলোকৰ সমগ্ৰ ভৌগোলিক পৰিসৰতে প্ৰায় সমানে বৃস্তিত। অঞ্চলটোত বহুতো আঞ্চলিক উপভাষা আছে, আৰু সেই বিভিন্ন উপভাষী সমূহৰ মাজত পাৰস্পৰিকভাৱে বুজাপৰাও আছে।১০ কেন্দ্ৰীয় সমতলৰ উপভাষা মানক ধৰা হয়। বৰ্তমান ফ্নম পেনত এক স্বতন্ত্ৰ উপভাষা বিকশিত হৈছে, য’ত ফ্ৰেন্স আৰু ভিয়েটনামী ভাষাৰ প্ৰভাৱ পৰিছে। আন উল্লেখযোগ্য উপভাষাসমূহ হ’ল উত্তৰ খমেৰ(থাইলেণ্ডৰ খমেৰ সুৰিন), খমেৰ ক্ৰম (ভিয়েটনামৰ মেকং ডেল্টা), আৰু পশ্চিম খমেৰ (কাৰ্ডামম পৰ্বতমালা)। আধুনিক খমেৰসকলে তেওঁলোকৰ জাতিগত পৰিচয় ধৰ্মীয় বিশ্বাসৰ সৈতে সম্পৰ্কিত কৰে, য’ত তেৰাৱাদ বৌদ্ধ ধৰ্মৰ সৈতে পূৰ্বপুৰুষ পূজা, প্ৰাণবাদ, আৰু শামানবাদৰ মিশ্ৰণ দেখা যায়।১১ অধিকাংশ খমেৰলোকে এক অতিপ্ৰাকৃত জগতক বিশ্বাস কৰে, য’ত বিভিন্ন আত্মা আৰু সত্তাৰ অস্তিত্ব ধাৰণা কৰা হয়। এইসকল সত্তাৰ ভিতৰত আছে: খমাওচ (ভৌতিক আত্মা),
প্ৰেট (শাস্তি অনুসৰি ৰূপ পৰিৱৰ্তন কৰা আত্মা),
বিসাচ (অপদেবতা),
আৰাক (দুষ্ট আত্মা),
নিয়াক তা (ভূমি বা গছত বাস কৰা আত্মা), আৰু
মেবা (পূৰ্বপুৰুষৰ আত্মা)।
তেওঁ লোকে বিশ্বাস কৰে যে এই আত্মা সমূহক যথাৰীতি সন্মান নকৰিলে সিহঁতে মানুহৰ অমঙ্গল কৰিব পাৰে।
কম্বোডিয়ানসকলৰ অধিকাংশই হয় ধান খেতিয়ক বা মাছমৰীয়া হিচাপে গ্ৰাম্য জীৱন নিৰ্বাহ কৰে। তেওঁলোকৰ গোটেই জীৱন ৱাট (মন্দিৰ) আৰু বৌদ্ধ ধৰ্মৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত থাকে।
কম্বোডিয়ানসকল যেতিয়া অসুস্থ হয় তেতিয়া তেওঁলোকে প্ৰায়েই এজন ক্ৰু খমাই (শ্বেমান/হিলাৰ)ওচৰ চাপে, যিয়ে এই আত্মা সমূহৰ ভিতৰত কোনটো আত্মা ৰোগৰ কাৰক সেইটো নিৰ্ণয় কৰি ক্ষুণ্ণ আত্মাৰ প্ৰায়শ্চিত্ত কৰি ৰোগ নিৰাময় কৰে। ক্ৰু খমাই বনৌষধি আৰু যাদুকৰী টেটু প্ৰস্তুত কৰি দুষ্ট আত্মা বা দুৰ্ভাগ্যক দূৰ কৰে বুলি বিশ্বাস কৰে। খ্মেৰ সকলৰ বিশ্বাসসমূহো হিন্দু ধৰ্মৰ জ্যোতিষৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। খ্মেৰ ভাষাত হাও-ৰা (জ্যোতিষী) বা ক্ৰু টিয়ে বুলি কোৱা এজন ভৱিষ্যদ্বাণীকৰা ব্যক্তিৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে পৰামৰ্শ লোৱা হয়, যেনে পত্নী বাছনি কৰা, গুৰুত্বপূৰ্ণ যাত্ৰা বা ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰা, বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰা আৰু নিৰ্মাণৰ বাবে সঠিক স্থান নিৰ্ধাৰণ আদি। গোটেই বছৰটো কম্বোডিয়ানসকলে বহুতো বন্ধৰ দিন পালন কৰে, বেছিভাগেই ধৰ্মীয় বা আধ্যাত্মিক কাৰ্য্যৰ, ইয়াৰে কিছুমান ৰাজহুৱা বন্ধৰ দিন হিচাপেও পালন কৰা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা ৰাজহুৱা অনুষ্ঠান হ'ল চোল ছ্নাম (কম্বোডিয়ান নৱবৰ্ষ) আৰু পিচুম বেন ("পূৰ্বপুৰুষ দিৱস")। কম্বোডিয়াৰ বৌদ্ধ পঞ্জিকাত ১২ মাহত ভাগ কৰা হৈছে আৰু পৰম্পৰাগত নতুন বছৰটো খাই চায়েটৰ প্ৰথম দিনটোৰ পৰা আৰম্ভ হয়, যিটো পশ্চিমীয়া পঞ্জিকাত এপ্ৰিল মাহৰ প্ৰথম অমাৱস্যাৰ লগত মিল খায়।
নৃত্যই খ্মেৰ জনগোষ্ঠীৰ সংস্কৃতিত মুখ্য স্থান দখল কৰে। সপ্তম শতিকাৰ পৰাই,নৃত্যৰ উল্লেখ পোৱা যায় য'ত ৰজাসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত পৰিবেশন কৰা হৈছিল।১২ ২০ শতিকাত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰাতো নৃত্যশিল্পীৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা যায়, যেনে ৰজা ছিছোৱাথ মনিভঙৰ বাবে কৰা শোভাযাত্ৰাত কৰা নৃত্যপ্ৰদৰ্শন। অংকোৰ যুগত মন্দিৰত ধৰ্মীয় নৃত্য অনুষ্ঠিত হৈছিল।১৩ মন্দিৰৰ নৃত্যশিল্পীসকলক অপ্সৰা হিচাপে গণ্য কৰা হৈছিল, যিসকলে মনোৰঞ্জক আৰু দেৱতাসকলৰ দূত হিচাপে কাম কৰিছিল।১৪ প্ৰাচীন শিলৰ শিলালিপিত মন্দিৰত নিযুক্তি দিয়া আৰু জনসাধাৰণৰ বাবেও ঐশ্বৰিক ৰীতি-নীতি কৰা হাজাৰ হাজাৰ অপ্সৰা নৃত্যশিল্পীৰ বৰ্ণনা আছে।১৩ ২০০৩ চনত খ্মেৰ শাস্ত্ৰীয় নৃত্যই ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য (UNESCO World Heritage List)ৰ তালিকাত স্থান লাভ কৰিছিল।
খমেৰ, থাই ভাষা, আৰু লাও (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) সংস্কৃতিৰ মাজত পৰস্পৰৰ প্ৰভাৱ দেখা যায়। থাই আৰু লাও ভাষাত খমেৰ শব্দ আৰু খমেৰ ভাষাত থাই-লাও শব্দ গৃহীত হৈছে। থাই আৰু লাও বৰ্ণমালা খমেৰ লিপিৰ পৰা উদ্ভৱ হৈছে।১৫
তথ্যসূত্ৰ
- ↑ Ethnic groups statistics - countries compared. Nationmaster
- ↑ Birth Rate. CIA – The World Factbook. Cia.gov
- ↑ The Cambodian of Laos
- ↑ D'après l'épigraphie cambodgienne du X° siècle, les rois des "Kambuja" prétendaient descendre d'un ancêtre mythique éponyme, le sage ermite Kambu, et de la nymphe céleste Mera, dont le nom a pu être forgé d'après l'appellation ethnique "khmèr" (George Coedes). [2][permanent dead link]; See also: Indianised States of Southeast Asia, 1968, p 66, George Coedes
- ↑ Miriam T. Stark. (2006). 9 Textualized Places, Pre-Angkorian Khmers and Historicized Archaeology by Miriam T. Stark - Cambodia's Origins and the Khok Thlok Story. University of Hawaii
- ↑ Ross, Russell R. (December 1987). Cambodia: A Country Study. Federal Research Division, Library of Congress. পৃ. 6
- ↑ SarDesai, D. R. (3 October 2018). Southeast Asia, Student Economy Edition: Past and Present. Taylor & Francis. পৃ. 11. ISBN 9780429961601
- ↑ Zhang, Xiaoming; Liao, Shiyu; Qi, Xuebin. (2015-10-20). Y-chromosome diversity suggests southern origin and Paleolithic backwave migration of Austro-Asiatic speakers from eastern Asia to the Indian subcontinent OPEN. Scientific Reports. পৃ. 15486
- ↑ Thailand 1969:151, Blanchard 1958:27
- ↑ Huffman, Franklin. 1970. Cambodian System of Writing and Beginning Reader Archived copy. Yale University Press. ISBN
- ↑ Faith Traditions in Cambodia Archived copy; pg. 8; accessed August 21, 2006
- ↑ Brandon 1967, p. 20
- ↑ Fletcher 2001
- ↑ Becker 1998, p. 330
- ↑ Royal ballet of Cambodia on the Representative List of the Intangible Cultural Heritage of Humanity. ich.unesco.org. November 07, 2003
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খ্মেৰ জনগোষ্ঠী” প্ৰবন্ধৰ সংশোধন ৫৭২১৩৩ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।