কম্বোডিয়া
১০ প্ৰবন্ধ
-
কম্বোডিয়া
কম্বোডিয়া বা কাম্বোডিয়া বা কাম্পুচিয়া দক্ষিণ-পূব এছিয়াৰ এখন দেশ। "কম্বোডিয়া" নাম (ইংৰাজী Cambodia শব্দৰ পৰা আহিছে। ইয়াৰ উৎস হ’ল স্থানীয় খ্মেৰ ভাষাৰ প্ৰতেহ্ কম্পুচিয়া (ប្រទេសកម្ពុជា) অৰ্থাৎ "কম্বোজ প্ৰদেশ"। দেশখন কাম্পুচিয়া নামেৰেও পৰিচিত।
-
এংকৰ ৱাট
এংকৰ ৱাট (Angkor Wat) বা আক্ষৰিক অৰ্থত "মন্দিৰৰ নগৰ") হৈছে কম্বোডিয়াত অৱস্থিত এক ধৰ্মীয় স্থাপত্য আৰু ই মাটিকালিৰ জোখেৰে পৃথিৱীৰ সৰ্ববৃহৎ মন্দিৰ চৌহদ। ইয়াৰ মুঠ মাটিকালি ৪০২ একৰ (১.৬২৬ বৰ্গ কি:মি:)।
-
খ্মেৰ ভাষা
খ্মেৰ:Khmer (/kəˈmɛər/ kə-MAIR; [3] ខ្មែរ, UNGEGN: খ্মেৰ [kʰmae]) হৈছে খ্মেৰ লোকসকলে স্থানীয়ভাৱে কোৱা এটা অষ্ট্ৰিয়া এছিয়াটিক ভাষা। এই ভাষা কম্বোডিয়াৰ চৰকাৰী ভাষা আৰু জাতীয় ভাষা। পূব থাইলেণ্ড আৰু থাইলেণ্ডৰ ইছান, ভিয়েটনামৰ দক্ষিণ-পূব আৰু মেকং বদ্বীপতো এই ভাষাটো বহুলভাৱে কয়।
-
খ্মেৰ সাম্ৰাজ্য
খ্মেৰ সাম্ৰাজ্য (ចក្រភពខ្មែរ) নতুবা আংকোৰিয়ান সাম্ৰাজ্য (ចក្រភពអង្គរ) হৈছে ইতিহাসবিদসকলে নৱম শতিকাৰ পৰা পঞ্চদশ শতিকালৈকে কম্বোডিয়াক বুজাবলৈ ব্যৱহাৰ কৰা এটা শব্দ, যেতিয়া এই জাতিটো দক্ষিণ-পূব এছিয়াৰ হিন্দু-বৌদ্ধ সাম্ৰাজ্য আছিল।
-
হালধীয়া-গালৰ হলৌ বান্দৰ
হালধীয়া-গালৰ হলৌ বান্দৰ (Yellow-cheeked gibbon; বৈজ্ঞানিক নামঃ Nomascus gabriellae)ক সোণালী গালৰ হলৌ বান্দৰ, হালধীয়া গালৰ জঁযুক্ত হলৌ বান্দৰ, সোণালী গালৰ জঁযুক্ত হলৌ বান্দৰ, ৰঙা গালৰ হলৌ বান্দৰ বা হালধীয়া গালৰ হলৌ বান্দৰ বুলি কোৱা হয়।
-
আউ পাক
আউ পাক (খ্মেৰ: អាវប៉ាក់, উচ্চাৰণ: aao pak) হ’ল কম্বোডিয়াৰ মহিলাসকলে পৰিধান কৰা এক পৰম্পৰাগত ব্লাউজ সদৃশ পোছাক। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে “কাঢ়ি কৰা চোলা” বা সূচীকৰ্মেৰে সজোৱা চোলা (embroidery shirt)।
-
এংকৰ থম
এংকৰ থম (អង្គរធំ; অৰ্থ "মহান নগৰ"), বা নকৰ থম (នគរធំ), বৰ্তমানৰ কম্বোডিয়াত থকা ক্ষ্মেৰ সাম্ৰাজ্যৰ শেষৰখন আৰু সৰ্বাধিক কাল বৰ্তি থকা ৰাজধানী চহৰ। ইয়াক দ্বাদশ শতিকাৰ শেষৰফালে ৰজা ৭ম জয়বৰ্মণে স্থাপন কৰিছিল। ই প্ৰায় ৯ বৰ্গ কিলোমিটাৰ এলেকা জুৰি আছে।
-
কম্বোডিয়াৰ নাৰী
কম্বোডিয়াৰ মহিলাসকল, প্ৰভাৱশালী খ্মেৰ সংস্কৃতিৰ প্ৰভাৱৰ বাবে, পৰম্পৰাগতভাৱে বিনয়ী আৰু মৃদুভাষী হ’ব বুলি আশা কৰা হয়। তেওঁলোকে সু-আচাৰ-ব্যৱহাৰী, পৰিশ্ৰমী আৰু ঘৰৰ অন্তৰ্গত হোৱাৰ অনুভৱ ৰাখিব লাগে।
-
কম্বোডিয়াৰ ৰন্ধনপ্ৰণালী
কম্বোডিয়াৰ ৰন্ধনপ্ৰণালী (Cambodian cuisine) কম্বোডিয়াৰ থলুৱা জনগোষ্ঠীসমূহৰ সামূহিক ৰন্ধনশৈলী। ইয়াৰ বিপৰীতে ক্ষ্মেৰ ৰন্ধনপ্ৰণালীয়ে থলুৱা ক্ষ্মেৰ জনগোষ্ঠীসমূহৰ ৰন্ধনপ্ৰণালীক বুজায়। ক্ষ্মেৰ ৰন্ধনপ্ৰণালীক তিনিটা মূল ভাগত ভগাব পাৰি। এইকেইটা হৈছে সৰ্বসাধাৰণ, অভিজাত আৰু ৰাজকীয় শ্ৰেণীৰ ৰন্ধনপ্ৰণালী।
-
খ্মেৰ জনগোষ্ঠী
খ্মেৰ জনগোষ্ঠী(: Khmer people) (খ্মেৰ: ជនជាតិខ្មែរ, UNGEGN: Chônchéatĕ Khmêr, ALA-LC: Janajāti Khmaer [cɔn.ciət kʰmae]) কম্বোডিয়াৰ স্থানীয় অষ্ট্ৰিয়াটিক জনগোষ্ঠী। কম্বোডিয়াৰ ১ কোটি ৭০ লাখ জনসংখ্যাৰ ৯৫%তকৈও অধিক খ্মেৰ জনগোষ্ঠী অংশ।