আংগামী জাপো ফিজ’ (১৯০৩-১৯৯০) এগৰাকী নগা সংগ্ৰামী নেতা ৷ তেওঁৰ নেতৃত্বত নাগা নেশ্যনেল কাউন্সিল (Naga National Council)-এ সশস্ত্ৰ সংগ্ৰামৰ যোগেদি ভাৰতৰ পৰা পৃথক এক দেশৰ দাবী জনাইছিল৷ তেওঁক অনুগামীসকলে ’নগাসকলৰ পিতৃ’ ("Father of the Nagas”)ৰূপে গণ্য কৰে৷
চমু জীৱনী
আংগামী জাপো ফিজ’ খনমা গাৱঁৰ মেৰহুমা খেল বা বংশ (Merhuma khel (clan)) ৰ এগৰাকী আংগামী নগা আছিল১৷ তেওঁ সদ্য স্বাধীনতাপ্ৰাপ্ত ভাৰত চৰকাৰৰ ৰাজনৈতিক দৰ্শনৰ প্ৰতি আস্থা হেৰুৱায়৷ চৰকাৰৰ বিৰুদ্ধে তেওঁ বাৰ্মা (বৰ্তমানৰ ম্যানমাৰ) ত জাপানী সৈন্যৰ সৈতে মিত্ৰতা কৰি যুদ্ধত অংশ লয়২ ৷ ব্ৰিটিছৰ ভাৰত ত্যাগৰ সময়ত ফিজ’য়ে ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত নহৈ পৃথক এক দেশ গঢ়াৰ স্বপ্নৰে অসমীয়া, গাৰো, খাচী, লুচাই, মিকিৰ, আবৰ, মিচিমি আদি বিভিন্ন জাতি-জনজাতিৰ নেতাসকলৰ সৈতে যোগাযোগ কৰে৷ কিন্তু তেওঁৰ এই চেষ্টা বিফল হয়৷ তথাপিও ১৯৪৭ চনৰ ১৪ আগষ্টত তেওঁ নাগালেণ্ডৰ স্বাধীনতা প্ৰাপ্তিৰ ঘোষণা কৰে৩৷ নাগা নেশ্যনেল কাউন্সিলত ১৯৪০ দশকৰ শেষৰফালে ফিজ’ৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰে৷ ১৯৪৯ চনত জখমা গাৱঁৰ ভিজাৰ আংগামী (Vizar Angami)ক মাত্ৰ এটা ভোটৰ ব্যৱধানত পৰাস্ত কৰি তেওঁ কাউন্সিলৰ চেয়াৰমেন পদ লাভ কৰে৪৷ তেওঁৰ নেতৃত্বত কাউন্সিলৰ পৃথক স্বাধীন দেশৰ দাবী তীব্ৰতৰ হৈ উঠে৷ তেওঁ নগাসকলক ভাৰতৰ প্ৰথম নিৰ্বাচন বৰ্জনৰ আহ্বান জনায়৷ ১৯৫৪ চনৰ ছেপ্টেম্বৰ মাহত ফিজ’য়ে টুৱেনছাঙৰ চাং মুৰব্বীসকলৰ সহযোগীতাত "People's Sovereign Republic of Free Nagaland” গঠন কৰে৷ ১৯৫৫ চনত খনমা গাঁৱত অনুষ্ঠিত এক সভাত অন্য দুগৰাকী প্ৰভাৱশালী আংগামী নেতা টি চাখৰি (T. Sakhrie) আৰু জে বি জাছ’কি (J. B. Jasokie)-ৰ ফিজ’ৰ সৈতে মনোমালিন্য ঘটে৷ ১৯৫৬ চনৰ জানুৱাৰী মাহত ফিজ’ৰ নিৰ্দেশত চাখৰিৰ হত্যা হয়৷ সেইবছৰৰে ২২ মাৰ্চত তেওঁ নাগা কেন্দ্ৰীয় চৰকাৰ ("Naga Central Government”) গঠন কৰে, যাক ১৯৫৯ চনত "Federal Government of Nagaland" (FGN) নামেৰে নামকৰণ কৰা হয়৷ ১৯৫৬ চনৰ ডিচেম্বৰত ফিজ’ই পূব- পাকিস্তান (বৰ্তমানত বাংলাদেশ) লৈ পলায়ন কৰে৷ তাৰপৰা তেওঁ লণ্ডণ পায়গৈ৫৷ তাৰপৰাই তেওঁ মৃতু্যপৰ্যন্ত ভাৰতবিৰোধী সংগ্ৰাম অব্যাহত ৰাখে ৷ ১৯৯০ চনত লণ্ডণতে তেওঁৰ মৃত্যু হয়৬৷
লগতে চাওক
- Pieter Steyn. (2002). Zapuphizo: Voice of the Nagas. Routledge. পৃ. 52. ISBN 978-0-7103-0506-0
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Guha, Ramachandra. (2007). India After Gandhi. Pan Macmillan Ltd., London. পৃ. 269–278. ISBN 978-0-330-50554-3
- ↑ S.K. Chaube. (1999). Hill Politics in Northeast India. Orient Longman. পৃ. 156. ISBN 81-250-1695-3
- ↑ Christopher A Mullen. (1997). ((Unrepresented Nations and Peoples Organization|UNPO)) Yearbook, 1996. Kluwer Law International. ISBN 978-90-411-0439-7
- ↑ Chaube, Shibani Kinkar. (1999). Hill politics in Northeast India. Orient Longman. পৃ. 153–161. ISBN 81-250-1695-3
- ↑ Integration of the North East: the State Formation Process. Institute of Developing Economies, Japan External Trade Organization
- ↑ (2013-04-29). Nagaland pays tribute to Phizo son. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আংগামী জাপো ফিজ’” প্ৰবন্ধৰ সংশোধন ৬৩১৬০৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।