অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ক'ৰডাটা

ক'ৰডাটা (Chordates, ) হ'ল এনেবোৰ প্ৰাণী যিবোৰৰ এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, Pharyngeal slit, এডাল Endostyle, আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে।

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৪৭২ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ক'ৰডাটা (Chordates, ) হ'ল এনেবোৰ প্ৰাণী যিবোৰৰ এডাল পৃষ্ঠ ৰজ্জু, এডাল ফোঁপোলা পৃষ্ঠীয় স্নায়ু ৰজ্জু, Pharyngeal slit, এডাল Endostyle, আৰু অন্ততঃ জীৱন চক্ৰৰ কিছু কালৰ বাবে এডাল নেজ থাকে। বৰ্গানুসৰি, এই পৰ্বটোৱে উপপৰ্ব মেৰুদণ্ডী (Vertebrata), যেনে- স্তন্যপায়ী, মৎস, উভচৰ, সৰিসৃপ, চৰাই; টিউনিকাটা (Tunicata), যেনে - salp আৰু sea squirt; আৰু চেফালকৰডাটাক (Cephalochordata) সাঙুৰি লয়।

ক'ৰডাটাৰ ৭৫,০০০ জীৱীত সদস্যৰ, প্ৰায় অৰ্ধেকেই Osteichthyes শ্ৰেণীৰ অন্তৰ্গত বনী ফিছ (bony fish)। পৃথিৱীৰ, আটাইতকৈ বৃহৎ আৰু ক্ষিপ্ৰতৰ প্ৰাণী, ক্ৰমে নীলা তিমি (blue whale) আৰু peregrine falcon, মানুহৰ দৰেই ক'ৰডাটাৰ অন্তৰ্গত।১

বিৱচ্ছেদ

গ্লাছ কেটফিছৰ (''Kryptopterus vitreolus'') পৃষ্ঠদণ্ড বাহিৰৰ পৰা দৃশ্যমান হৈ থাকে। পৃষ্ঠদণ্ডৰ ভিতৰত স্নায়ুৰজ্জু থাকে।
গ্লাছ কেটফিছৰ (Kryptopterus vitreolus) পৃষ্ঠদণ্ড বাহিৰৰ পৰা দৃশ্যমান হৈ থাকে। পৃষ্ঠদণ্ডৰ ভিতৰত স্নায়ুৰজ্জু থাকে।ছবি: Sonni · CC BY 2.0 de

পৃষ্ঠদণ্ডী পৰ্বৰ প্ৰাণীবোৰে সিহঁতৰ জীৱন কালৰ যিকোনো এটা বা সমগ্ৰ স্তৰত প্ৰদৰ্শন কৰা কিছুমান বিৱচ্ছেদীয় বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল:২

  • এডাল পৃষ্ঠদণ্ড থাকে। দেহৰ ভিতৰত দীঘলে দীঘলে কাৰ্টিলেজেৰে গঠিত এডাল দণ্ড থাকে। মেৰুদণ্ডী উপ গোটত এই পৃষ্ঠদণ্ড ডাল মেৰুদণ্ডলৈ বিকশিত হয়, আৰু সম্পূৰ্ণ জলজ প্ৰজীতিৰ ক্ষেত্ৰত ই সিহঁতৰ নেজৰ সহায়ত পানীত সাতুৰিবলৈ সহায় কৰে।
  • এডাল অংকীয় স্নায়ু নলীকা থাকে। মাছ আৰু অন্য মেৰুদণ্ডীৰ ক্ষেত্ৰত ই স্নায়ু ৰজ্জুলৈ বিকশিত হয়। ই হৈছে স্নায়ু তন্ত্ৰৰ যোগাযোগৰ মূল মাধ্যম।
  • ফেৰিঞ্জিয়েল স্লীট (Pharyngeal slit) থাকে। স্বাস নলী হৈছে মুখৰ ঠিক পিছতে থকা ডিঙিৰ এটা অংশ। মাছৰ ক্ষেত্ৰত ই ফুললৈ ৰূপান্তৰ হয়। কিন্তু পানীত বাস কৰা অন্য কিছুমান পৃষ্ঠদণ্ডীৰ ক্ষেত্ৰত ই পানীৰ পৰা আহাৰ পৰিস্ৰুত কৰা তন্ত্ৰৰেই এটা অংশ হিচাপে থাকে।
  • পায়ুৰ পিছফালে নেজ থাকে। পায়ুৰ পিছফালে এডাল পেশীয় নেজ থাকে।
  • এণ্ড'ষ্টাইল থাকে।৩

পৃষ্ঠদণ্ডীক অন্য জীৱৰ পৰা পৃথক কৰা, কিন্তু সাধাৰণ সংজ্ঞাৰ ভিতৰত নপৰা অন্য কিছুমান বৈশিষ্ট্য হ'ল:

  • সকলো পৃষ্ঠদণ্ডী ডিউটাৰ'ষ্টম (deuterostomes), অৰ্থাৎ ভ্ৰূণীয স্তৰত মুখতকৈ আগেয়ে পায়ু বিকশিত হয়।
  • সকলো পৃষ্ঠদণ্ডীৰ দেহ তল দ্বিপাৰ্শীয়ভাৱে প্ৰতিসম।৪
  • সকলো পৃষ্ঠদণ্ডীৰ দেহৰসেৰে পূৰ্ণ একোটা দেহ গহ্বৰ থাকে, লগতে পেৰিটনিয়াম থাকে।৫

নিকট সম্বন্ধীয় অপৃষ্ঠদণ্ডীসমূহ

এক্ৰন ৱৰ্ম বা এণ্টাৰ'নাষ্টসমূহ হেমিক'ৰডেটৰ উদাহৰণ।
এক্ৰন ৱৰ্ম বা এণ্টাৰ'নাষ্টসমূহ হেমিক'ৰডেটৰ উদাহৰণ।ছবি: Spengel, Johann Wilhelm · Public domain

হেমিক'ৰডেট

হেমিক'ৰডেট ("অৰ্দ্ধ পৃষ্ঠদণ্ডী") সমূহৰ কিছুমান বৈশিষ্ট্য পৃষ্ঠদণ্ডীৰ সৈতে মিল থকা দেখা যায়: ব্ৰেংকিয়েল ছিদ্ৰ শ্বাসনলীত মুক্ত হয় আৰু দেখিবলৈ গিল স্লীটৰ (gill slits) দৰে; ষ্ট'মকৰ্ড (stomochord), ন'ট'কৰ্ডৰ (notochord) সৈতে একে, কিন্তু মুখৰ পৰা আতৰত "ক'লাৰ (collar)"ৰ চাৰিও কাষে থাকে; এডাল অংকীয় স্নায়ুৰজ্জু থাকে, কিন্তু ভেণ্ট্ৰেল নাৰ্ভ কৰ্ডৰ আকাৰ সৰু।

হেমিক'ৰডেটৰ দুটা জীৱিত গোট আছে:

অকলশৰীয়াকৈ থকা এণ্টাৰ'নাষ্ট, যাক সাধাৰণতে "এক্ৰন ৱৰ্ম" বুলি কোৱা হয়। ইহঁতৰ দীঘল প্ৰ'বছছিছ (proboscis) থাকে আৰু প্ৰায় ২০০ লৈকে ব্ৰেংকিয়েল স্লীট থাকে আৰু দেহটো প্ৰায় ২.৫ ফুট পৰ্যন্ত দীঘল হয়। ইহঁত সাগৰ তলীত গাঁত খান্দি বাস কৰে।

টেৰ'ব্ৰাঞ্চ (Pterobranch) সমূহ উপনিৱেশ পাতি বাস কৰে। এককভাৱে ইহঁতৰ দৈৰ্ঘ্য প্ৰায় ১ মিটাৰতকৈ কম হয়। এযোৰ ব্ৰেংকিয়েল স্পৰ্শকৰ সহায়ত খাদ্য ভক্ষণ কৰে। ইহঁতৰ এডাল চুটি, শ্বীল্ড আকাৰৰ প্ৰবছছিছ থাকে। নলীত বাস কৰা দেখিবলৈ হেক্সু ব্লেডৰ দৰে দেখা বিলুপ্ত গ্ৰেপ্ট'লাইট (graptolite) নামৰ উপনিৱেশীয় জীৱাশ্মবোৰ টেৰ'ব্ৰাঞ্চৰ সৈতে একে।৬

কণ্টকচৰ্মী

এটা ৰঙা নব ছী ষ্টাৰ, ''Protoreaster linckii'', এষ্টেৰ'য'ৱান কণ্টকচৰ্মীৰ উদাহৰণ।
এটা ৰঙা নব ছী ষ্টাৰ, Protoreaster linckii, এষ্টেৰ'য'ৱান কণ্টকচৰ্মীৰ উদাহৰণ।ছবি: Adrian Pingstone · Public domain

পৃষ্ঠদণ্ডী আৰু সিহঁতৰ সম্বন্ধীয় সমূহৰ সৈতে কণ্টকচৰ্মীৰ তিনি প্ৰকাৰৰ পাৰ্থক্য আছে: ইহঁতে কেৱল পলু স্তৰতহে দ্বীপাৰ্শীয় সমমিতি প্ৰদৰ্শন কৰে। পূৰ্ণাংগ অৱস্থাত ইহঁত চক্ৰাকাৰ। ইহঁতৰ নলীকা সদৃশ পদ থাকে (tube feet)। ইহঁতৰ দেহৰ খোলা কেলচাইটৰ দ্বাৰা গঠিত। বেছিভাগ কণ্টকচৰ্মী সাগৰৰ শিলত লাগি থাকে, কিছুমানে অতি ধীৰ গতিৰে চলাচল কৰে আৰু তৰা মাছ, ছী আৰ্চিন, সামুদ্ৰীক তিঁয়হ আদিৰ দৰে কিছুমানৰ দেহৰ গঠন বিভিন্ন আকাৰৰ হয় আৰু চলাচল কৰিব পাৰে।৭

তথ্যসূত্ৰ

  1. ↑ AccessScience.com. Retrieved 23 December 2012
  2. ↑ Rychel, A.L.; Smith, S.E.; Shimamoto, H.T. (March 2006). Evolution and Development of the Chordates: Collagen and Pharyngeal Cartilage. Molecular Biology and Evolution. পৃ. 541–549
  3. ↑ Ruppert, E. (January 2005). Key characters uniting hemichordates and chordates: homologies or homoplasies?. Canadian Journal of Zoology. পৃ. 8–23
  4. ↑ Valentine, J.W. (2004). On the Origin of Phyla. University Of Chicago Press. পৃ. 7 The phylum chordata includes three subphylums: Cephalochoradta, Urochordata, Vertebras. It is determined that urochordates are closer to vertebrates that cephalochordates are due to their chordate–like features as a larval form. ISBN 978-0-226-84548-7 "Classifications of organisms in hierarchical systems were in use by the seventeenth and eighteenth centuries. Usually, organisms were grouped according to their morphological similarities as perceived by those early workers, and those groups were then grouped according to their similarities, and so on, to form a hierarchy."
  5. ↑ R.C.Brusca, G.J.Brusca. Invertebrates. Sinauer Associates, Sunderland Mass 2003 (2nd ed.), p. 47
  6. ↑ Introduction to the Hemichordata. University of California Museum of Paleontology
  7. ↑ Cowen, R. (2000). History of Life. Blackwell Science. পৃ. 412. ISBN 978-0-632-04444-3

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাসজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক'ৰডাটা” প্ৰবন্ধৰ সংশোধন ৬৩১৯১০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।