কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয় (Ministry of Personnel, Public Grievances and Pensions) ভাৰত চৰকাৰৰ অধীনৰ এক মন্ত্ৰালয়। এই মন্ত্ৰালয়ে চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত বিষয় বিশেষকৈ নিযুক্তি, প্ৰশিক্ষণ, কেৰিয়াৰ বিকাশ, কৰ্মচাৰীৰ কল্যাণৰ লগতে অৱসৰৰ পিছৰ বিষয়সমূহৰ লগত জড়িত। দায়িত্বশীল জনমুখী আধুনিক প্ৰশাসনৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত এই মন্ত্ৰালয় ৰাজহুৱা অভিযোগসমূহৰ কেন্দ্ৰীয় সংস্থা। ব্যৱসায়িক আবণ্টন নিয়মে মন্ত্ৰালয়লৈ আবণ্টিত কাৰ্যক পৰিভাষিত কৰে। সাধাৰণতে এই মন্ত্ৰালয়ৰ নেতৃত্ব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰে। বিভাগীয় ৰাজ্যিকমন্ত্ৰীয়ে তেওঁক প্ৰতিবেদন কৰে।
ইতিহাস
১৯৫৪ চনত পল এইচ এপলবিৰ প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি কেবিনেট সচিবালয়ত সংগঠন আৰু পদ্ধতি (O&M) বিভাগ গঠন কৰা হয়। ১৯৬৪ চনত নতুনকৈ গঠন কৰা প্ৰশাসনিক সংস্কাৰ বিভাগৰ অধীনত অ’ এণ্ড এম বিভাগটো গৃহ পৰিক্ৰমা মন্ত্ৰালয়লৈ বদলি কৰা হয়। ১৯৭০ চনত প্ৰশাসনিক সংস্কাৰ আয়োগৰ পৰামৰ্শৰ ভিত্তিত কেবিনেট সচিবালয়ত কৰ্মচাৰী বিভাগ গঠন কৰা হয়। ১৯৭৩ চনত দুয়োটা বিভাগ একত্ৰিত কৰি কেবিনেট সচিবালয়ত কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগ গঠন কৰা হয়। ১৯৭৭ চনত কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগ গৃহ পৰিক্ৰমা মন্ত্ৰালয়লৈ বদলি কৰা হয়। ১৯৮৫ চনত কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয় নামেৰে এটা পূৰ্ণাংগ মন্ত্ৰালয় গঠন কৰা হয় আৰু ইয়াৰ অধীনত তিনিটা পৃথক বিভাগ অন্তৰ্ভুক্ত কৰা হয়:১
- কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ (ইয়াৰ ভিতৰত ইউ পি এছ চি আৰু এছ পি এছ চিৰ জৰিয়তে বিষয়াৰ নিযুক্তিও অন্তৰ্ভুক্ত)
- প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ
- পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ১
বিভাগসমূহ
কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ
কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে কৰ্মচাৰী আৰু প্ৰশিক্ষণ সম্বন্ধীয় নীতি প্ৰণয়ন আৰু চৰকাৰৰ নীতিৰ সঠিক ৰূপায়িত কৰে। এই বিভাগৰ দ্বাৰা নিৰ্ধাৰণ কৰা কিছুমান গ্ৰহণযোগ্য মানদণ্ড আৰু নীতি-নিয়ম সকলো মন্ত্ৰালয়/বিভাগে নিযুক্তি, সেৱাৰ চৰ্ত নিয়ন্ত্ৰণ আৰু পদবীৰ বদলি আৰু কৰ্মীৰ প্ৰতিনিধিৰ ক্ষেত্ৰত মানি চলে লগতে অন্যান্য আনুষংগিক বিষয়সমূহো পালন কৰে।২
ই কেৱল ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ) আৰু কেন্দ্ৰীয় সচিবালয় সেৱা (চি এছ এছ)ৰ কেডাৰক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰে।
সংস্থাসমূহ
কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে নিম্নলিখিত সংস্থাসমূহৰ তত্ত্বাৱধান আৰু নিয়ন্ত্ৰণ কৰে, যথা —
- সংঘ লোক সেৱা আয়োগ (UPSC)
- কৰ্মচাৰী চয়ন আয়োগ (SSC)
- ৰাজহুৱা উদ্যোগ নিৰ্বাচন ব'ৰ্ড
- লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (LBSNAA)
- সচিবালয় প্ৰশিক্ষণ আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান
- কেন্দ্ৰীয় সতৰ্কতা আয়োগ (চিভিচি)
- কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)
- ভাৰতীয় জনপ্ৰশাসন প্ৰতিষ্ঠান
- কেন্দ্ৰীয় তথ্য আয়োগ (চিআইচি)২
পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ
পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে মূলতঃ কেন্দ্ৰীয় প্ৰশাসনিক সেৱা (পেঞ্চন) নিয়ম, ১৯৭২ৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ পিছৰ সুবিধাসমূহৰ সন্দৰ্ভত নীতি প্ৰণয়নৰ সৈতে জড়িত। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি অৰ্থাৎ পেঞ্চনাৰসকলৰ অভিযোগৰ প্ৰতিকাৰৰ বাবে কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ নিৰাময় আৰু নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে পৰিচালনা কৰে। এয়া পেঞ্চনাৰ পৰ্টেলৰ ছত্ৰৰ অধীনত অসামৰিক পেঞ্চনাৰ "ভৱিষ্য", "সংকল্প" আদিৰ বাবে অনলাইন পেঞ্চন অনুমোদন মডিউল ব্যৱস্থা। কিন্তু ৰে’ল আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পেঞ্চনাৰসকল নিজ নিজ পেঞ্চন নিয়মৰ দ্বাৰা পৰিচালিত হয়।
প্ৰশাসনিক সংস্কাৰ আৰু জনঅভিযোগ বিভাগ
প্ৰশাসনিক সংস্কাৰ আৰু জনঅভিযোগ বিভাগে নিম্নোক্ত বিষয়সমূহৰ প্ৰসাৰৰ জৰিয়তে শাসন ব্যৱস্থাৰ উৎকৃষ্টতাৰ সন্ধানত সহায় কৰিব লাগে:
- চৰকাৰী গাঁথনি আৰু প্ৰক্ৰিয়াৰ উন্নতি
- ৰাজহুৱা অভিযোগৰ প্ৰতিকাৰকে ধৰি নাগৰিক অনুকূল পদক্ষেপ
- উত্তম পদ্ধতিৰ নথিপত্ৰ, ইনকিউবেচন আৰু প্ৰচাৰ
পদ্ধতিসমূহৰ সংহিতাকৰণ আৰু সৰলীকৰণ আৰু
- বিভিন্ন সংস্থাৰ সৈতে নেটৱৰ্কিং
বিভাগটোৱে কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ, ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসন, সংগঠন আৰু ব্যক্তিৰ সৈতে আলোচনা কৰি চৰকাৰৰ পুনৰ্গঠন, প্ৰক্ৰিয়া উন্নয়ন, সংগঠন আৰু পদ্ধতি আৰু অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে চৰকাৰী কাৰ্য্যকলাপ উন্নত কৰাৰ বাবে সুবিধা প্ৰদানকাৰী হিচাপে কাম কৰে। লগতে ই আধুনিকীকৰণ, নাগৰিক চনদ, বঁটা আঁচনি, ই-গভৰ্নেন্স, আৰু উত্তম পদ্ধতিসমূহক প্ৰসাৰিত কৰাত সহায় কৰে।
ই কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ প্ৰতিকাৰ আৰু নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে অনলাইন অভিযোগ প্ৰতিকাৰ সেৱা প্ৰদান কৰে।
মন্ত্ৰী
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰীগৰাকী হৈছে কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ দায়িত্বত থকা কেবিনেট মন্ত্ৰী। এই পদটো সাধাৰণতে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হাতত থাকে যদিও কেতিয়াবা কেবিনেটৰ আন জ্যেষ্ঠ সদস্য যেনে গৃহ পৰিক্ৰমা মন্ত্ৰীয়েও এই পদত অধিষ্ঠিত হৈ আহিছে। সাধাৰণতে মন্ত্ৰীজনক এগৰাকী ৰাজ্যিক মন্ত্ৰীয়ে সহায় কৰে। এই পদটোক শক্তিশালী বুলি গণ্য কৰা হয় কাৰণ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন ভাৰতীয় প্ৰশাসনিক সেৱা,৩ কেন্দ্ৰীয় সচিবালয় সেৱাৰ কেডাৰ নিয়ন্ত্ৰণ কৰ্তৃপক্ষ আৰু কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই) আৰু ৰাজহুৱা উদ্যোগ নিৰ্বাচন ব’ৰ্ডৰ (পিইএছবি) প্ৰশাসনিক একক।১২
তথ্যসূত্ৰ
- ↑ Laxmikanth, M. (2014). Governance in India. McGraw-Hill Education. পৃ. 7.36–7.37. ISBN 978-9339204785
- ↑ Organisation Under DOPT. Department of Personnel and Training, ভাৰত চৰকাৰ
- ↑ Laxmikanth, M. (2014). Governance in India. McGraw-Hill Education. পৃ. 7.6. ISBN 978-9339204785
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়” প্ৰবন্ধৰ সংশোধন ৩৮৪০০৫ (১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।