কেতিকা শৰ্মা (ইংৰাজী ভাষা: Ketika Sharma; জন্ম: ২৪ ডিচেম্বৰ, ১৯৯৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু ভাষা চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ৰোমাণ্টিক (২০২১), ৰংগা ৰংগা বৈভৱংগা (২০২২) আৰু ব্ৰো (২০২৩) আদি ছবিৰ বাবে পৰিচিত। তেওঁ অভিনীত ছবিসমূহৰ ভিতৰত ব্ৰো আটাইতকৈ অধিক উপাৰ্জনকাৰী ছবি।১
প্ৰাৰম্ভিক জীৱন
শৰ্মাৰ জন্ম ১৯৯৫ চনৰ ২৪ ডিচেম্বৰত ভাৰতৰ নতুন দিল্লীত হৈছিল। পঢ়া-শুনা সমাপ্ত কৰাৰ পাছত তেওঁ মডেলিং আৰম্ভ কৰে। তেওঁ এগৰাকী ছ’চিয়েল ইনফুৱেঞ্চাৰ হিচাপেও পৰিচিত হৈ পৰিছে। তেওঁৰ ডাবস্মেশ্ব ভিডিঅ’ ক্লিপবোৰৰ বাবে শৰ্মা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।২
কৰ্মজীৱন
২০২১ চনত আকাশ পুৰীৰ বিপৰীতে ৰোমাণ্টিক ছবিৰ জৰিয়তে শৰ্মাই অভিনয় জীৱনৰ পাতনি মেলে।৩ দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ মুৰলী কৃষ্ণ চি.এইচে মত প্ৰকাশ কৰে যে তেওঁৰ অভিনয়ে "আশাৰ সঞ্চাৰ কৰিছে।" ৪ একে বছৰতে তেওঁ নাগা শৌৰ্যৰ বিপৰীতে লক্ষ্য ছবিতো অভিনয় কৰে, য’ত সমালোচকসকলে মত দিয়ে যে তেওঁক কেৱল "পৰ্দাত ধুনীয়া" দেখিছিল।৫৬ ২০২২ চনত শৰ্মাই পাঞ্জা বৈষ্ণৱ তেজৰ বিপৰীতে ৰংগা ৰংগা বৈভৱংগা ছবিত অভিনয় কৰে।৭ সংগীতা দেৱী দুন্দুৱে কয় যে, "এনে এখন ছবি য’ত চৰিত্ৰটোক ভালদৰে ফুটাই তোলা হোৱা নাই, তাত কেতিকাৰ অভিনয় কেৱল পৰ্যাপ্ত বুলিব পাৰি।" ৮
শৰ্মাই ২০২৩ চনৰ ছবি ব্ৰোত সাই ধৰম তেজৰ বিপৰীতে অভিনয় কৰিছিল।৯ এই ছবিখন বছৰটোৰ পঞ্চম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হোৱাৰ লগতে তেওঁৰ প্ৰথমখন বাণিজ্যিক সফলতা লাভ কৰা ছবি হিচাপে চিহ্নিত হয়।১০ দ্য নিউজ মিনিটৰ বালকৃষ্ণ গণেশনে লক্ষ্য কৰে যে, "কেতিকাই তেওঁৰ সীমিত চৰিত্ৰটোত এটা ভদ্ৰ অভিনয় আগবঢ়াইছে।" ১১ শৰ্মাই ২০২৪ চনত বিজয় ৬৯ৰ জৰিয়তে হিন্দী ছবিত আত্মপ্ৰকাশ কৰে।১২১৩ ফিল্মফেয়াৰৰ দেৱেশ শৰ্মাই উল্লেখ কৰে যে, "কিশোৰজনৰ ডাঙৰ প্ৰেমিকা হিচাপে কেতিকাৰ চৰিত্ৰটোৱে কাহিনীটোত এক আৱেগিক মাত্ৰা যোগ কৰিছে।" ১৪
তথ্যসূত্ৰ
- ↑ (2023-08-31). Bro WW Closing Collections. News18 Telugu
- ↑ (April 2021). 'Romantic' actress Ketika Sharma is turning up the heat with her bewitching avatar in these glamorous clicks. www.zoomtventertainment.com
- ↑ (20 October 2021). Prabhas all praise about Akash Puri and Ketika Sharma's chemistry in Romantic trailer. The Times of India
- ↑ (30 October 2021). 'Romantic' movie review: An assault on our senses. The New Indian Express
- ↑ Naga Shaurya And Kethika Sharma Close Together For Lakshya. Clapnumber
- ↑ Lakshya Movie Review: An interesting sports drama with minor flaws. The Times of India
- ↑ (2 April 2021). Vaisshnav Tej's film with Ketika Sharma goes on floors. Cinema Express
- ↑ Dundoo, Sangeetha Devi. (2 September 2022). 'Ranga Ranga Vaibhavanga' movie review: Old wine in an old bottle. দ্য হিন্দু
- ↑ (2023-02-22). Samuthirakani directorial with Pawan Kalyan, Sai Dharam Tej goes on floor. The Indian Express
- ↑ (2023-02-22). Bro' box office collection Day 6: Pawan Kalyan and Sai Dharam Tej's film surpasses Rs 118 crore in Andhra and Telangana. The Times of India
- ↑ (28 July 2023). BRO review: Pawan Kalyan's fantasy comedy fails to sustain interest. The News Minute
- ↑ (9 November 2023). Anupam Kher Wraps The Shoot Of Vijay 69. NDTV
- ↑ (2025-05-01). Vijay 69 Review (2024) · Leisurebyte
- ↑ Vijay 69 Movie Review: Triumph of spirit. Filmfare
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেতিকা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৯৮২৯৫ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।