সমৰ কলা
৮ প্ৰবন্ধ
-
সমৰ কলা
সমৰ কলা (Martial Arts) শব্দটো বৰ্তমান বিশ্বৰ ক্ৰীড়া জগতত বিস্তৃতি লাভ কৰিছে। সমৰ কলা বা যুদ্ধ কলা বুলিলে প্ৰদৰ্শনীমূলক বা প্ৰতিযোগিতামূলক যুদ্ধ কলা বা সমৰ কৌশলক বুজায়।
-
কাৰাটে
কাৰাটে (Karate) একাধাৰে দেহতত্ত্ব বা শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগদৰ্শন আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশল সমূহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম কাৰাটেৰ বিকাশ আজিৰ পৰা প্ৰয় ২০০০ বছৰৰ আগতে বৌদ্ধ ধৰ্ম্মালম্বী চীনা ভিক্ষুক সকলৰ মাজতে হৈছিল।
-
কালৰিপায়াট্টু
কালৰিপায়াট্টু (Kalaripayattu, ), যাক চমুকৈ কালৰি বুলিও জনা যায়, হৈছে এক ভাৰতীয় সমৰকলা। ই খ্ৰীষ্টীয় ১১-১২ শতিকাৰ সময়ছোৱাত আধুনিক কেৰালাত উৎপত্তি হৈছিল।
-
গতকা
গতকা (ਗੱਤਕਾ;; गतका; ) হৈছে মূলতঃ পাঞ্জাৱৰ শিখ আৰু অন্যান্য আনুষংগিক জনগোষ্ঠী, যেনে হিন্দকোৱানৰ সৈতে জড়িত যুদ্ধ কলাৰ এক প্ৰকাৰৰ খেল। ই লাঠি-যুদ্ধৰ এক শৈলী, কাঠৰ লাঠিৰে তৰোৱালৰ অনুকৰণ কৰা হয়।
-
জুডো
জুডো (柔道, অৰ্থাৎ "নম্ৰতাৰ পথ") হৈছে এটা আধুনিক জাপানী যুদ্ধকলা (martial art), যিটো জিগোৰো কান' (Jigoro Kano) এ ১৮৮২ চনত সৃষ্টি কৰিছিল। ইয়াত প্ৰধানকৈ গ্ৰ্যাপ্লিং, নিক্ষেপ (throwing), মাটিত দমন (pinning), আৰু সংযম (submission techniques) কৌশল ব্যৱহাৰ কৰা হয়।
-
চিলাম্বম
চিলাম্বম(Silambam) হ’ল ভাৰতৰ দক্ষিণ ভাৰত অঞ্চলৰ তামিলনাডুত সৃষ্টি হোৱা এক ভাৰতীয় সমৰ কলা। এই কলাশৈলীৰ কথা তামিল সংগম সাহিত্যত উল্লেখ কৰা আছে। ৱৰ্ল্ড চিলাম্বম এছ’চিয়েচন হৈছে চিলাম্বমৰ চৰকাৰী আন্তঃৰাষ্ট্ৰীয় সংস্থা।
-
অঙ্গমপোৰা
অঙ্গমপোৰা হৈছে যুদ্ধ কৌশল, আত্মৰক্ষা, ক্ৰীড়া, ব্যায়াম আৰু ধ্যান মিশ্ৰিত এক সিংহলী সমৰ কলা। অঙ্গমপোৰাৰ মূল উপাদান হৈছে অংগম, য'ত হাতে হাতে যুঁজ দিয়া হয় আৰু ইলাংগম, য'ত উৰুমি নামৰ এবিধ চাবুক, লাঠি, কটাৰী আৰু তৰোৱালৰ দৰে থলুৱা অস্ত্ৰ ব্যৱহাৰ কৰা হয়।
-
গ'জু-ৰিও কাৰাটে
গ'জু-ৰিও (Gōjū-ryū) হৈছে পৰম্পৰাগত অকিন'ৱা কাৰাটে শৈলীসমূহৰ এটা শৈলী বা সাধাৰণ ভাষাত ষ্টাইল। 'গ'জু-ৰিও'ৰ জাপানীজ ভাষাত অৰ্থ হৈছে 'কঠিন-কোমল শৈলী'। গ' মানে কঠিন আৰু জু মানে কোমল।