কোটোহা বাঁহ (বৈজ্ঞানিক নাম:Bambusa arundinacea) গ্ৰেমিনি (Grsmineae) পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বাঁহ।১ এই বাঁহ ঘন ঘনকৈ জোপোহা আকাৰে উৎপন্ন হয়।
বিৱৰণ
কোটোহা বাঁহৰ গাইগুটীয়া গাঁঠিবোৰ ঘন ঘন হয় আৰু দুটা গাঁঠিৰ মধ্যভাগত বিকশিত হোৱা পাব (internode) বিলাকত থকা চুঙাৰ ফোঁপোলা সামান্য হয়। গাঁঠিবিলাকৰ পৰা ওলাই অহা চেকনিবোৰে বাঁহজোপাক মেৰিয়াই ধৰে।১
বাঁহৰ মুঢ়াৰ পৰা পোখা ওলাই গাঁজৰ উৎপত্তি হয়। অন্যন্য বাঁহৰ প্ৰজাতিৰ দৰেই এই বাঁহ গাজৰ গাঁঠিবোৰত বৌখাৰ উৎপত্তি হয়। বৌখাৰ উপৰিভাগত চুটি চুটি শুঙৰ আৱিৰ্ভাৱ হয়।
তথ্যসূত্ৰ
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোটোহা বাঁহ” প্ৰবন্ধৰ সংশোধন ২৫৮৮৬৯ (১১ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।