জলজ উদ্ভিদ
৪ প্ৰবন্ধ
-
পদুম
পদুম (Nelumbo nucifera) জলজ উদ্ভিদ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ফুল, যি সৌন্দৰ্য্য, ধৰ্মীয় প্ৰতীকীতা আৰু ব্যৱহাৰিক মূল্যৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিছে। উষ্ণ জলবায়ুৰ বহু ঠাইত, বিশেষকৈ জান-জুৰি, বিল আৰু পুখুৰীত ই স্বাভাৱিকভাৱে গজে, আৰু খাদ্য, ঔষধ, শিল্প-সংস্কৃতি তথা স্থাপত্যত ব্যাপকভাৱে উপস্থিত।
-
কলমৌ
কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।
-
বৰপুণি
বৰপুণি (বৈজ্ঞানিক নাম: Pistia stratiotes; ইংৰাজী নাম: water cabbage, water lettuce, Nile cabbage, বা shellflower; বঙালী: টাকাপানা) এৰেকেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলজ উদ্ভিদ। এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়।
-
সৰু পুণী
বিশ্বৰ ক্ষুদ্ৰতম ফুল উলফিয়া গ্ল'ব'ছা।উলফিয়া গ্ল’ব’ছা (ইংৰাজী ও বৈজ্ঞানিক নামঃ Wolffia globosa) হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ সপুষ্পক উদ্ভিদ। ইয়াক সাধাৰণতে এছিয়ান ৱাটাৰমিল (এছিয়াৰ পুনি) আৰু ডাকৱিড নামেৰে জনা যায়।