দ্য কমেডী অৱ এৰ’ৰচ্ (The Comedy of Errors) ৱিলিয়াম শ্বেইক্সপিয়াৰৰ প্ৰাৰম্ভিক নাটসমূহৰ ভিতৰত অন্যতম। এইখন তেওঁৰ আটাইতকৈ চুটি আৰু অন্যতম হাস্যমধুৰ কমেডী, য’ত হাস্যৰসৰ এটা ডাঙৰ অংশ ভ্ৰম আৰু ভুল পৰিচয়ৰ পৰা উদ্ভূত। তাৰোপৰি নাটকখনত দেখা যায় বাক্য আৰু শব্দৰ অপূৰ্ব খেল। ইয়াক বিশ্বজুৰি বহুবাৰ অপেৰা, মঞ্চ, পৰ্দা আৰু সংগীত নাট্যৰ বাবে অভিযোজিত কৰা হৈছে। প্ৰথম মঞ্চস্থ হোৱাৰ পৰৱৰ্তী শতিকাবোৰত নাটকখনৰ শিৰোনামে জনপ্ৰিয় ইংৰাজী শব্দাৱলীত "এটা ঘটনা বা ঘটনাৰ শৃংখলাত হোৱা ভুলৰ সংখ্যাই হাস্যস্পদ কৰি তোলা" বুজাবলৈ এটা জনপ্ৰিয় প্ৰবচন হিচাপে অন্তৰ্ভূক্ত হৈছে।১
গ্ৰীচৰ ইফিচাচ চহৰত পটভূমিত ৰচিত নাটকখনত জন্মৰ সময়ত ভুলবশতঃ পৃথক হোৱা একে চেহেৰাৰ দুইহাল যমজ সন্তানৰ কাহিনী বৰ্ণনা কৰা হৈছে। চাইৰাকিউজৰ এন্টিফ'লাছ আৰু তেওঁৰ দাস চাইৰাকিউজৰ ড্ৰ'মিঅ' ইফিচাচত উপস্থিত হয়। এই চহৰতে বাস কৰে তেওঁলোকৰ যমজ ভাতৃ ইফিচাচৰ এন্টিফ'লাছ আৰু তেওঁৰ দাস ইফিচাচৰ ড্ৰ'মিঅ'। চাইৰাকিউজবাসী সেই দুই যমজ ভাতৃৰ মুখামুখী হোৱাত পৰিচয় বিভ্ৰান্তিৰ কাৰণে এটাৰ পিছত এটা অঘটন ঘটিবলৈ ধৰে।
২০১৭ চনত কমেডী অৱ এৰ’ৰচৰ আধাৰত অসমীয়া ভাষাত লোকেল কুং ফু ২ নামৰ এখন সমৰ কলা বিষয়ক ছবি এখন নিৰ্মাণ কৰা হয়। ছবিখনৰ পৰিচালক কেনি দেউৰী বসুমতাৰী। এই ছবিখনত তেওঁ মুখ্য চৰিত্ৰতো অভিনয় কৰিছিল।২৩
বিশ্লেষণ আৰু সমালোচনা
ত ছপা কৰা নাটকখনৰ প্ৰথম পৃষ্ঠা]]
যুগ যুগ ধৰি পণ্ডিতসকলে ‘দ্য কমেডী অৱ এৰ’ৰছ’ত বিষয়ভিত্তিক গভীৰতা কমেইহে বিচাৰি পাইছে। হেৰল্ড ব্লুমে অৱশ্যে লিখিছে যে ই "কমেডীৰ কলাত শ্বেক্সপীয়েৰৰ মহিমা প্ৰকাশ কৰে", ৪ আৰু এই কামৰ প্ৰশংসা কৰি কয় যে "এনেকুৱা ধৰণৰ দক্ষতা, এক্সন, প্ৰাৰম্ভিক চৰিত্ৰ আৰু মঞ্চশিল্পত সঁচাকৈয়ে আধিপত্য দেখুৱাইছে যে এই তিনিওটা ‘ষষ্ঠ হেনৰী’ বা যথেষ্ঠ সৰল কমেডী ‘দ্য টু জেন্টলমেন অৱ ভেৰোনা’তকৈ বহুগুণে শ্ৰেয়"। ৫ ষ্টেনলি ৱেলছেও উল্লেখ কৰিছে যে ই শ্বেক্সপীয়েৰৰ প্ৰথম নাটক "য'ত শিল্পৰ ক্ষেত্ৰত থকা তেওঁৰ আধিপত্য প্ৰদৰ্শিত হৈছে"। ৬ অষ্টাদশ শতিকাৰ মঞ্চত এই নাটকখন বিশেষ ভাবে পচন্দৰ নাছিল, কাৰণ ইয়াত ডেভিদ গেৰিকৰ দৰে অভিনেতাই সুবিধা ল’ব পৰা ধৰণৰ আকৰ্ষণীয় ভূমিকা নাছিল।
এটা দিশত নাটকখন বিশেষভাৱে উল্লেখযোগ্য আছিল। অষ্টাদশ শতিকাৰ আৰম্ভণিতে কিছুমান সমালোচকে খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাত এৰিষ্টটলে নিৰ্দিষ্ট কৰা ধ্ৰুপদী ঐক্যসমূহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি নাটকৰ গুণগত মান বিচাৰ কৰাৰ ফৰাচী সমালোচনাত্মক মানদণ্ড অনুসৰণ কৰিছিল। এই মানদণ্ড মানি চলা শ্বেক্সপীয়েৰৰ একমাত্ৰ দুখন নাটক আছিল ‘কমেডী অৱ এৰ'ৰচ’ আৰু ‘দ্য টেম্পেষ্ট’। ৭ ন্যায়শাস্ত্ৰৰ অধ্যাপক এৰিক হাইঞ্জে অৱশ্যে যুক্তি আগবঢ়ায় যে নাটকখনত বিশেষভাৱে উল্লেখযোগ্য হৈছে সামাজিক সম্পৰ্কৰ শৃংখলা, যিয়ে নিজৰ সামন্তীয় ৰূপ ত্যাগ কৰি আধুনিক ইউৰোপৰ আৰম্ভণিৰ বজাৰ শক্তিৰ সন্মুখীন হোৱাৰ বাবে সংকটত পৰিছে। ৮
ভাৰতীয় চলচ্চিত্ৰত কমেডী অৱ এৰ'ৰচৰ অভিযোজনা
- ভ্ৰান্তিবিলাস- উত্তম কুমাৰ অভিনীয় ১৯৬৩-ৰ বঙালী চলচ্চিত্ৰ।
- দো দুনি চাৰ- কিশোৰ কুমাৰ অভিনীত হিন্দী চলচ্চিত্ৰ।
- অংগুৰ- সঞ্জীৱ কুমাৰ অভিনীত হিন্দী চলচ্চিত্ৰ।
- ওৰান্থ গোলান্তা - চন্দ্ৰ মোহন অভনীত চলচ্চিত্ৰ।
- উল্টা পাল্টা- ৰমেশ অৰবিন্দ অভিনীত কানাড়া ভাষাৰ চলচ্চিত্ৰ।
- উল্টা পাল্টা- ৰাজেন্দ্ৰ প্ৰসাদ অভিনীত তেলুগু ভাষাৰ চলচ্চিত্ৰ।
- আম্বুত্তু ইমবুত্তু এমবুত্তু- তামিল চলচ্চিত্ৰ।
- আমইত আচাল এমেইত কুশল- নবীন দি পাদিল অভিনীত তুলু ভাষাৰ চলচ্চিত্ৰ।
- ডাবল দি ট্ৰাব'ল- ২০১৪-ৰ পাঞ্জাবী চলচ্চিত্ৰ।
- লোকেল কুং ফু ২ (২০১৭ চনত মুক্তিপ্ৰাপ্ত কেনী দেউৰী বসুমতাৰী পৰিচালিত অসমীয়া চলচ্চিত্ৰ)
- চাৰ্কাচ ২০২২ চনত মুক্তিপ্ৰাপ্ত হিন্দী চলচ্চিত্ৰ, য'ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে।
তথ্যউৎস
কমেডী অৱ এৰ'ৰচৰ সংস্কৰণ
- Bate, Jonathan and Rasmussen, Eric (eds.), The Comedy of Errors (The RSC Shakespeare; London: Macmillan, 2011)
- Cunningham, Henry (ed.) The Comedy of Errors (The Arden Shakespeare, 1st Series; London: Arden, 1907)
- Dolan, Francis E. (ed.) The Comedy of Errors (The Pelican Shakespeare, 2nd edition; London, Penguin, 1999)
- Dorsch, T.S. (ed.) The Comedy of Errors (The New Cambridge Shakespeare; Cambridge: Cambridge University Press, 1988; 2nd edition 2004)
- Dover Wilson, John (ed.) The Comedy of Errors (The New Shakespeare; Cambridge: Cambridge University Press, 1922; 2nd edition 1962)
- Evans, G. Blakemore (ed.) The Riverside Shakespeare (Boston: Houghton Mifflin, 1974; 2nd edn., 1997)
- Foakes, R.A. (ed.) The Comedy of Errors (The Arden Shakespeare, 2nd Series; London: Arden, 1962)
- Greenblatt, Stephen; Cohen, Walter; Howard, Jean E., and Maus, Katharine Eisaman (eds.) The Norton Shakespeare: Based on the Oxford Shakespeare (London: Norton, 1997)
- Jorgensen, Paul A. (ed.) The Comedy of Errors (The Pelican Shakespeare; London, Penguin, 1969; revised edition 1972)
- Levin, Harry (ed.) The Comedy of Errors (Signet Classic Shakespeare; New York: Signet, 1965; revised edition, 1989; 2nd revised edition 2002)
- Martin, Randall (ed.) The Comedy of Errors (The New Penguin Shakespeare, 2nd edition; London: Penguin, 2005)
- Wells, Stanley (ed.) The Comedy of Errors (The New Penguin Shakespeare; London: Penguin, 1972)
- SwipeSpeare The Comedy of Errors (Golgotha Press, Inc., 2011)
- Wells, Stanley; Taylor, Gary; Jowett, John and Montgomery, William (eds.) The Oxford Shakespeare: The Complete Works (Oxford: Oxford University Press, 1986; 2nd edn., 2005)
- Werstine, Paul and Mowat, Barbara A. (eds.) The Comedy of Errors (Folger Shakespeare Library; Washington: Simon & Schuster, 1996)
- Whitworth, Charles (ed.) The Comedy of Errors (The Oxford Shakespeare: Oxford: Oxford University Press, 2002)
অধিক পঠন
- O'Brien, Robert Viking. (1996). The Madness of Syracusan Antipholus. Early Modern Literary Studies. পৃ. 3.1–26
বাহ্যিক সংযোগ
- "Modern Translation of the Play" – Modern version of the play
- The Comedie of Errors – HTML version of this title.
- Photos of Gray's Inn Hall – the hall where the play was once performed
- Lesson plans for teaching The Comedy of Errors at Web English Teacher
- Information on the 1987 Broadway production
তথ্যসূত্ৰ
- ↑ (24 March 2024). Definition of 'Comedy of Errors'. merriam-webster.com
- ↑ (2013-09-25). There’s Kung Fu in the air. The Hindu
- ↑ (2013-10-04). ‘Local Kung Fu’ hits perception barrier. The Times of India
- ↑ Bloom. (2010). The Comedy of Errors. Infobase Publishing. ISBN 978-1438134406
- ↑ Bloom, Harold. Shakespeare: The Comedy of Errors. The New York Times
- ↑ Billington, Michael. (2014-04-02). Best Shakespeare productions: The Comedy of Errors. The Guardian
- ↑ Bloom, Harold. (2010). The Comedy of Errors. Bloom's Literary Criticism. Infobase. পৃ. 57. ISBN 978-1-60413-720-0
- ↑ Eric Heinze, "'Were it not against our laws': Oppression and Resistance in Shakespeare's Comedy of Errors", 29 Legal Studies (2009), pp. 230–263
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমেডী অৱ এৰ'ৰচ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫২৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।