ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়(English: Koklabari Chapaguri College) এখন প্ৰাদেশিকীকৃত মহাবিদ্যালয় যিখন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা সংযুক্ত।১
মহাবিদ্যালয়ৰ ইতিহাস
ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়খন হাজুৱা ৰাজহ গাঁও অন্তৰ্গত হাজুৱা নামৰ ঠাইত অৱস্থিত। হজুৱাক পটা নামৰ নদী এখনেৰে দুভাগ কৰি অঞ্চলটোৰ সজীৱ দৃশ্য অংকন কৰা দেখা যায়। পটানদীৰ উত্তৰ দিশত হজুৱা আৰু দক্ষিণ অংশ চিমলা বুলি জনা যায়। হজুৱা নামটোৰ কিছু পটভূমি আছে। মানুহবোৰ অতি সহজ, সৎ, মৃদু আৰু নিৰীহ দেখা যায় কাৰণে সেই ঠাইখন ইংৰাজৰ সময়ৰ পৰাই নাম ঠাইখনৰ নাম হজুৱা(হোজা) হিচাপে পৰিচিত। হজুৱা হৈছে জালাহ ৰাজহ চক্ৰৰ অন্তৰ্গত আৰু ইয়াৰ চৌদিশে প্ৰায় ৭৮খন গাঁও আছে। অঞ্চলটোৰ জনগাঁথনি বেছিভাগেই জনজাতীয় (এছ টি) লোক আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকেৰে পৰিপূৰ্ণ আৰু সাধাৰণ জাতিৰ মানুহবোৰ অতি ক্ষীণ। অঞ্চলটোৰ স্থানীয় জীৱিকা হৈছে কৃষি। ব্যৱসায় আৰু অন্যান্য ভিন্ন চাকৰিৰে জীৱন নিৰ্বাহ কৰা লোক সংখ্যা যথেষ্ট কম। শৈক্ষিক পৰিৱেশৰ অভাৱৰ বাবে এই অঞ্চলৰ শৈক্ষিক পটভূমি অতি পিছপৰা। অঞ্চলখনত মাত্ৰ কেইখনমান বিদ্যালয় আৰু এখন কনিষ্ঠ মহাবিদ্যালয়হে ছাত্ৰ-ছাত্ৰীক ১০ + ২ শিক্ষাৰ বাবে একমাত্ৰ শিক্ষানুষ্ঠান আছিল। উচ্চ শিক্ষাৰ বাবে আকাংক্ষিত ছাত্ৰ-ছাত্ৰীসকলে বহু দূৰলৈ যাব লাগে। অঞ্চলটোৰ সকলো দিশ বিবেচনা কৰি এই অঞ্চলৰ শিক্ষিত ৰাইজে আকাংক্ষিত ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে এখন ডিগ্ৰী মহাবিদ্যালয় থকাটো বৰ প্ৰয়োজন অনুভৱ কৰে। অঞ্চলটোৰ সমগ্ৰ ৰাইজে গোট খাই হজুৱাত এখন ডিগ্ৰী মহাবিদ্যালয় স্থাপনৰ বাবে কমিটী গঠন কৰাৰ সিদ্ধান্ত লয় আৰু অৱশেষত ২০১৩ চনত হজুৱাত মহাবিদ্যালয়খন স্থাপন কৰা হয়।২
স্থান
মহাবিদ্যালয়খন অসমৰ বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ(বিটিআৰ)ৰ বাক্সা জিলাৰ চিমলা থানৰ অন্তৰ্গত হজুৱা নামৰ ঠাইত অৱস্থিত।
শৈক্ষিক বিষয়
- কলা স্নাতক (অনাৰ্ছ আৰু নিয়মীয়া)
- বড়ো
- অসমীয়া
- ইংৰাজী
- দৰ্শন
- অৰ্থনীতি
- শিক্ষা
- ৰাজনীতি বিজ্ঞান
তথ্যসূত্ৰ
- ↑ Bodoland University. bodolanduniversity.ac.in
- ↑ KCCollege. KCCollege1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ককলাবাৰী চাপাগুৰি মহাবিদ্যালয়, হজুৱা” প্ৰবন্ধৰ সংশোধন ৫২৮০৭৩ (২৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।