ওদালগুৰি বিধানসভা সমষ্টি (ইংৰাজী: Udalguri Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো ওদালগুৰি জিলাৰ অন্তৰ্গত আৰু ই দৰং–উদালগুৰি লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন বৰ্ষ | বিধায়ক | ৰাজনৈতিক দল |
|---|---|---|
| ১৯৭৮ | গোপাল চন্দ্ৰ পৱাত | জনতা পাৰ্টী |
| ১৯৮৩ | বিনয় কুমাৰ বসুমতাৰী | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৮৫ | বিনয় কুমাৰ বসুমতাৰী | প্লেন ট্ৰাইবেলছ কাউন্সিল অৱ আছাম |
| ১৯৯১ | জামছন বসুমতাৰী | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৯৬ | দেবেন বড়ো | অসম গণ পৰিষদ |
| ২০০১ | ৰিহন ডৈমাৰী | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ২০০৬ | ৰিহন ডৈমাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ২০১১ | ৰিহন ডৈমাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ২০১৬ | ৰিহন ডৈমাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ২০২১ | গোবিন্দ চন্দ্ৰ বসুমতাৰী | ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল |
| ২০২৬ | ৰিহন ডৈমাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ ৰাজনীতিবিদ ৰিহন ডৈমাৰীয়ে বিজয় সাব্যস্ত কৰি এই সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়।
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওদালগুৰি বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩২১ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।