এষ্ট্ৰোজেন Estrogen হৈছে মহিলাৰ প্ৰজনন তন্ত্ৰৰ বিকাশ আৰু নিয়ন্ত্ৰণত সহায় কৰা এক শ্ৰেণীৰ যৌন হৰমʼন।১২ সকলো মেৰুদণ্ডী প্ৰাণী আৰু কিছুমান পোক-পৰুৱাত এষ্ট্ৰোজেন সংশ্লেষিত হয়।৩৪ পৰিমাণগতভাৱে পুৰুষ আৰু মহিলা উভয়ৰে এষ্ট্ৰোজেন এণ্ড্ৰজেনতকৈ কম মাত্ৰাত চলাচল কৰে।৫ মহিলাতকৈ পুৰুষৰ এষ্ট্ৰোজেন মাত্ৰা যথেষ্ট কম হ'লেও পুৰুষৰ ক্ষেত্ৰত এষ্ট্ৰোজেনৰ গুৰুত্বপূৰ্ণ শাৰীৰিক ভূমিকা আছে।৬ প্ৰাকৃতিক হৰম’ন হিচাপে ভূমিকা লোৱাৰ উপৰিও এষ্ট্ৰোজেনক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়, যেনে ৰজোনিবৃত্তিৰ হৰম’ন থেৰাপী, হৰম’নেৰে জন্ম নিয়ন্ত্ৰণ আৰু ট্ৰান্সজেণ্ডাৰ মহিলা, আন্তঃলিংগ আৰু ননবাইনাৰী লোকৰ বাবে হৰম’ন থেৰাপী আৰু ফেমিনাইজিং হৰম’ন চিকিৎসাত।
ধৰণ আৰু উদাহৰণ
এষ্ট্ৰোজেনৰ চাৰিটা প্ৰধান ৰূপ আছে: এষ্ট্ৰন (E1), এষ্ট্ৰেডিঅল (E2), এষ্ট্ৰিয়েল (E3) আৰু এষ্টট্ৰল (E4)।মাহেকীয়া ঋতুচক্ৰৰ সময়ত প্ৰধান ডিম্বাশয়ৰ ফোলিকলৰ দ্বাৰা এষ্ট্ৰেডিঅল (E2) উৎপন্ন হয় আৰু ই আটাইতকৈ শক্তিশালী প্ৰাকৃতিক এষ্ট্ৰোজেন। ৰজোনিবৃত্তিৰ সময়ত এষ্ট্ৰোজেনৰ প্ৰধান ৰূপ হৈছে এষ্ট্ৰন(E1)। ডিম্বাশয় আৰু এড্ৰিনেল গ্ৰন্থিৰ সহায়ত ই এটা সৰু পৰিমাণত উৎপন্ন হয় আৰু ই মূলতঃ এডিপ’জ কলাত এণ্ড্ৰষ্টেনডাইয়নৰ পেৰিফেৰেল ৰূপান্তৰৰ দ্বাৰা উৎপন্ন হয়।৭৮ ইষ্টট্ৰল (E4) নামৰ আন এটা এষ্ট্ৰোজেন আছে যিটো গৰ্ভাৱস্থাতহে উৎপন্ন হয়। এষ্ট্ৰেডিঅ'ল হৈছে অ-গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ এষ্ট্ৰোজেন যি মহিলাৰ জীৱনকালত ঋতুস্ৰাৱ আৰু ৰজোনিবৃত্তিৰ স্তৰৰ মাজত থাকে। অৱশ্যে, গৰ্ভধাৰণৰ সময়ত এই ভূমিকা এষ্ট্ৰিঅ'ললৈ স্থানান্তৰিত হয়, আৰু ৰজোনিবৃত্তিৰ পিছত, এষ্ট্ৰোন শৰীৰত এষ্ট্ৰোজেনৰ প্ৰাথমিক প্ৰকাৰ হৈ পৰে। এষ্টেট্ৰল (E4) নামৰ আন এক প্ৰকাৰৰ এষ্ট্ৰোজেন কেৱল গৰ্ভধাৰণৰ সময়ত হে উৎপন্ন হয়।
জৈৱিক কাৰ্য্য
পুৰুষ আৰু মহিলা উভয়ৰে ক্ষেত্ৰত এষ্ট্ৰোজেন উপস্থিত থাকিলেও প্ৰজনন বয়সৰ মহিলাৰ শৰীৰত সাধাৰণতে ইয়াৰ মাত্ৰা যথেষ্ট বেছি। ই নাৰীৰ গৌণ যৌন বৈশিষ্ট্য, যেনে স্তন, নিপল ক'লা হোৱা আৰু বৃদ্ধি হোৱা,৯ আৰু এণ্ডোমেট্ৰিয়াম ঘন হোৱা আৰু ঋতুচক্ৰ নিয়ন্ত্ৰণৰ অন্যান্য দিশসমূহৰ বিকাশত সহায় কৰে। পুৰুষৰ ক্ষেত্ৰত এষ্ট্ৰোজেনে শুক্ৰাণুৰ পৰিপক্কতাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰজনন তন্ত্ৰৰ কিছুমান কাৰ্য্য নিয়ন্ত্ৰণ কৰে১০১১১২ আৰু যৌন কামনাৰ বাবে প্ৰয়োজনীয় হ'ব পাৰে।১৩
মহিলাৰ প্ৰজনন তন্ত্ৰ
এষ্ট্ৰোজেন যোনি আৰু জৰায়ুৰ পৰিপক্কতা আৰু ৰক্ষণাবেক্ষণত সহায় কৰে, আৰু ডিম্বাশয়ৰ কাৰ্য্য, যেনে ডিম্বাশয়ৰ ফোলিকল পৰিপক্ক হোৱাৰ লগতো জড়িত। ইয়াৰ উপৰিও এষ্ট্ৰোজেনে গ’নাড’ট্ৰপিন নিঃসৰণ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইবোৰ কাৰণত মহিলাৰ প্ৰজনন ক্ষমতাৰ বাবে এষ্ট্ৰোজেনৰ প্ৰয়োজন হয়। মগজুত ইষ্ট্ৰজেন নিয়ন্ত্ৰিত ডি এন এ মেৰামতি ব্যৱস্থাই স্নায়ুৰক্ষাৰ কামতো প্ৰভাৱ পেলায়।১৪
জ্ঞানশক্তি
জ্ঞানৰ এটা পৰিমাপ হিচাপে মৌখিক স্মৃতিশক্তিৰ মাপকাঠী সঘনাই ব্যৱহাৰ কৰা হয়। এই মাপকাঠীসমূহ সমগ্ৰ ঋতুচক্ৰ, গৰ্ভধাৰণ আৰু ৰজোনিবৃত্তিৰ সময়ছোৱাত এষ্ট্ৰোজেনৰ মাত্ৰাৰ প্ৰত্যক্ষ অনুপাতত ভিন্ন হয়। তদুপৰি প্ৰাকৃতিক বা অস্ত্ৰোপচাৰৰ দ্বাৰা ৰজোনিবৃত্তিৰ কিছু সময়ৰ পিছত এষ্ট্ৰোজেন প্ৰয়োগ কৰিলে মৌখিক স্মৃতিশক্তি হ্ৰাস পোৱাত বাধা দিয়ে। ইয়াৰ বিপৰীতে এষ্ট্ৰোজেন ৰজোনিবৃত্তিৰ বহু বছৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰিলে মৌখিক স্মৃতিশক্তিৰ ওপৰত বিশেষ প্ৰভাৱ নপৰে।১৫ জ্ঞানমূলক কাৰ্য্যৰ অন্যান্য পৰিমাপসমূহতো এষ্ট্ৰোজেনৰ ইতিবাচক প্ৰভাৱ পৰে।১৬ কিন্তু জ্ঞানশক্তিৰ ওপৰত ইষ্ট্ৰজেনৰ প্ৰভাৱ একেদৰে অনুকূল নহয় আৰু ই মাত্ৰাৰ সময় আৰু জুখিব পৰা জ্ঞানমূলক দক্ষতাৰ ধৰণৰ ওপৰত নিৰ্ভৰশীল।
মানসিক স্বাস্থ্য
মহিলাৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত এষ্ট্ৰোজেনে উল্লেখযোগ্য ভূমিকা পালন কৰে। হঠাতে এষ্ট্ৰোজেন প্ৰত্যাহাৰ কৰা, এষ্ট্ৰোজেনৰ উঠা-নমা আৰু এষ্ট্ৰোজেনৰ মাত্ৰা স্থায়ীভাৱে কম হোৱাৰ সময়ছোৱাৰ সৈতে মেজাজৰ তাৰতম্যৰ সম্পৰ্ক আছে। এষ্ট্ৰোজেনৰ মাত্ৰা সুস্থিৰ আৰু/বা পুনৰুদ্ধাৰ হোৱাৰ পিছত প্ৰসৱৰ পিছৰ আৰু ৰজোনিবৃত্তিৰ পিছৰ হতাশাৰ পৰা ক্লিনিকেল আৰোগ্য ফলপ্ৰসূ হোৱা দেখা গৈছে।১৭১৮১৯ ঋতুস্ৰাৱৰ তীব্ৰতা (ঋতুস্ৰাৱৰ মনোৰোগকে ধৰি) সাধাৰণতে ইষ্ট্ৰজেনৰ মাত্ৰা কম হোৱাৰ ফলত হয়২০ আৰু ইয়াক প্ৰায়ে ঋতুস্ৰাৱৰ পূৰ্বে ডিচফ'ৰিক বিকাৰ বুলি ভুল কৰা হয়।২১
বিঞ্জ ইটিং বা বিস্তৰ ভোজন
বিঞ্জ ইটিং মানে হৈছে দ্ৰুত আৰু অত্যাধিক খাদ্য খোৱাৰ ঘটনা। এইটো সদায় ভোক বা বিপাকীয় প্ৰয়োজনীয়তাৰ বাবে নহয়। এষ্ট্ৰোজেনে বিস্তৰ ভোজন দমন কৰাত ভূমিকা পালন কৰিব পাৰে। এষ্ট্ৰোজেন ব্যৱহাৰ কৰি হৰমন প্ৰতিস্থাপন থেৰাপী লোৱা মহিলাৰ ক্ষেত্ৰত বিঞ্জ খোৱাৰ আচৰণৰ বাবে এক সম্ভৱ চিকিৎসা হ'ব পাৰে। এষ্ট্ৰোজেন প্ৰতিস্থাপনে মাইকী নিগনিৰ ক্ষেত্ৰত বিস্তৰ ভোজনৰ আচৰণ দমন কৰা দেখা গৈছে। ২২ ইয়াৰ বিপৰীতে আন কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে ছোৱালীৰ যৌৱনকালত এষ্ট্ৰোজেন সক্ৰিয় হৈ অত্যাধিক ভোজনত প্ৰভাৱ পেলাব পাৰে।২৩
তথ্যসূত্ৰ
- ↑ Huether SE, McCance KL (2019). Understanding Pathophysiology. Elsevier Health Sciences. p. 767. ISBN 978-0-32-367281-8. Estrogen is a generic term for any of three similar hormones derived from cholesterol: estradiol, estrone, and estriol
- ↑ Satoskar RS, Rege N, Bhandarkar SD (2017). Pharmacology and Pharmacotherapeutics. Elsevier Health Sciences. p. 943. ISBN 978-8-13-124941-3. The natural estrogens are steroids. However, typical estrogenic activity is also shown by chemicals which are not steroids. Hence, the term 'estrogen' is used as a generic term to describe all the compounds having estrogenic activity
- ↑ (August 1982). Biochemistry of aromatase: significance to female reproductive physiology. Cancer Research. পৃ. 3342s–3344s
- ↑ (September 2005). Estrogens in insects. Cellular and Molecular Life Sciences. পৃ. 942–944
- ↑ (April 2002). Androgen production in women. Fertility and Sterility. পৃ. S3–S5
- ↑ (June 2001). Estrogens and health in males. Molecular and Cellular Endocrinology. পৃ. 51–55
- ↑ Elder JA, Thacker MD (2013)Menopause. Available online: www.clevelandclinicmeded.com/medicalpubs/ diseasemanagement/womens-health/menopause/#top (accessed 9 January,2019)https://www.sciencedirect.com/sdfe/pdf/download/eid/3-s2.0-B978141606643900196X/first-page-pdf
- ↑ (20 December 2021). StatPearls (Internet). StatPearls Publishing
- ↑ Lauwers, J.; Shinskie, D. (2004). Counseling the Nursing Mother: A Lactation Consultant's Guide. Jones & Bartlett Learning, LLC. পৃ. 93. ISBN 978-0-7637-2765-9
- ↑ (6 December 1997). Science News Online (12/6/97): Estrogen's Emerging Manly Alter Ego. Science News
- ↑ (December 1997). A role for oestrogens in the male reproductive system. Nature. পৃ. 509–512
- ↑ Estrogen Linked To Sperm Count, Male Fertility. Science Blog
- ↑ (December 2004). Estrogen deficiency leads to apoptosis in dopaminergic neurons in the medial preoptic area and arcuate nucleus of male mice. Molecular and Cellular Neurosciences. পৃ. 466–476
- ↑ (2017). Role of Estrogen and Other Sex Hormones in Brain Aging. Neuroprotection and DNA Repair. Frontiers in Aging Neuroscience. পৃ. 430
- ↑ (February 2012). Estrogen and cognitive functioning in women: lessons we have learned. Behavioral Neuroscience. পৃ. 123–127
- ↑ (July 2015). Estrogen Effects on Cognitive and Synaptic Health Over the Lifecourse. Physiological Reviews. পৃ. 785–807
- ↑ (2005). Estrogen-related mood disorders: reproductive life cycle factors. ANS. Advances in Nursing Science. পৃ. 364–375
- ↑ (December 2005). Estrogen action in mood and neurodegenerative disorders: estrogenic compounds with selective properties-the next generation of therapeutics. Endocrine. পৃ. 235–242
- ↑ (October 2007). The effects of estradiol on central serotonergic systems and its relationship to mood in women. Biological Research for Nursing. পৃ. 147–160
- ↑ (June 2002). The role of estrogen in schizophrenia: implications for schizophrenia practice guidelines for women. Canadian Journal of Psychiatry. পৃ. 437–442
- ↑ PMDD/PMS. The Massachusetts General Hospital Center for Women's Mental Health
- ↑ (October 2014). Estrogens stimulate serotonin neurons to inhibit binge-like eating in mice. The Journal of Clinical Investigation. পৃ. 4351–4362
- ↑ Klump, K. L., Fowler, N., Mayhall, L., Sisk, C. L., Culbert, K. M., & Burt, S. A. (2018). Estrogen moderates genetic influences on binge eating during puberty: Disruption of normative processes?. Journal of Abnormal Psychology, 127(5), 458
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এষ্ট্ৰোজেন” প্ৰবন্ধৰ সংশোধন ৬২৪৩৮৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।