অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিজাবেথ ক'লবাৰ্ট

এলিজাবেথ ক'লবাৰ্ট ( Elizabeth Kolbert; জন্ম: ৬ জুলাই, ১৯৬১) এগৰাকী আমেৰিকান সাংবাদিক, লেখিকা আৰু উইলিয়ামছ কলেজৰ অতিথি সভ্য। তেওঁৰ পুলিৎজাৰ বঁটা বিজয়ী গ্ৰন্থ দ্য ছিক্সথ এক্সটিংকচন: এণ আননেচাৰেল হিষ্ট্ৰী, আৰু দ্য নিউয়ৰ্কাৰ আলোচনীত আগবঢ়াই থকা পৰিৱেশ-সম্পৰ্কীয় পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ বাবে অধিক…

হালনাগাদ: ১ মে’ ২০২৬ ৩৫১ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

এলিজাবেথ ক'লবাৰ্ট ( Elizabeth Kolbert; জন্ম: ৬ জুলাই, ১৯৬১) এগৰাকী আমেৰিকান সাংবাদিক, লেখিকা আৰু উইলিয়ামছ কলেজৰ অতিথি সভ্য।

তেওঁৰ পুলিৎজাৰ বঁটা বিজয়ী গ্ৰন্থ দ্য ছিক্সথ এক্সটিংকচন: এণ আননেচাৰেল হিষ্ট্ৰী,১ আৰু দ্য নিউয়ৰ্কাৰ আলোচনীত আগবঢ়াই থকা পৰিৱেশ-সম্পৰ্কীয় পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ বাবে অধিক পৰিচিত।২

নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰ দ্য ছিক্সথ এক্সটিংকচনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবে লছ এঞ্জেলছ টাইমছৰ কিতাপৰ বঁটা লাভ কৰিছিল। তেওঁৰ কিতাপ আণ্ডাৰ এ হোৱাইট স্কাই ২০২১ চনৰ দ্য ৱাশ্বিংটন পোষ্টৰ দহখন শ্ৰেষ্ঠ গ্ৰন্থৰ ভিতৰত অন্যতম আছিল।কলবাৰ্ট দুবাৰৰ নেচনেল মেগাজিন বঁটা বিজয়ী, আৰু ২০২২ চনত পৰিৱেশ যোগাযোগৰ বাবে বিবিভিএ বায়’ফিলিয়া বঁটা লাভ কৰে।

তেওঁৰ এই ৰচনাসমূহ দ্য বেষ্ট আমেৰিকান চাইন্স এণ্ড নেচাৰ ৰাইটিং আৰু দ্য বেষ্ট আমেৰিকান এছেছত প্ৰকাশ পাইছে।

২০১৭ চনৰ পৰা ২০২০ চনলৈকে কলবাৰ্টে এটমিক চাইন্টিষ্টছ ছায়েন্স এণ্ড ছিকিউৰিটি ব’ৰ্ডৰ বুলেটিনৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩

প্ৰাথমিক জীৱন

কলবাৰ্টে তেওঁৰ প্ৰাৰম্ভিক শৈশৱ ব্ৰংক্সত কটায়; তাৰ পিছত তেওঁৰ পৰিয়াল লাৰ্চমন্টলৈ স্থানান্তৰিত হয় আৰু ১৯৭৯ চনলৈকে তাতেই তেওঁলোক থাকে৷

মামাৰনেক হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কলবাৰ্টে চাৰি বছৰ য়েল বিশ্ববিদ্যালয়ত সাহিত্য অধ্যয়ন কৰিছিল। ১৯৮৩ চনত জাৰ্মানীৰ ইউনিভাৰ্চিটি হামবাৰ্গত অধ্যয়নৰ বাবে ফুলব্ৰাইট বৃত্তি লাভ কৰে। তেওঁৰ ভাতৃ মেইনৰ পৰ্টলেণ্ডৰ ডেন কলবাৰ্ট এজন সুপৰিচিত নিৰ্মাতা আৰু লেখক।

কৰ্মজীৱন

এলিজাবেথ কলবাৰ্টে ১৯৮৩ চনত জাৰ্মানীত ষ্ট্ৰিংগাৰ হিচাপে দ্য নিউয়ৰ্ক টাইমছত কাম কৰিবলৈ আৰম্ভ কৰে৷ ১৯৮৫ চনত তেওঁ মেট্ৰ’ ডেস্কত কাম কৰিবলৈ যায়। ১৯৮৮ চনৰ পৰা ১৯৯১ চনলৈকে টাইমছৰ আলবানি ব্যুৰোৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা কলবাৰ্টে ১৯৯৭ চনৰ পৰা ১৯৯৮ চনলৈকে মেট্ৰ’ মেটাৰ্ছ শীৰ্ষক স্তম্ভ লিখিছিল।

১৯৯৯ চনৰ পৰা তেওঁ দ্য নিউয়ৰ্কাৰৰ ষ্টাফ ৰাইটাৰ হিচাপে কাম কৰি আহিছে।২

২০১৫ চনত দ্য ছিক্সথ এক্সটিংকচনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে।৪

ব্যক্তিগত জীৱন

কলবাৰ্টে তেওঁৰ স্বামী জন ক্লেইনাৰ আৰু তিনিজন পুত্ৰ (নেড, মেথিউ আৰু এৰন)ৰ সৈতে মেছাচুচেটছৰ উইলিয়ামষ্টাউনত বাস কৰে।৫

স্বীকৃতি

  • ২০০৫ চনত আমেৰিকান এছ'চিয়েচন ফৰ দ্য এডভান্সমেণ্ট অৱ চাইন্স জাৰ্নেলিজম বঁটা৬
  • ২০০৬ চনৰ জনস্বাৰ্থৰ বাবে ৰাষ্ট্ৰীয় আলোচনীৰ বঁটা৭
  • ২০০৬ চনৰ লান্নান লিটাৰেৰী ফেল'শ্বিপ৮
  • ২০০৬ চনৰ ৰাষ্ট্ৰীয় একাডেমী যোগাযোগ বঁটা৯
  • ২০১০ চনত বিশ্ব পৰিৱৰ্তনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ১৬ সংখ্যক বাৰ্ষিক হাইঞ্জ বঁটা১০
  • ২০১০ চনৰ মন্তব্য-সমালোচনাৰ বাবে ৰাষ্ট্ৰীয় আলোচনীৰ বঁটা১১
  • ২০১০ চনত বিজ্ঞান লেখাত গুগেনহাইম ফেল'শ্বিপ১২
  • ২০১৫ চনৰ সাধাৰণ অকল্পকাহিনীৰ বাবে পুলিৎজাৰ বঁটা১৩
  • ২০১৬ চনৰ ছেম ৰোজ '৫৮ আৰু জুলি ৱালটাৰ্ছ বঁটা ডিকিনছন কলেজত পৰিৱেশ সক্ৰিয়তাৰ বাবে১৪
  • ২০১৭ চনৰ SEAL পৰিৱেশ সাংবাদিকতা বঁটা১৫
  • ২০১৭ চনত আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড লেটাৰ্ছৰ পৰা ব্লেক-ডড বঁটা।১৬

তথ্যসূত্ৰ

  1. ↑ 2015 Pulitzer Prizes. The Pulitzer Prizes
  2. ↑ Contributors: Elizabeth Kolbert. The New Yorker
  3. ↑ (March 30, 2017). Science and Security Board. Bulletin of the Atomic Scientists
  4. ↑ (2015). The Sixth Extinction: An Unnatural History, by Elizabeth Kolbert (Henry Holt). The Pulitzer Prizes
  5. ↑ (November 14, 2012). Elizabeth Kolbert. Simon & Schuster
  6. ↑ AAAS Science Journalism Award Recipients. American Association for the Advancement of Science
  7. ↑ National Magazine Awards 2006 Winners Announced at 40th Anniversary Celebration. magazine.org
  8. ↑ Elizabeth Kolbert. lannan.org
  9. ↑ National Academies Keck Futures Initiative – -. keckfutures.org
  10. ↑ The Heinz Awards: Elizabeth Kolbert. The Heinz Awards
  11. ↑ ASME Announces the Winners of the 2010 National Magazine Awards. magazine.org
  12. ↑ Elizabeth Kolbert – John Simon Guggenheim Memorial Foundation
  13. ↑ The Pulitzer Prizes – Citation. The Pulitzer Prizes
  14. ↑ Getty, Matt. The Sam Rose '58 and Julie Walters Prize at Dickinson College for Global Environmental Activism. Dickinson College
  15. ↑ (September 26, 2017). 2017 SEAL Environmental Journalism Award Winners – SEAL Awards. SEAL Awards
  16. ↑ (n.d.). Search Results for "kolbert" – American Academy of Arts and Letters. American Academy of Arts and Letters

সম্পৰ্কিত শ্ৰেণী

পুলিৎজাৰ বঁটা বিজয়ীসাহিত্যিকসাংবাদিকআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিজাবেথ ক'লবাৰ্ট” প্ৰবন্ধৰ সংশোধন ৬০৩৭৯৩ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।