অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

এবাউট.মী

এবাউট.মী (about.me, এবাউট ডট মী) হৈছে ২০০৯ চনত অক্টোবৰত প্ৰতিষ্ঠা হোৱা এক ব্যক্তিগত ৱেব হ’ষ্টিং সেৱা। ইয়াৰ সহ-প্ৰতিষ্ঠাপকসকল হৈছে ৰায়ান ফ্ৰেইটাচ, টনী কনৰাড, আৰু টিমথি য়ং।

হালনাগাদ: ৬ জানুৱাৰী ২০২৪ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

এবাউট.মী (about.me, এবাউট ডট মী) হৈছে ২০০৯ চনত অক্টোবৰত প্ৰতিষ্ঠা হোৱা এক ব্যক্তিগত ৱেব হ’ষ্টিং সেৱা।১ ইয়াৰ সহ-প্ৰতিষ্ঠাপকসকল হৈছে ৰায়ান ফ্ৰেইটাচ, টনী কনৰাড, আৰু টিমথি য়ং।২

এই ৱেবছাইটোৰ জড়িয়তে এজন ব্যক্তিয়ে এখন পৃষ্ঠা তৈয়াৰ কৰিব পাৰে, য’ত তেওঁ তেওঁৰ বিভিন্ন অনলাইন প্ৰফাইল (যেনে: ইউটিউব, ফ্লিকাৰ আদি), চচিয়েল নেটৱৰ্কিং সেৱাসমূহৰ প্ৰফাইল (যেনে: ফেইচবুক, টুইটাৰ, গুগল প্লাচ, লিঙ্কডইন, ইনষ্টাগ্ৰাম, টামলাৰ আদি), আৰু আন ৱেবছাইটৰ সংযোগ বা লিঙ্কসমূহ দিব পাৰে। এই পৃষ্ঠাখনৰ উল্লেখযোগ্য বৈশিষ্ঠ এয়ে যে ব্যক্তি এজনৰ সকলো অনলাইন লিঙ্ক একে ঠাইতে পাব পাৰি। ইয়াৰোপৰি পৃষ্ঠাখনৰ পৃষ্ঠভূমিত এখন ছবি আপল’ড কৰিব পৰা যায়, আৰু চমু জীৱনীও সংযোগ কৰিব পৰা যায়।

ৰাজহুৱা মুকলিৰ মাত্ৰ চাৰি দিনৰ পাছতে, ২০ ডিচেম্বৰ ২০১০ তাৰিখে এ অ’ এলে এবাউট.মী-ক কিনি লয়।৩ সহ-প্ৰতিষ্ঠাপক টনী কনৰাডে এক সাক্ষাৎকাৰত ৱেবছাইটো ১.৩ মিলিয়ন আমেৰিকান ডলাৰত বিক্ৰী হয় বুলি জানিব দিয়ে।৪

২০১২ চনৰ মে’ মাহৰ এলেক্সাৰ তথ্য অনুসৰি এবাউট.মী ৱেবছাইটো আটাইটকৈ বেছি স্পেইনত ব্যৱহাৰ কৰা হয়। তাৰ পাছতেই স্থান ক্ৰমে কানাডা, আৰ্জেণ্টিনা, আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰু মেক্সিকোৰ।

তথ্যসূত্ৰ

  1. ↑ (December 09, 2010). About.Me Launches with Ultimate Personal Domain Brand. Business Wire
  2. ↑ about.me Team
  3. ↑ Ziarko, Mike. (December 21, 2010). Affect is looking for a Account Executive: PR & Social Media. Newly Minted Social Identity Startup About.me Gets Acquired by AOL. SocialTimes
  4. ↑ (Dec 21, 2010). AOL buys about.me to help users link online selves. The Associated Pr

সম্পৰ্কিত শ্ৰেণী

ৱেবছাইট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এবাউট.মী” প্ৰবন্ধৰ সংশোধন ৪০০৯৭০ (৬ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।