এণ্ড্ৰিউ ৰাছেল গাৰফিল্ড১ ১৯৮৩ চনৰ ২০ আগষ্টত জন্ম লাভ কৰা আমেৰিকা আৰু য়ুনাইটেড কিংদমৰ দ্বিনাগৰিকত্ব সম্পন্ন এক অভিনেতা।। লছ এঞ্জেলছত জন্ম লাভ কৰা আৰু ছাৰেত ডাঙৰ দীঘল হোৱা গাৰফিল্ডে ২০০৫ চনত ব্ৰিটিছ টেলিভিছনযোগে অভিনয় জীৱনৰ অভিষেক ঘটাই আৰু ২০০৭ চনত বিবিছিৰ ডক্টৰ হুত অভিনয় কৰি খ্যাতি লাভ কৰে। প্ৰথমাৱস্থাত তেওঁ লায়ন্স ফৰ লেম্বছ (২০০৭), বয় এ (২০০৭)(যাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বাফটা বঁটা লাভ কৰে), কল্পনাধৰ্মী ছবি দ্য ইমাজিনেৰিয়াম অফ ডক্টৰ পাৰ্ণাছাছ (২০০৯) আদিত সহঃ ভূমিকাত অভিনয় কৰে।
২০১০ চনত কল্পবিজ্ঞান ভিত্তিক ছবি নেভাৰ লেট মী গ’ আৰু দ্য ছ’ছিয়েল নেটৱৰ্কত অভিনয় কৰি তেওঁ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু পিছৰখনৰ বাবে গোল্ডেন গ্লোব আৰু বাফটা বঁটাৰ মনোনয়ন লাভ কৰে। পূৰ্বৰ স্পাইডাৰমেন শৃংখলাৰ নৱনিৰ্মাণ দ্য অমেইজিং স্পাইডাৰমেন (২০১২)ত পিটাৰ পাৰ্কাৰ/স্পাইডাৰমেনৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰে। ২০১৪ চনত মুক্তি পাবলগীয়া দ্য অমেইজিং স্পাইডাৰমেন ২তো তেওঁ এই ভূমিকাত অভিনয় কৰিব।
প্ৰাৰম্ভিক জীৱন
লছ এঞ্জেলছত জন্ম গ্ৰহণ কৰা গাৰফিল্ডৰ মাক আছিল এছেক্সৰ এক ব্ৰিটিছ আৰু দেউতাক আছিল কেলিফ’ৰ্ণিয়াৰ এক আমেৰিকান।২৩ তেওঁৰ তিনি বছৰ বয়সতে তেওঁলোকৰ পৰিয়াল ব্ৰিটেইনত থাকিবলৈ লয়২ আৰু এক "মধ্যবিত্ত ঘৰ"ত তেওঁৰ লালন পালন হয়।৪ তেওঁৰ মাক-দেউতাকে অন্তৰ্মহল সাজ-সজ্জাৰ এক সৰু ব্যৱসায় চলাইছিল; তেওঁৰ মাক লীনে৫ এখন সৰু ল’ৰা ছোৱালীৰ বিদ্যালয়ত শিক্ষয়িত্ৰীৰ কাম কৰিছিল আৰু দেউতাক ৰিচাৰ্ড গাৰফিল্ড গীল্ডফ’ৰ্ড সাঁতোৰ সন্থাৰ প্ৰধান প্ৰশিক্ষক আছিল।৬৭ তেওঁৰ এজন ককায়েক আছে যি এজন ডাক্তৰ।৮ ইংলেণ্ডৰ ছাৰেত ডাঙৰ হোৱা গাৰফিল্ড আগবয়সত এক ব্যায়ামবিদ আৰু সাঁতোৰবিদ আছিল।৩৬ প্ৰথমাৱস্থাত বাণিজ্য পঢ়াৰ মন থাকিলেও ষোল্ল বছৰ বয়সত তেওঁৰ মন অভিনয়ৰ প্ৰতি ঢাল খায়।৯
গাৰফিল্ডে প্ৰথমতে প্ৰায়’ৰী প্ৰিপেৰটৰী স্কুল আৰু পিছলৈ ছিটি অৱ লণ্ডন ফ্ৰীমেন্স স্কুলত শিক্ষাগ্ৰহণ কৰে আৰু শেষত ২০০৪ চনত চেণ্ট্ৰেল স্কুল অৱ স্পীচ্চ অৱ ড্ৰামা,য়ুনিভাৰ্ছিটি অৱ লণ্ডনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৬১০
কৰ্মজীৱন
আৰম্ভণি (২০০৪–২০০৯)
বাৰ বছৰ বয়সত গাৰফিল্ডে গীল্ডফ’ৰ্ডত অভিনয়ৰ প্ৰশিক্ষণ লয় আৰু ২০০৪ চনত এক মঞ্চ অভিনেতা হিচাপে অভিনয় জীৱনৰ আৰম্ভণি কৰে।৮১১ ২০০৫চনত গাৰফিল্ডে ব্ৰিটিছ টেলিভিছনৰ চেনেল ফ’ৰত প্ৰচাৰিত হোৱা ছুগাৰ ৰাশ্ব অনুষ্ঠানৰ জৰিয়তে টেলিভিছন জগতত প্ৰৱেশ কৰে।১১ ২০০৭ চনত বিবিছিৰ ডক্টৰ হু শৃংখলাত অভিনয় কৰি তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে১২ আৰু সেই বছৰৰে নৱেম্বৰ লায়্ন্স ফ’ৰ লেম্বছত টম ক্ৰুজ,মেৰীল ষ্ট্ৰীপ আদিৰ লগত অভিনয় কৰি আমেৰিকাত অভিনয় জীৱনৰ পাতনি মেলে।১৩১৪
নৱেম্বৰ,২০০৭ত গাৰফিল্ডে চেনেল ফ’ৰৰ ধাৰাবাহিক বয় এত অভিনয় কৰে১৫ আৰু ২০০৮ বৰ্ষৰ ব্ৰিটিছ একাডেমী টেলিভিছন এৱাৰ্ডৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে।১৫১৬ ২০০৮ চনত তেওঁ দ্য আডাৰ ব’লীন গাৰ্ল নামৰ ছবিখনত এটি সৰু চৰিত্ৰত অভিনয় কৰে।১৩ ২০০৯ চনত গাৰফিল্ডে দ্য ইমেজিনেৰিয়াম অৱ ডক্টৰ পাৰ্ণাছাছ নামৰ চলচ্চিত্ৰত আৰু ৰেড ৰাইডিং টেলিভিছন ত্ৰিল’জীত অভিনয় কৰে।৪১৭ লছ এঞ্জেলছ টাইমছৰ সমালোচক কেনেথ টুৰাণে শেষৰ খনত তেওঁৰ অভিনয়ক প্ৰশংসা কৰে।১৭
নেভাৰ লেট মী গ’ আৰু দ্য ছ’ছিয়েল নেটৱৰ্ক (২০০৯–২০১০)
"তেওঁ বৰ অনুভূতিশীল যুৱক যিয়ে সেই অনুভূতিপ্ৰৱণতাক কৌশল আৰু ব্যৱসায়িকতালৈ ৰূপান্তৰ কৰিব পাৰিছে,আৰু তেওঁৰ সুন্দৰ অভিনয় তাৰেই ফলাফল।১৮
— —মাৰ্ক ৰ’মানেক,যিয়ে গাৰফিল্ডক নেভাৰ লেট মী গ’ত নিৰ্দেশ কৰিছিল।১৮
২০১০ চনত তেওঁ কল্পবিজ্ঞানভিত্তিক চলচ্চিত্ৰ নেভাৰ লেট মী গ’ত অভিনয় কৰে।১৯২০২১ ইয়াৰ বাবে তেওঁ ২০১০ চনত সহঃ-অভিনেতাৰ ছেটাৰ্ণ বঁটা লাভ কৰে।২২ দ্য গাৰ্ডিয়ানৰ টম প্ৰেষ্টনে গাৰফিল্ডৰ অভিনয়ক "সমযে সময়ে মনোমুগ্ধকৰ" বুলি কয়।২৩

২০১০ চনত গাৰফিল্ডে দ্য ছ’ছিয়েল নেটৱৰ্ক ছবিত এডুৱাৰ্ডো ছেভেৰিণৰ চৰিত্ৰত অভিনয় কৰে যিয়ে হাৰ্ভাৰ্ডত পঢ়ি থাকোঁতে সহপাঠী মাৰ্ক জাকাৰবাৰ্গৰ লগত লগ হৈ ফেইচবুকৰ জন্ম দিছিল।১৮ গাৰফিল্ডে কয় যে এক বাস্তৱ ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিবলৈ পায় তেওঁ "এক গধূৰ দায়িত্ব বহন কৰা" যেন লাগিছিল।১৮ ইয়াত কৰা অভিনয়ৰ জৰিয়তে গাৰফিল্ডে বিশ্বজোৰা খ্যাতি আৰু জনপ্ৰিয়তা লাভ কৰে আৰু শ্ৰেষ্ঠ সহঃ-অভিনেতা আৰু শ্ৰেষ্ঠ ঊৰ্ধগামী তাৰকাৰ বাফটা বঁটা তথা শ্ৰেষ্ঠ সহঃ-অভিনেতাৰ গোল্ডেন গ্লোব বঁটাৰ মনোনয়ন লাভ কৰে।২৪২৫ বিবিচিৰ মাৰ্ক কাৰ্মোডে গাৰফিল্ডে অস্কাৰ বঁটাৰ মনোনয়ন নোপোৱাত অসন্তুষ্টি প্ৰকাশ কৰে।২৬ লছ এঞ্জেলছ টাইমছ, এণ্টাৰটেইনমেণ্ট ৱিকলী, দ্য নিউ য়ৰ্কাৰ আদি আলোচনীয়েও গাৰফিল্ডৰ অভিনয়ৰ প্ৰশংসা কৰে।২৭২৮২৯
দ্য অমেইজিং স্পাইডাৰমেন (২০১০–বৰ্তমানলৈ)
"I see it as a massive challenge in many ways... To make it authentic. To make the character live and breathe in a new way. The audience already has a relationship with many different incarnations of the character. I do, as well. I'm probably going to be the guy in the movie theater shouting abuse at myself. But I have to let that go. No turning back. And I wouldn't want to."
— —Garfield on accepting the role of Peter Parker / Spider-Man.৩০
মাৰ্চ, ২০১২ত গাৰফিল্ডে ডেথ অৱ এ ছেলছ্মেন নাটৰ জৰিয়তে ব্ৰডৱে থিয়েটাৰত অভিনয়ৰ পাতনি মেলে আৰু শ্ৰেষ্ঠ অভিনেতাৰ টনী এৱাৰ্ড লাভ কৰে।৩১৩২ ইয়াৰ পিছত গাৰফিল্ডে মাৰ্ক ৱেবৰ দ্য অমেইজিং স্পাইডাৰমেনত এম্মা ষ্ট’নৰ বিপৰীতে পিটাৰ পাৰ্কাৰ/স্পাইডাৰমেনৰ চৰিত্ৰত অভিনয় কৰে।৩৩৩৪৩৫ গাৰফিল্ডে কয় যে প্ৰথমবাৰ স্পাইডাৰমেনৰ সাজযোৰ পিন্ধোতে তেওঁৰ চকুপানী ওলাইছিল আৰু সেই সাজযোৰত তেওঁ কোনো "যোগ্য মানুহা"ক কল্পনা কৰিছিল।৩৬ অৱশ্যে গাৰফিল্ডৰ অভিনয়ে উচ্চ প্ৰসংসা লাভ কৰে।৩৭ স্লেট মেগাজিন ৰ ডেনা ষ্টিভান্সৰ মতে গাৰফিল্ডে চৰিত্ৰটিক আগতকৈ অধিক আৱেদনময়ী আৰু অধিক ৰহস্যময় কৰি তোলে।৩৮ ২০১২ চনৰ ছেপ্টেম্বৰ মাহত ঘোষণা কৰা হয় যে পৰৱৰ্তী স্পাইডাৰমেন চলচ্চিত্ৰটো গাৰফিল্ডে অভিনয় কৰিব।৩৯৪০ ইয়াৰ উপৰিও গাৰফিল্ডে একে নামৰ উপন্যাসৰ পৰা নিৰ্মাণ হ’বলগীয়া ছাইলেন্স নামৰ ছবি খনত ফাডাৰ ৰড্ৰিগজৰ চৰিত্ৰত অভিনয় কৰিব।৪১
ব্যক্তিগত জীৱন
এণ্ড্ৰিউ গাৰফিল্ড আমেৰিকা আৰু য়ুনাইটেড কিংদম উভয় দেশৰে নাগৰিক। ৪২৪৩ ২০০৯ চনত ছানডে’ হেৰাল্ডক দিয়া এক সাক্ষাত্কাৰত তেওঁ কয় "দুয়োখন দেশকেই মই ঘৰ বুলি ভাবো। কোনোবা এঠাইত থাকি কম ভাল লাগে বা বেছি ভাল লাগে বুলি ভবাৰ পৰিৱৰ্তে সংস্কৃতিৰ এই বিভিন্নতা মই উপভোগ হে কৰোঁ"।৪২ তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ কথাবোৰ ৰাজহুৱা নকৰে আৰু সমলিংগৰ বিবাহক সমৰ্থন কৰে।৪৪৪৫৪৬ দ্য অমেইজিং স্পাইডাৰমেনত গাৰফিল্ডে এম্মা ষ্ট’নৰ সৈতে অভিনয় কৰাৰ পিছত দুয়োৰে মাজত এক মধূৰ সম্পৰ্ক গঢ় লৈ উঠে।৪৭ 2012 ত য়ুএছএ টুডেৰ সৈতে হোৱা এক সাক্ষাত্কাৰত গাৰফিল্ডে কয়, "বৰ্তমান আমি দুয়ো কেৱল সহঃশিল্পী। শীঘ্ৰেই এম প্ৰযোজকো হ’ব। এয়া কিছু ব্যক্তিগত কথা আৰু এয়াই আমাৰ কাম"।৪৪ আনহাতে এই বিষয়ত ষ্ট’নে কয়: "এইটো কথা জানি এক প্ৰশান্তি পোৱা যায় যে তুমি যি কোৱা তাত কেৱল তোমাৰহে নিয়ন্ত্ৰণ আছে। মানুহেতো যি মন যায় তাকে কয়। তোমাৰ নিজৰ মুখেৰে নোলোৱালৈকে তোমাৰ মনৰ কথা কোনেও জানিব নোৱাৰে। "।৪৪
চলচ্চিত্ৰপঞ্জী

কথাছবি
| বৰ্ষ | নাম | ভূমিকা | টোকা |
|---|---|---|---|
| ২০০৭ | লায়ন্স ফ’ৰ লেম্বছ | টড হেয়্ছ | |
| বয় এ | জেক বাৰিজ /এৰিক ৱিলছন | শ্ৰেষ্ঠ অভিনেতাৰ বাফটা বঁটা | |
| ২০০৮ | আডাৰ ব’লীন গাৰ্ল | ফ্ৰান্সিছ ৱেষ্টন | |
| ২০০৯ | দ্য ইমেজিনেৰিয়াম অৱ ডক্টৰ পাৰ্ণাছাছ | এণ্টন | |
| ৰেড ৰাইডিং | এড্ডি ডানফ’ৰ্ড | ||
| 2010 | আই এম হিয়েৰ | শ্বেলডন | ছুটি ছবি |
| নেভাৰ লেট মী গ’ | টমী ডি | Hollywood Award for Breakthrough Actor (shared w/ The Social Network) BAFTA Award for Best Rising Star (shared w/ The Social Network) Saturn Award for Best Supporting Actor Nominated – British Independent Film Award for Best Supporting Actor | |
| দ্য ছ’ছিয়েল নেটৱৰ্ক | এডুৱাৰ্ডো ছেভেৰিন | Hollywood Award for Breakthrough Actor (shared w/ Never Let Me Go) BAFTA Award for Best Rising Star (shared w/ Never Let Me Go) Hollywood Film Award for Best Ensemble of the Year London Film Critics' Circle Award for Best British Supporting Actor Nominated – BAFTA Award for Best Actor in a Supporting Role Nominated – Boston Society of Film Critics' Award for Best Supporting Actor Nominated – Broadcast Film Critics Association Award for Best Cast Nominated – Broadcast Film Critics Association Award for Best Supporting Actor Nominated – Chicago Film Critics Association Award for Best Supporting Actor Nominated – Golden Globe Award for Best Supporting Actor – Motion Picture Nominated – Online Film Critics Society Award for Best Supporting Actor Nominated – Satellite Award for Best Supporting Actor – Motion Picture Nominated – Screen Actors Guild Award for Outstanding Performance by a Cast in a Motion Picture Nominated – Teen Choice Awards for Choice Movie Scene Stealer Male | |
| ২০১২ | দ্য অমেইজিং স্পাইডাৰমেন | পিটাৰ পাৰ্কাৰ/স্পাইডাৰমেন | Nominated – Teen Choice Awards for Choice Summer Movie Star Male Nominated – People's Choice Award for Favorite Movie Superhero Nominated – People's Choice Award for Choice Chemistry (shared w/ Emma Stone) Nominated – Kids' Choice Award for Favorite Movie Actor Nominated – Kids' Choice Award for Favorite Male Buttkicker |
| ২০১৪ | দ্য অমেইজিং স্পাইডাৰমেন2 | পিটাৰ পাৰ্কাৰ/স্পাইডাৰমেন |
টেলিভিছন
| বৰ্ষ | অনুষ্ঠান | ভূমিকা | টোকা |
|---|---|---|---|
| ২০০৫ | ছুইঙিং | বিভিন্ন চৰিত্ৰ | |
| ছুগাৰ ৰাশ্ব | টম | ||
| ২০০৬ | ছাইমন স্কামাজ পাৱাৰ অৱ আৰ্ট: কাৰাভাগিও | বয় | |
| 2007 | ডক্টৰ হু | ফ্ৰেংক | তৃতীয় শৃংখলা,চতুৰ্থ আৰু পঞ্চম খণ্ড |
| ফ্ৰীজিং | কিট | ||
| বেশ্ব | |||
| ত্ৰায়েল এণ্ড ৰিট্ৰিবিউশ্যন XI: ক্ল’জাৰ | মাৰ্টিন ডগলাছ | ||
| ২০০৯ | ৰেড ৰাইডিং | এড্ডী ডানফ’ৰ্ড | |
| ২০১১ | ছেটাৰডে নাইট লাইভ |
থিয়েটাৰ
| বৰ্ষ | নাট | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০০৪ | মাৰ্ছী | ডিচি | ছ’হ’ থিয়েটাৰ |
| কেছ | বিলী | মানচেষ্টাৰ ৰয়েল এক্সচেঞ্জ | |
| ২০০৫ | লাৰামি প্ৰজেক্ট | বিভিন্ন চৰিত্ৰ | ছাউণ্ড থিয়েটাৰ |
| ৰোমিও এণ্ড জুলিয়েট | ৰোমিও | মানচেষ্টাৰ ৰয়েল এক্সচেঞ্জ | |
| ২০০৬ | বিউটিফুল থিং | জেমি | ছাউণ্ড থিয়েটাৰ |
| বাৰ্ণ / চাটৰুম / ছিটিজেনশ্বিপ | বাৰ্ডমেন/ জিম/ ষ্টিফেন | ৰয়েল নেশ্যনেল থিয়েটাৰ | |
| অভাৰহোৱেল্মিং | জেফ্ৰী | য়ুকে টুঅ’ৰ | |
| ২০১২ | ডেথ অৱ এ ছেলছ্মেন | বিফ লোমেন | ব্ৰডৱে ৰিভাইভেল; মনোনীত – উত্কৃষ্ট অভিনয়ৰ ড্ৰামা লীগ এৱাৰ্ড৪৮ মনোনীত – নাটকত কৰা শ্ৰেষ্ঠ অভিনয়ৰ আউটাৰ ক্ৰিটিকছ চাৰ্কল এৱাৰ্ড৪৯ মনোনীত – নাটকত কৰা শ্ৰেষ্ঠ অভিনয়ৰ টনী এৱাৰ্ড৫০ |
তথ্যসূত্ৰ
- ↑ (15 April 2008). Baftas: The Actors. Metro. Associated Newspapers Ltd
- ↑ Mark Shenton. (15 May 2006). Andrew Garfield. Broadway.com
- ↑ Miles Fielder. (1 November 2007). Andrew Garfield. The List
- ↑ Rob Carnevale. Lions For Lambs – Andrew Garfield interview. IndieLondon (IndieLondon Limited)
- ↑ business.avn.com/articles/video/Andrew-Spider-Ma
- ↑ Anita Singh. (2 July 2010). Andrew Garfield as Spider-Man: who is he?. The Daily Telegraph (Telegraph Media Group)
- ↑ (29 June 2012). Andrew Garfield’s Parents On How Their Son Is Handling Spider-Man Fame. Access Hollywood (NBC Universal)
- ↑ Isabel Albiston. (27 October 2007). Andrew Garfield: ready for take-off. The Daily Telegraph (Telegraph Media Group)
- ↑ (21 June 2012). Emma & Andrew's Amazing Adventure. USA Weekend (Gannett Company
- ↑ (21 June 2012). Priory Preparatory school in Banstead celebrates 90 years. yourlocalguardian.co.uk (Newsquest)
- ↑ Jane Graham. (7 October 2010). Andrew Garfield: our No 1 hottest young British movie talent. The Guardian (Guardian Media Group)
- ↑ Morgan Jeffery (26 June 2012) 'Spider-Man' star Andrew Garfield 'honoured to be part of Doctor Who'. Digital Spy. Hearst Magazines UK. Retrieved 6 August 2012
- ↑ Karen Idelson. (12 November 2007). Andrew Garfield: 'Lions' actor certainly not a lamb anymore. Variety
- ↑ Morris, Wesley. (9 November 2007). Lions for Lambs Movie Review: Political drama feels more like a lecture. The Boston Globe
- ↑ Amy Biancolli. (12 September 2008). Boy A. Houston Chronicle (Hearst Communications Inc.)
- ↑ "Spider-Man comes to London".The Daily Telegraph. (Telegraph Media Group). Retrieved 19 June 2012
- ↑ (15 September 2010). Movie review: 'Never Let Me Go'. Los Angeles Times. Tribune Company
- ↑ Mark Salisbury. (26 September 2010). 'The Social Network's' Andrew Garfield has a way with emotion. Los Angeles Times. Tribune Company
- ↑ Cassandra Szklarski. (11 September 2010). Carey Mulligan couldn't bear anyone else starring in 'Never Let Me Go'. Winnipeg Free Press. The Canadian Press
- ↑ Charlie McCollum. (29 September 2010). Andrew Garfield: Actor on the verge of stardom. San Jose Mercury News. MediaNews Group
- ↑ Marshall, Rick. (15 September 2010). Andrew Garfield Calls 'Never Let Me Go' Adaptation A 'Call To Arms'. MTV. Viacom
- ↑ (23 February 2011). 'Inception' tops Saturn Awards noms. Variety. Reed Elsevier Inc
- ↑ Preston, Tom. (10 September 2010). Never Let Me Go: subtle and subversive. The Guardian. Guardian News and Media Limited
- ↑ (14 December 2010). Firth film leads Golden Globe nods. The Press Association
- ↑ Associated Press. (1 August 2008). Andrew Garfield: From unknown to ‘Boy A’. MSNBC (NBC Universal)
- ↑ Mark Kermode (4 February 2011) "What Oscar Got Wrong Again". BBC News. BBC. Retrieved 8 August 2012
- ↑ Kenneth Turan. (1 October 2010). Movie review: 'The Social Network'. Los Angeles Times (Tribune Company)
- ↑ Owen Gleiberman. (29 October 2010). The Social Network (2010). Entertainment Weekly (Time Inc.)
- ↑ Anthony Lane. (9 July 2012). TANGLED WEBS. The New Yorker (Condé Nast Publications)
- ↑ Cina, Mark. (1 March 2011). BAFTA Rising Star Andrew Garfield: 'I Hope I Never Blow Up'. The Hollywood Reporter. Prometheus Global Media
- ↑ (15 March 2012). Death of a Salesman, Starring Philip Seymour Hoffman and Andrew Garfield, Opens on Broadway. Broadway.com (Broadway.com, Inc.)
- ↑ David Rooney. (10 May 2012). His Own Network of Tortured Souls. The New York Times (The New York Times Company)
- ↑ (1 July 2010). It's Official! Andrew Garfield to Play Spider-Man!. ComingSoon.net. CraveOnline
- ↑ (2 July 2010). British actor Andrew Garfield cast as new Spider-Man. BBC News (BBC)
- ↑ Dave Itzoff. (2 July 2010). New ‘Spider-Man’ Finds Its New Spider-Man. The New York Times (The New York Times Company)
- ↑ (29 December 2010). Andrew Garfield expounds on Spider-Man production. Crave Online
- ↑ (7 March 2012). Amazing Spider-Man' Reviews: Critics Weigh In On Andrew Garfield's New Film. The Huffington Post (The Huffington Post Inc.)
- ↑ Dana Stevens. (3 July 2012). The Amazing Spider-Man. Slate (The Washington Post Company)
- ↑ (28 September 2012). Andrew Garfield & Marc Webb Return For 'Amazing Spider-Man 2'. The Huffington Post. The Huffington Post Inc
- ↑ (28 September 2012). Andrew Garfield and Director Marc Webb to Return for 'Amazing Spider-Man' Sequel
- ↑ Scott Fundas. (7 May 2013). Andrew Garfield to Star in Martin Scorsese’s ‘Silence’ (EXCLUSIVE). Variety
- ↑ Brian Donaldson. (15 February 2009). Rising Star. Sunday Herald. Newsquest
- ↑ 'Spider-Man’ star Andrew Garfield: ‘Who cast this English fool? .. Tobey Maguire is genius’. Los Angeles Times (Tribune Company)
- ↑ Donna Freydkin. (2 July 2012). Andrew Garfield, Emma Stone 'Amazing' together. USA Today (Gannett Company)
- ↑ Justin Harp. (17 April 2013). Andrew Garfield backs gay marriage: 'Of course I support it'. Digital Spy. Hearst Corporation
- ↑ (5 October 2010). Confirmed! Emma Stone to Play Gwen Stacy in Spider-Man!. SuperheroHype.com (CraveOnline)
- ↑ (23 May 2012). This Week's Cover: 'The Amazing Spider-Man' heads up your Summer Must List. Entertainment Weekly Time Inc
- ↑ Ricky Martin, Carey Mulligan, Andrew Garfield and 52 Others Earn 2012 Drama League Nominations. Broadway.com. (Broadway.com, Inc.)
- ↑ Nice Work If You Can Get It, Newsies & Once Lead 2012 Outer Critics Circle Nominations. Broadway.com. (Broadway.com, Inc.)
- ↑ Once, Porgy and Bess, Nice Work & Peter and the Starcatcher Top List of 2012 Tony Award Nominations. Broadway.com. (Broadway.com, Inc.)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্ড্ৰিউ গাৰফিল্ড” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৭৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।