হলিউড অভিনেতা
৮ প্ৰবন্ধ
-
নৰ্মান প্ৰিচাৰ্ড
নৰ্মান গিলবাৰ্ট প্ৰিচাৰ্ড (Norman Gilbert Pritchard; ২৩ জুন ১৮৭৫ – ৩০ অক্টোবৰ ১৯২৯), যাক তেওঁৰ মঞ্চ নাম নৰ্মান ট্ৰেভাৰ বুলিও জনা যায়, এজন ব্ৰিটিছ-ভাৰতীয় খেলুৱৈ আৰু অভিনেতা আছিল যি ভাৰতক প্ৰতিনিধিত্ব কৰি ১৯০০ চনৰ পেৰিছ অলিম্পিকত এথলেটিকছত দুটা ৰূপৰ পদক অৰ্জন কৰিছিল।
-
ব্ৰুচ ৱিলিছ
ব্ৰুচ ৱিলিছৰ (Bruce Willis) সম্পূৰ্ণ নাম 'ৱাল্টাৰ ব্ৰুচ ৱিলিছ' (জন্ম ১৯৫৫ চনৰ ১৯ মাৰ্চ) ৷ জাৰ্মানত জন্মগ্ৰহণ কৰা এইজন আমেৰিকান অভিনেতা একেৰাহে এজন সংগীতজ্ঞ হোৱাৰ উপৰিও এজন প্ৰযোজকো৷ ১৯৮০ চনত দূৰদৰ্শনৰ মাধ্যমেৰে কেৰিয়াৰ আৰম্ভ কৰা ব্ৰুচ ৱিলিছে এতিয়ালৈকে চলচ্চিত্ৰ তথা দূৰদৰ্শন, দুয়োটা মাধ্যমতে…
-
ৰবীন ৱিলিয়ামছ
ৰবীন ৱিলিয়ামছ (Robin Williams) এগৰাকী আমেৰিকান অভিনেতা, ষ্টেণ্ড-আপ কৌতুক অভিনেতা (Stand-up comedian), চলচ্চিত্ৰ প্ৰযোজক তথা চিত্ৰনাট্য লিখক (screenwriter)। টেলিভিছন চিৰিজ Mork & Mindy ত ১৯৭৮-১৯৮২ কালত মৰ্ক (Mork) ৰূপে অভিনয় কৰি তেওঁ খ্যাতি লাভ কৰিবলৈ সক্ষম হয়।
-
মাৰ্ক ৰাফেল’
মাৰ্ক এলেন ৰাফেল’ (ইংৰাজী: Mark Alan Ruffalo; জন্ম: ২২ নৱেম্বৰ, ১৯৬৭) এজন আমেৰিকান অভিনেতা। ১৯৯০ চনৰ আৰম্ভণিতে তেওঁ অভিনয় জীৱন আৰম্ভ কৰে আৰু প্ৰথমে কেনেথ ল’নাৰ্গানৰ নাটক ডিছ ইজ আৱাৰ ইউথ (১৯৯৬) আৰু নাটকীয় ছবি ইউ কেন কাউণ্ট অন মিত (২০০০) অভিনয় কৰে।
-
মেট ডেমন
মেথিউ পেইজ ডেমন (Matt Damon; জন্ম: ৮ অক্টোবৰ ১৯৭০) হৈছে এজন আমেৰিকীয় অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু চিত্ৰনাট্যলেখক৷ তেওঁক ২০০৭ চনত ফৰ্বছ আলোচনীয়ে "সৰ্বাধিক উপাৰ্জন নিশ্চিত কৰিব পৰা তাৰকা"ৰ তালিকাভুক্ত কৰে৷ ২০১০ চনত তেওঁ সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনয়-শিল্পী হিচাপে পৰিগণিত হয়৷ মেট ডেমনে…
-
এণ্ড্ৰিউ গাৰফিল্ড
এণ্ড্ৰিউ ৰাছেল গাৰফিল্ড ১৯৮৩ চনৰ ২০ আগষ্টত জন্ম লাভ কৰা আমেৰিকা আৰু য়ুনাইটেড কিংদমৰ দ্বিনাগৰিকত্ব সম্পন্ন এক অভিনেতা।। লছ এঞ্জেলছত জন্ম লাভ কৰা আৰু ছাৰেত ডাঙৰ দীঘল হোৱা গাৰফিল্ডে ২০০৫ চনত ব্ৰিটিছ টেলিভিছনযোগে অভিনয় জীৱনৰ অভিষেক ঘটাই আৰু ২০০৭ চনত বিবিছিৰ ডক্টৰ হুত অভিনয় কৰি খ্যাতি লাভ কৰে।
-
পিটাৰ ডিংকলেজ
পিটাৰ হেইডেন ডিংকলেজ (Peter Hayden Dinklage; জন্ম জুন ১১, ১৯৬৯) এজন আমেৰিকান অভিনেতা আৰু প্ৰযোজক। তেওঁ এইচবিঅ' টেলিভিছন শৃংখলা গেম অফ থ্ৰোনছত (২০১১-২০১৯) টিৰিয়ন লেনিষ্টাৰৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে প্ৰশংসা লাভ কৰাৰ লগতে শৃংখলাটোত কৰা অভিনয়ৰ বাবে তেওঁ ড্ৰামা শৃংখলা এখনত অসামান্য সহঅভিনেতাৰ…
-
বেনেডিক্ট কাম্বাৰবেটছ্
বেনেডিক্ট টিম'থি কাৰ্লটন কাম্বাৰবেটছ্ (Benedict Timothy Carlton Cumberbatch; জন্ম: ১৯ জুলাই ১৯৭৬) হৈছে এগৰাকী ইংৰাজ অভিনেতা। মানচেষ্টাৰ ভিক্টোৰিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতক কাম্বাৰবেটছে লণ্ডন সংগীত আৰু নাট্যকলাৰ একাডেমীত প্ৰশিক্ষণ লয় আৰু ধ্ৰুপদী অভিনয়-কলাত কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে।