নদী দ্বীপ
৪ প্ৰবন্ধ
-
মাজুলী
মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত বৃহৎ নদীদ্বীপ, আৰু ২০১৬ চনৰ পৰা ই এখন পৃথক জিলা। সত্ৰ-ভিত্তিক বৈষ্ণৱ পৰম্পৰা, বহুধা লোকসংস্কৃতি আৰু নদীভূ-প্ৰকৃতিৰ বাবে মাজুলী অসম তথা ভাৰতৰ এক অনন্য সাংস্কৃতিক-ভৌগোলিক অঞ্চল।
-
উমানন্দ
উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰাই দ্বীপটোৰ নাম উমানন্দ হয়। ব্ৰিটিছ সকলে উমানন্দৰ আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বোলা হৈছিল।
-
উমাটুমনি
উমাটুমনি বা উমাবন, ব্ৰহ্মপুত্ৰ নদীৰ বিশ্বনাথ ঘাটৰ বুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰই ব-ছেৰা সোঁতাৰ সংগম স্থলত অৱস্থিত এটা প্ৰাকৃতিক নদী দ্বীপ। বিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণলৈ ৬ কি: মি: দুৰত এই উমাটুমনি বা উমাবন অৱস্থিত।
-
ফেজেণ্ট দ্বীপ
ফেজেণ্ট দ্বীপ (Pheasant Island) হ'ল বিডাছ'য়া নদীত অৱস্থিত এটা জনবসতিহীন দ্বীপ। ই ফ্ৰান্স আৰু স্পেইনৰ সীমান্তৰ মাজত অৱস্থিত আৰু ইয়াৰ শাসন ব্যৱস্থা দুয়োখন দেশৰ মাজত পৰ্যায়ক্ৰমে পৰিৱতিত হয়।