ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Eastern Senior Secondary School) নাৰায়ণপুৰত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ২০১৯ চনত স্থাপিত হৈছিল। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৪০জন শিক্ষক-শিক্ষয়িত্ৰী আৰু পাঁচশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। ইয়াৰে শিক্ষাৰ মাধ্যম হৈছে অসমীয়া ভাষা। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।
ইতিহাস
ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ লখিমপুৰ জিলাৰ অন্তৰ্গত নাৰায়ণপুৰ অঞ্চলৰ কেইজনমান উদ্যমী ব্যক্তি পংকজ হাজৰিকা,ঋতুপৰ্ণ হাজৰিকা,কৌশিক নেওগ,ৰাজৰত্ন শইকীয়া আৰু বিনোগ গগৈৰ সহযোগত ইষ্টাৰ্ণ চায়েন্স একাডেমী নামেৰে এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰা হয় কিন্তু পৰৱৰ্তী সময়ত বিদ্যালয়খনক ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয় নামেৰে পুনৰ নামাকৰণ কৰা হয়। ২০১৯ চনৰ ৫ জুন তাৰিখে প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খনত প্ৰথম অৱস্থাত মাথো বিজ্ঞান শাখা আছিল যদিও বৰ্তমান সময়ত ষষ্ঠ শ্ৰেণীৰপৰা উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান আৰু কলা শাখালৈকে উপলব্ধ আছে। বিদ্যালয়খনে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ স্বৰ্ণলতা বৰাই অধ্যক্ষৰ আসন গ্ৰহণ কৰে। বৰ্তমান বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ বৰাকে প্ৰমুখ্য কৰি সৰ্বমুঠ ৪০গৰাকী শিক্ষক আৰু কৰ্মচাৰীকে আদি কৰি ৫০০ৰো অধিক ছাত্ৰ ছাত্ৰী বিদ্যালয়খনত আছে। প্ৰথম অৱস্থাত বিদ্যালয়খন ৬টা সৰু ঘৰৰ মাজতে আবদ্ধ আছিল যদিও বৰ্তমান সময়ত বিদ্যালয়খন সেই ঠাইৰপৰা আনি মাধৱদেৱ কলাক্ষেত্ৰৰ সমীপত তিনিমহলীয়া RCC ঘৰ নিৰ্মাণ কৰা হয়।
শিক্ষা ব্যৱস্থা
বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা উন্নত। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যথেষ্ট ভাল ফলাফল লাভ কৰিছে। ২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুজন ছাত্ৰই ৯৫% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
ছাত্ৰ-ছাত্ৰী
বৰ্তমান বিদ্যালয়খনত প্ৰায় ৫০০ৰো গৰাকী ছাত্ৰ-ছাত্ৰী আছে। ২০১৯ চনত এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ২৫জন আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ হওঁতে ছাত্ৰ-ছাত্ৰী আছিল ৪৯জন আৰু বৰ্তমান বিদ্যালয়খনত প্ৰায় পাঁচশৰো অধিক ছাত্ৰ ছাত্ৰী আছে।
আন্ত: গাঁথনি
বৰ্তমান বিদ্যালয়খন তিনিমহলীয়া RCC ঘৰৰ আৰ্হিত নিৰ্মিত, প্ৰথম অৱস্থাত অসম আৰ্হিৰ ঘৰ আছিল। বিদ্যালয়ত সৰ্বমুঠ ১৪টা শ্ৰেণীকোঠা, শিক্ষককোঠা ১টা, কাৰ্যালয় ২টা, অধ্যক্ষ কোঠা ১টা, পদাৰ্থবিজ্ঞান আৰু ৰসায়নবিজ্ঞানৰ বাবে বিজ্ঞানাগাৰ আছে।
প্ৰধান শিক্ষকসকল
- ৺স্বৰ্ণলতা বৰা
- প্ৰণৱ বৰা
সা-সুবিধাসমূহ
বিদ্যালয়খনত এটা পুথিভঁৰাল, বিজ্ঞানাগাৰ, ছাত্ৰ-ছাত্ৰীৰ বাবে শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ, শিক্ষকসকলৰ বাবে আছুতীয়া কক্ষ, ছাত্ৰ-ছাত্ৰীৰ বাবে উন্নত মানদণ্ডৰ বেন্স-ডেস্ক, প্ৰতিটো কক্ষত AC ৰ ব্যৱস্থা আৰু উন্নত মানৰ ব্লেক বৰ্ড আৰু ৱাইট বৰ্ডৰ ব্যৱস্থা, উন্নত মানদণ্ডৰ পানীৰ যোগান, পাকঘৰ, বিজ্ঞনাগাৰৰ সুবিধা।
তথ্য সংগ্ৰহ
- g.co/kgs/v9eXkd5
- www.facebook.com/share/15BB3SAWiB/
- শইকীয়া, স্মৃতি (শি:) ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইষ্টাৰ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৬৬২০৪ (২৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।