ভাৰতীয় চাহ সন্থা (আই টি এ) ভাৰতীয় চাহ উৎপাদকসকলৰ এক বাণিজ্যিক সংস্থা। মুখ্য কাৰ্যালয় কলিকতা (কলকাতা)ত।
ইতিহাস
১৮৮১ চনত ব্ৰিটিছ ভাৰতৰ চাহ ৰোপণকাৰীসকলৰ স্বাৰ্থ ৰক্ষা আৰু ভাৰতীয় চাহ খোৱাৰ প্ৰচাৰৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল আই টি এ। ইয়াৰ মুখ্য কাৰ্যালয় লণ্ডনত আছিল, আৰু সমগ্ৰ ভাৰততে ইয়াৰ শাখা আছিল। কফি আৰু চাহ ৰোপণকাৰীসকলৰ স্বাৰ্থক প্ৰতিনিধিত্ব কৰিবলৈ ১৮৫৪ চনৰপৰা চিলনৰ প্লাণ্টাৰছ এছ’চিয়েশ্যনে কাম কৰি আহিছিল।১
আই টি এয়ে বাগিছালৈ শ্ৰমিক নিযুক্তিৰ বাবে নিয়ম স্থাপন কৰিছিল আৰু বিংশ শতিকাৰ আৰম্ভণিতে শ্ৰমিকৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰিছিল।
ঔপনিৱেশিক ইতিহাস
১৮৮১ চনত লণ্ডনত গঠন হোৱা আই টি এৰ শাখা কলিকতা আৰু অসমত। থমাছ ডগলাছ ফৰচাইট আৰু হেনৰী হপকিনছন আছিল ক্ৰমে ইয়াৰ প্ৰথম অধ্যক্ষ আৰু উপ-সভাপতি। ইয়াৰ ভিতৰত আছিল ৰোপণকাৰী, চাহ কোম্পানীৰ প্ৰতিনিধি, বেংকাৰ, ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ প্ৰাক্তন সেনা বিষয়া। ১৯০১ চনত যেতিয়া অসমৰ মুখ্য আয়ুক্ত হেনৰী কটনে বাগিছা শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পৰামৰ্শ দিছিল তেতিয়া আই টি এয়ে তেওঁৰ বিৰুদ্ধে এংলো-ইণ্ডিয়ান প্ৰেছত তীব্ৰ অভিযান আৰম্ভ কৰিছিল আৰু তেওঁৰ বাবে অসুবিধাৰ সৃষ্টি কৰিবলৈ তেওঁৰ উৰ্ধতন বিষয়াসকলক লবী কৰিছিল। ২
তিনি দশকৰ ভিতৰতে ই এটা গুৰুত্বপূৰ্ণ ইউৰোপীয় চাপ গোটত পৰিণত হয়, চাহবাগিছা আৰু সাধাৰণতে অসম প্ৰদেশক প্ৰভাবিত কৰা চৰকাৰী নীতিক প্ৰভাবিত কৰে। মৰ্লি-মিণ্টো সংস্কাৰৰ পিছত আই টি এয়ে অসমৰ বিধান পৰিষদত চাহৰ স্বাৰ্থৰ বাবে দুখন আসন লাভ কৰাত সফল হয়। ১৯১২ চনত পৰিষদৰ এঘাৰখন নিৰ্বাচিত আসনৰ ভিতৰত তিনিখন আসন চাহ উদ্যোগৰ হাতত আছিল। তাৰ পিছত প্ৰাদেশিক চৰকাৰ গঠন আৰু পতনত তেওঁলোকে মূল ভূমিকা পালন কৰে। ৩ ১৯৩২ চনৰ চাহ জিলা প্ৰব্ৰজিত শ্ৰমিক আইন XXII গৃহীত কৰাৰ পূৰ্বে ভাৰতৰ ঔপনিৱেশিক চৰকাৰে খচৰা বিধেয়কখনৰ প্ৰতিলিপি আই টি এলৈ প্ৰেৰণ কৰি মতামত বিচাৰিছিল। চৰকাৰী বিষয়া আৰু বাগিছাৰ মালিকৰ প্ৰতিনিধিৰ মাজত কেইবাবাৰো বৈঠকৰ অন্তত পৰামৰ্শ দিয়া সংশোধনীসমূহ বিধেয়কখনত অন্তৰ্ভুক্ত কৰা হয়। ৪
মুহম্মাদ ছাদুলাৰ প্ৰতি আই টি এৰ সমৰ্থনে তেওঁৰ মিত্ৰজোঁটক ১৯৩৭ চনত প্ৰধানমন্ত্ৰী হিচাপে প্ৰাদেশিক চৰকাৰ গঠন কৰাত সহায় কৰিছিল। চাহ উদ্যোগক প্ৰত্যক্ষভাৱে প্ৰভাবিত কৰিব পৰা আইন প্ৰণয়ন নকৰে বুলি তেওঁ আশ্বাস দিয়ে। ইয়াৰ উপৰি তেওঁৰ শ্ৰম মন্ত্ৰী আব্দুল মতীন চৌধুৰীয়ে আইটিএৰপক্ষ লৈ কোনো আইন প্ৰণয়নে লাভৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি নকৰে বুলি নিশ্চয়তা প্ৰদান কৰে। ৫
গৱেষণা
১৯১১ চনত আই টি এয়ে অসমৰ যোৰহাটত টকলাই পৰীক্ষামূলক কেন্দ্ৰ স্থাপন কৰে। প্ৰথম অৱস্থাত ইয়াৰ বিজ্ঞানীসকলে খেতি আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে ক্ষেত্ৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ১৯২০ চনত যেতিয়া জাভা আৰু সুমাট্ৰাৰ ডাচ উপনিৱেশৰ চাহ ইউৰোপৰ বজাৰত প্ৰৱেশ কৰিছিল, তেতিয়া প্ৰতিষ্ঠানটোৱেও নিজকে পৃথক কৰিবলৈ গুণগত মানৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল। এই নতুন উদ্যোগব্যাপী গুৰুত্ব দি প্ৰতিষ্ঠানটোৰ ৰসায়নবিদ আৰু বতৰ বিজ্ঞানী চি.আৰ.হাৰ্লাৰে চাহৰ বৈশিষ্ট্য বৰ্ণনা কৰিবলৈ এটা মানক পৰিভাষা প্ৰস্তাৱ কৰিছিল। ৬
গ্ৰন্থতালিকা
- Behal, Rana P. (2014). One Hundred Years of Solitude: Political Economy of Tea Plantations in Colonial Assam. Tulika Books
- Besky, Sarah. (2021). Teawords: Experiments with Quality in Indian Tea Production. American Anthropologist. পৃ. 96-107
- Ramamurthy, Anandi. (2003). Imperial Persuaders: Images of Africa and Asia in British Advertising. Manchester University Press
অধিক পঢ়ক
- Social perspective of labour legislation in India 1859–1932: As applied to tea plantations (1987) by Ramkrishna Chattopadhyay
- The early history of the Tea industry in North-East India (1918) by Harold Mann
- The Tea industry in India:A Review of Finance and Labour, and a guide for Capitalists and Assistants (1882) by Samuel Baildon
- Tea Planter's Life in Assam (1884) by George Barker
- The Recollections of a Tea Planter (1937) by W M Fraser
- Indian Tea Association
- ITA to promote Tea
- ABITA implements Social Welfare schemes in Assam with UNICEF
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান টি এচ'ছিয়েছন” প্ৰবন্ধৰ সংশোধন ৫৯৯৬৩৬ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।