ইকুমি য়োছিমাটছু (吉松 育美; জন্ম: ২১ জুন, ১৯৮৭ চন) এগৰাকী জাপানী ভাষা অভিনেত্ৰী, শিল্পী, লেখিকা, বক্তা, সমাজকৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগী। তেওঁ অকিনাৱাত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল ২০১২ প্ৰতিযোগিতাত বিজয়ী হয়।১ ই প্ৰতিযোগিতাৰ ৫২বছৰীয়া ইতিহাসত জাপানৰ প্ৰথম মিছ ইণ্টাৰনেচনেল বিজয়।২৩৪৫
২০১৪ চনত ঐতিহাসিক কমফৰ্ট ৱুমেন বিষয়ত ৰাজহুৱা সমৰ্থন জনোৱাৰ বাবেই জাপানৰ ৰাষ্ট্ৰবাদী আৰু সোঁপন্থী দল-গোটসমূহে তেওঁৰ ওপৰত ভয়-ভীতি প্ৰদৰ্শন, অপমান আৰু সমালোচনা কৰিছিল। মহিলাৰ অধিকাৰ-সংক্ৰান্ত দাবীসমূহ উত্থাপনত তেওঁ এগৰাকী নিৰ্ভীক আৰু স্পষ্ট কণ্ঠস্বৰৰ নেত্ৰী হিচাপে পৰিচিত।৬
য়োছিমাটছুৱে জাপানত নাৰী সুৰক্ষাৰ উদ্দেশ্যেৰে “STALKER-ZERO” নামৰ অভিযান আৰম্ভ কৰে। ব্যক্তিগত অভিজ্ঞতা আন্তৰ্জাতিক সংবাদ-মাধ্যমৰ সংবাদ-মেলত ৰাজহুৱাভাৱে প্ৰকাশ কৰা প্ৰথম উচ্চ-প্ৰফাইল মহিলা হিচাপে তেওঁ জনাজাত।
তেওঁ টেড টকছৰ বক্তা হিচাপেও অংশ লৈছিল, য’ত জাপানত মহিলাৰ সুৰক্ষাৰ বাবে অধিক শক্তিশালী আইনৰ প্ৰয়োজনীয়তা উপস্থাপন কৰিছিল।৭
২০১৫ চনত ইকুমিয়ে Global Student Diplomacy Network (GSDN) স্থাপন কৰে, যাৰ জৰিয়তে বিভিন্ন দেশৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহক Skype-ৰ জৰিয়তে সাংস্কৃতিক বিনিময়ৰ বাবে সংযুক্ত কৰা হয়। প্ৰথম বিনিময় কাৰ্যক্ৰমত বিশেষ অতিথি হিচাপে অংশ লৈছিল পীটাৰ ইয়াৰো আৰু ছাগা প্ৰিফেকচাৰৰ গভৰ্ণৰ ইয়াছুশি ফুৰুকাৱাই।৮
তেওঁ টোকিঅ'স্থিত ইউনিভাৰ্ছিটি অৱ দ্য ছেক্ৰেড হাৰ্টৰপৰা শিক্ষকতাৰ শিক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষা বিষয়ত ডিগ্ৰী অৰ্জন কৰিছিল।
ইকুমি HBO-ৰ ধাৰাবাহিক Westworld-ৰ তিনিটা খণ্ডত অভিনেত্ৰী আৰু তাও অকামোটোৰ stunt double হিচাপেও অংশগ্ৰহণ কৰিছে।৯ তেওঁ মাইকেল বেইৰ নেটফ্লিক্স চলচ্চিত্ৰ ছিক্স আণ্ডাৰগ্ৰাউণ্ডতো অভিনয় কৰিছে।১০ ইকুমি LightStinger নামৰ আন্তৰ্জাতিক এক্সন-থ্ৰিলাৰ ধাৰাবাহিকৰ ১০টা খণ্ডত মুখ্য ভূমিকাত অভিনয়ৰ বাবে নিৰ্বাচিত হৈছে আৰু বৰ্তমান শুটিং কৰি আছে।১১ ইকুমি নিকো ছাণ্টুচ্চিৰ Sarogeto চলচ্চিত্ৰত মুখ্য অভিনেত্ৰী হিচাপেও অভিনয় কৰিছে, য’ত তেওঁৰ সৈতে উইনচৰ হাৰ্মন আৰু এৰিক ৰবাৰ্টছে অংশগ্ৰহণ কৰিছে।১২
ইকুমি য়োছিমাটছুয়ে চিত্ৰ আৰু অৰ্জিত খ্যাতিক স্ব-উন্নয়ন, সামাজিক দায়িত্ববোধ আৰু সচেতনতা-অভিযানত জড়িত কৰাৰ পক্ষে সদায় সোচ্চাৰ। তেওঁ নিজৰ অভিজ্ঞতাৰপৰা জাপানৰ বিনোদন-জগতৰ অন্তৰ্নিহিত সমস্যা, বিশেষকৈ ক্ষমতা-দুৰ্ব্যৱহাৰ, শিল্পী-সংস্থাসমূহৰ আধিপত্য আৰু নাৰী-বৈষম্যৰ বিষয়ে বহু আন্তৰ্জাতিক মঞ্চত বক্তব্য দিছে।১৩ তেওঁ "Stalker Zero" নামৰ অনলাইন অভিযান আৰম্ভ কৰি জাপানত নাৰী-সুৰক্ষা আৰু হয়ৰানি-বিৰোধী আইনী সংস্কাৰৰ দাবী কৰিলে, য’ত ২০১৪ চনত ১ লক্ষাধিক লোক সই আগবঢ়াইছিল।১৪ এই অভিযানে তৎকালীন জাপানৰ প্ৰথম লেডী ইনিই আবেৰো মনোযোগ আকৰ্ষণ কৰিছিল, আৰু ই নীতি-সংস্কাৰ সম্পৰ্কে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা আৰম্ভ কৰিবলৈ সহায়ক হৈছিল।১৫
বহিঃসংযোগ
- ইংৰাজী বিকিপিডিয়া প্ৰবন্ধ
- Miss International – Official Site
তথ্যসূত্ৰ
- ↑ Desai, Purva. (22 October 2012). JAPAN WALKS AWAY WITH MISS INTERNATIONAL 2012 TITLE!. The Times of India
- ↑ ADELSTEIN, JAKE. (11 December 2013). Celebrity stands up to talent agency 'stalker'. japantimes.co.jp
- ↑ (16 December 2013). Beauty queen Ikumi Yoshimatsu alleges her life was threatened over refusal to sign with talent agency. news.com.au
- ↑ ADELSTEIN, JAKE. (25 December 2013). First lady scrutinizes blackballing of beauty queen. japantimes.co.jp
- ↑ Adelstein, Jake. (18 December 2013). Japan's Miss International Takes on Mob-Backed Entertainment Complex. thedailybeast.com
- ↑ (2014-04-18). Japan's Former Miss International Called 'Traitor'. The Diplomat
- ↑ TED Talks
- ↑ GSDN
- ↑ Westworld
- ↑ 6 Underground
- ↑ LightStinger
- ↑ Sarogeto
- ↑ (23 February 2014). Ikumi Yoshimatsu Speaks Out Against a Campaign of Harassment. Tokyo Weekender
- ↑ Stalker Zero – End the Japanese Culture of Silence Toward Crimes Against Women. Change.org
- ↑ AASM. (2014). Using Social Media To Resist Corruption: The “Stalker-Zero” Campaign Led By Ikumi Yoshimatsu. Proceedings of the 2014 ISM Conference. পৃ. 2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইকুমি য়োছিমাটছু” প্ৰবন্ধৰ সংশোধন ৫৯৮১৭০ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।