কাচুমি আৰিমুৰা (ইংৰাজী ভাষা: Kasumi Arimura; জন্ম: ১৩ ফেব্ৰুৱাৰী, ১৯৯৩) এগৰাকী জাপানী ভাষা অভিনেত্ৰী।১২ তেওঁৰ টেলিভিছন কেৰিয়াৰৰ উল্লেখযোগ্য চৰিত্ৰসমূহৰ ভিতৰত আছে ২০১৩ চনৰ এনএইচকেৰ আছাদোৰা ধাৰাবাহিক আমাচানৰ কিশোৰী হাৰুকো আমানো আৰু ২০১৭ চনৰ আছাদোৰা ধাৰাবাহিক হিয়োক্কোৰ মুখ্য চৰিত্ৰ। ইয়াৰ উপৰি তেওঁ কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে, যাৰ ভিতৰত ফ্লাইং কালাৰ্ছ ছবিৰ বাবে তেওঁ ৩৯সংখ্যক জাপান একাডেমী ফিল্ম প্ৰাইজৰ বৰ্ষটোৰ নৱাগত বঁটা লাভ কৰে আৰু উই মেড এ বিউটিফুল বুকে ছবিৰ বাবে ৪৫সংখ্যক জাপান একাডেমী ফিল্ম প্ৰাইজৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
আৰিমুৰাৰ জন্ম হৈছিল ১৯৯৩ চনৰ ১৩ ফেব্ৰুৱাৰীত জাপানৰ হিয়োগো প্ৰেফেকচাৰৰ ইটামি চহৰত।৩১ তেওঁৰ এগৰাকী জ্যেষ্ঠ ভগ্নী আইৰি আৰিমুৰা আছে, যি এগৰাকী মডেলৰপৰা অভিনেত্ৰী হৈছে।৪
কৰ্মজীৱন
২০০৯ চনৰ ডিচেম্বৰ মাহত হিয়োগো প্ৰিফেকচাৰেল ইটামি নিশি হাইস্কুলত পঢ়ি থকা সময়তে আৰিমুৰাই ফ্লেমৰ বাবে অডিচন দি উত্তীৰ্ণ হয়। ২০১০ চনৰ মে' মাহত তেওঁ হাগানে নো অননা ধাৰাবাহিকৰ জৰিয়তে প্ৰথমবাৰৰ বাবে পৰ্দাত দেখা দিয়ে। ২০১৩ চনত আছাদোৰা ধাৰাবাহিক আমাচানত অভিনয় কৰি আৰিমুৰাই ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰে।৫ ইয়াৰ পিছত আৰিমুৰাই সমালোচকৰদ্বাৰা প্ৰশংসিত ছবি ফ্লাইং কালাৰ্ছত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰে। এই ছবিখনত তেওঁ এগৰাকী সমস্যাগ্ৰস্ত কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে বিশ্ববিদ্যালয়ত ভৰ্তি হোৱাৰ বাবে মাকৰ নিৰ্দেশত এখন ক্ৰেম স্কুলত নাম ভৰ্তি কৰে। ছবিখনে বক্স অফিচত অভূতপূৰ্ব সফলতা লাভ কৰে আৰু ২০১৫ চনত জাপানৰ অষ্টম সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।৬ এই ছবিখনৰ বাবে আৰিমুৰাই ৩৯সংখ্যক জাপান একাডেমী ফিল্ম প্ৰাইজত শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী আৰু বৰ্ষটোৰ নৱাগত বঁটা — দুয়োটা বিভাগতে মনোনয়ন লাভ কৰে আৰু বৰ্ষটোৰ নৱাগত বঁটা লাভ কৰে।
২০১৭ চনত আৰিমুৰাক আছাদোৰা ধাৰাবাহিক হিয়োক্কোৰ মুখ্য অভিনেত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। এই ধাৰাবাহিকখনৰ বাবে তেওঁ ৯৪সংখ্যক টেলিভিছন ড্ৰামা একাডেমী এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।৭ ইয়াৰ পিছত তেওঁ বহুতো সমালোচকৰদ্বাৰা প্ৰশংসিত টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰিছে, যেনে মিট মি আফটাৰ স্কুল, আই এম এ হিৰো, কেফে ফুনিকুলী ফুনিকুলা আৰু ছেকিকাহাৰা। ছেকিকাহাৰা ছবিত আৰিমুৰাই হাত্ছুমে নামৰ এগৰাকী নিনজাৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনে ৪১সংখ্যক জাপান একাডেমী ফিল্ম প্ৰাইজত বৰ্ষটোৰ শ্ৰেষ্ঠ ছবিৰ মনোনয়ন লাভ কৰিছিল।
আৰিমুৰাই কিছু বিতৰ্কিত বিষয়ৰ কামতো অভিনয় কৰিছে। মিট মি আফটাৰ স্কুল ধাৰাবাহিকত তেওঁ এগৰাকী যুৱ শিক্ষয়িত্ৰীৰ প্ৰত্যাহ্বানমূলক চৰিত্ৰত অভিনয় কৰিছিল যিয়ে তেওঁৰ ১৫বছৰীয়া ছাত্ৰজনৰ প্ৰেমত পৰে। ধাৰাবাহিকখনে ৯৯সংখ্যক জাপান টেলিভিছন ড্ৰামা একাডেমী এৱাৰ্ডছত শ্ৰেষ্ঠ ধাৰাবাহিকৰ সন্মান লাভ কৰিছিল।৮
২০২১ বৰ্ষটো আৰিমুৰাৰ বাবে অতি সফল বৰ্ষ হিচাপে প্ৰমাণিত হয়। তেওঁ অভিনয় কৰা উই মেড এ বিউটিফুল বুকে নামৰ ছবিখন ২০২১ চনত জাপানৰ অষ্টম সৰ্বাধিক উপাৰ্জনকাৰী ছবি আছিল।৯ এই ছবিখনৰ বাবে তেওঁ ৪৫সংখ্যক জাপান একাডেমী ফিল্ম প্ৰাইজত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।১০ লগতে তেওঁ ব্লকবাষ্টাৰ ছবি ৰুৰোনি কেনশিন: দ্য ফাইনেল আৰু ৰুৰোনি কেনশিন: দ্য বিগিনিংত অভিনয় কৰিছিল। এই ছবি দুখনে জাপানত ৬.৫ বিলিয়ন য়েনতকৈও অধিক উপাৰ্জন কৰিছিল। আৰিমুৰাই ইয়াত হিমুৰা কেনশিনৰ পত্নী যুকিশিৰো টমোৱেৰ চৰিত্ৰত অভিনয় কৰিছিল।৯
টেলিভিছন ধাৰাবাহিকৰ দিশত আৰিমুৰাই ২০২১ চনত লাইফ'ছ পাঞ্চলাইনত (কোণ্টো গা হাজিমাৰু) অভিনয় কৰে। এই ধাৰাবাহিকখনৰ বাবে তেওঁ ১০৮সংখ্যক টেলিভিছন ড্ৰামা একাডেমী এৱাৰ্ডছত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰে।১১
২০২২ চনত আৰিমুৰাই জেণকামোনো, এডভেঞ্চাৰ অৱ কমাণ্ডাণ্টে কেপেলিনি আৰু ইশিকো এণ্ড হানেঅ' আদি ধাৰাবাহিকত অভিনয় কৰে। একে বছৰৰে ডিচেম্বৰ মাহত তেওঁৰ ছবি ফেজেছ অৱ দ্য মুন মুক্তি পায়।১২ ২০২৩ চনত তেওঁ এনএইচকেৰ টাইগা ধাৰাবাহিক ৱাট উইল ইউ ডু, য়েয়াছু? আৰু নেটফ্লিক্সৰ ছবি কল মি চিহিৰোত অভিনয় কৰে। ২০২৪ চনৰ জুলাই মাহত তেওঁ হোৱেৰ ডাজ দ্য চি বিগিন ধাৰাবাহিকত অভিনয় কৰে।১৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Kasumi Arimura FLaMme Official Website. FLaMme
- ↑ Kasumi Arimura. oricon ME inc
- ↑ (2013-05-24). 【新春ガールズ】有村架純、目標は戸田恵梨香 - 芸能 - SANSPO.COM. archive.is
- ↑ (May 29, 2022). 有村藍里"架純の姉"バレて世間から猛バッシング 引退よぎるも…本名での活動決意させた妹の助言. Sponichi Annex
- ↑ (19 April 2021). 【バイプレイヤーズ百名鑑】有村架純「バイプレイヤーズの皆々様のお顔を見ると、心が洗われました」. Crank-in!
- ↑ MOVIES WITH BOX OFFICE GROSS RECEIPTS EXCEEDING 1 BILLION YEN. Crank-in!
- ↑ 第94回ドラマアカデミー賞. thetv.j0
- ↑ 第99回ドラマアカデミー賞. thetv.jp
- ↑ MOVIES WITH BOX OFFICE GROSS RECEIPTS EXCEEDING 1 BILLION YEN. Crank-in!
- ↑ Oscar-Contender 'Drive My Car' Wins Eight Japan Academy Prizes
- ↑ 第108回ドラマアカデミー賞. thetv.jp
- ↑ (4 July 2023). Phases of the Moon movie review:Japanese reincarnation drama is an unabashedly romantic tear-jerker
- ↑ (1 July 2024). Fujii Television - Where does the sea begin
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাচুমি আৰিমুৰা” প্ৰবন্ধৰ সংশোধন ৫৯৮২৪৭ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।